W7s news,,আজাৰা, ২৪ নৱেম্বৰ, ২০২৪: প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক বিশ্বাসযোগ্য নাম কেম্ব্ৰিজ মণ্টেছৰী প্ৰিস্কুলে পৰম উৎসাহেৰে নিজৰ এটি নতুন শাখা অলপতে আজাৰাৰ কাহিকুছিৰ কলিতাপাৰাত মুকলি কৰাৰ কথা ঘোষণা কৰে। ১ৰ পৰা ৬বছৰ বয়সৰ শিশুসকলক বিশ্বস্তৰীয় শিক্ষণ পৰিৱেশ প্ৰদান কৰাৰ উদ্দেশ্যে ২৫০০ বৰ্গফুট এলেকা সামৰি এই শিক্ষানুষ্ঠানটো গঢ়ি তোলা হৈছে। এই পদক্ষেপে আজাৰাত এক অত্যাধুনিক প্ৰাথমিক শিক্ষা প্ৰতিষ্ঠানৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব বুলি আশা কৰা হৈছে। শিশু মনৰ বিকাশৰ বাবে এক নিৰ্ভৰযোগ্য স্থান প্ৰতিষ্ঠাৰ জৰিয়তে অঞ্চলটোৰ শিশুসকলৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ সমান্তৰালকৈ স্থানীয় সম্প্ৰদায়ক শক্তিশালী কৰি তুলিবলৈ প্ৰাক-বিদ্যালয়খনে লক্ষ্য নিৰ্ধাৰণ কৰিছে।
কেমব্ৰিজ মণ্টেছৰী প্ৰিস্কুল আজাৰাই এক অনন্য আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰশংসিত পাঠ্যক্ৰমৰ জৰিয়তে শিশুসকলক শিক্ষণৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে নিজকে সমৰ্পিত কৰি আহিছে। এক আকৰ্ষণীয় তথা শিশু-কেন্দ্ৰিক পৰিৱেশৰ অন্বেষণ, সৃজনশীলতা আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ ওপৰত বিদ্যালয়খনে গুৰুত্ব আৰোপ কৰে। উচ্চ প্ৰশিক্ষিত শিক্ষক আৰু অত্যাধুনিক সা-সুবিধাৰে সজ্জিত এটি দলৰ সৈতে, প্ৰাক-বিদ্যালয়খনে প্ৰতিগৰাকী শিশুক তেওঁলোকৰ অন্তৰ্নিহিত সম্ভাৱনা আৰু দক্ষতাসমূহ প্ৰকাশ কৰাৰ বাবে এখন উপযোগী মঞ্চ প্ৰদান কৰিবলৈ চেষ্টা কৰে।
এই পদক্ষেপ সম্পৰ্কে কেমব্ৰিজ মণ্টেছৰী প্ৰিস্কুল আজাৰাৰ সঞ্চালিকা তথা অধ্যক্ষা শ্ৰীমতী নিহা গগৈয়ে কয়, "কেমব্ৰিজ মণ্টেছৰী প্ৰিস্কুল আজাৰাত আমি এনে এক পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছোঁ য'ত প্ৰতিটো শিশুৱে আত্মবিশ্বাসেৰে অন্বেষণ কৰিবলৈ, শিকিবলৈ আৰু নিজকে উচিতভাৱে বিকশিত কৰিবলৈ উপযুক্ত হৈ উঠিব পাৰে। এই পদক্ষেপ হৈছে সমাজৰ প্ৰতি আমাৰ এক আন্তৰিক অৱদান, যাতে আজাৰা আৰু নিকটৱৰ্তী অঞ্চলৰ শিশুসকলে মানসম্পন্ন প্ৰাৰম্ভিক শিক্ষা লাভ কৰি এক উজ্জ্বল আৰু অধিক আশাব্যঞ্জক ভৱিষ্যতৰ ভেঁটি স্থাপন কৰিবলৈ নিজকে সক্ষম কৰি তুলিব পাৰে।"
বিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ বাবে এক বিস্তৃত পৰিকাঠামো প্ৰস্তুত কৰি তুলিছে। সজীৱ আৰু সুৰক্ষিত শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি খেলপথাৰলৈকে, শিশুসকলৰ বাবে এক আদৰণীয় আৰু প্ৰেৰণাদায়ক স্থান হিচাপে কেম্পাছটো গঢ়ি তোলা হৈছে।
অভিভাৱকসকলৰ উদ্বিগ্নতাৰ এক প্ৰধান কাৰক হিচাপে পৰিগণিত হোৱা স্বাস্থ্য আৰু সুৰক্ষাক শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰি বিদ্যালয়খনে শিশুসকলৰ ক্ষেত্ৰত নিয়মীয়া স্বাস্থ্য পৰীক্ষা, চিচিটিভি নিৰীক্ষণৰ সমান্তৰালকৈ কঠোৰ পৰিচ্ছন্নতামূলক মানদণ্ড পালন কৰে। তাৰোপৰি, প্ৰযুক্তিৰ একত্ৰীকৰণেৰে বিদ্যালয়খনে এপ্ভিত্তিক মাধ্যমৰ জৰিয়তে অভিভাৱক আৰু শিক্ষকসকলৰ সৈতে বিভিন্ন কাৰ্যকলাপ সম্পৰ্কে ভাৱ-বিনিময় তথা আলাপ-আলোচনা সম্পাদিত কৰে, যাৰ ফলত অভিভাৱক আৰু শিক্ষকসকলৰ মাজত নিৰৱচ্ছিন্ন যোগাযোগ সম্ভৱ হয়।
কেমব্ৰিজ মণ্টেছৰী প্ৰিস্কুলৰ শুভাৰম্ভণিয়ে সামাজিক উন্নয়নৰ ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। মানসম্পন্ন প্ৰাৰম্ভিক শিক্ষাৰ প্ৰৱেশাধিকাৰ সৃষ্টি কৰি, প্ৰাক-বিদ্যালয়খনে কেৱল শিক্ষাৰ্থীসকলৰ ভৱিষ্যতেই নহয়, বৰঞ্চ অঞ্চলটোৰ সামগ্ৰিক উৎকৰ্ষ আৰু বিকাশতো অৰিহণা যোগাইছে। সমাজখনক উপযোগী শিক্ষণ অভিজ্ঞতাৰে পৰিপুষ্ট কৰি তোলাৰ লগতে ইয়াৰ কনিষ্ঠতম সদস্যসকলক উচিত বিকাশৰ সুযোগ দিয়াৰ এক গভীৰ গৌৰৱবোধৰ পৰাই এই পদক্ষেপটো অংকুৰিত হোৱা বুলি শ্ৰীমতী গগৈয়ে উল্লেখ কৰে।
ভাৰতৰ অন্যতম আগশাৰীৰ প্ৰিস্কুল হিচাপে ধাৰাবাহিকভাৱে স্বীকৃতিপ্ৰাপ্ত কেম্ব্ৰিজ মণ্টেছৰী প্ৰিস্কুলে “ভাৰত ২০২৩ চনৰ শ্ৰেষ্ঠ প্ৰিস্কুল ফ্ৰেঞ্চাইজি”আৰু “বছৰটোৰ আটাইতকৈ বিশ্বাসযোগ্য শিক্ষানুষ্ঠান ২০১৯”ৰ দৰে বঁটা সন্মানীয় লাভ কৰিছে। উৎকৃষ্টতাৰ প্ৰতি সমৰ্পিত এই প্ৰতিষ্ঠানটোৱে নিজৰ উদ্ভাৱনীমূলক পাঠদান পদ্ধতি আৰু শিশু মনৰ উচিত যত্নৰ প্ৰতি দেখুৱাই অহা অতুলনীয় দায়বদ্ধতাৰ জৰিয়তে শিশু উপযোগী প্ৰাথমিক শিক্ষাৰ সংজ্ঞাক পুনৰ্নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে।কেমব্ৰিজ মণ্টেছৰী প্ৰিস্কুল আজাৰাই অভিভাৱকসকলক এক পৰিৱৰ্তনশীল যাত্ৰাৰ অভিজ্ঞতা ল'বলৈ আৰু গুণগত শিক্ষাৰ জৰিয়তে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমন্ত্ৰণ জনাইছে। নামভৰ্তি আৰু অনুসন্ধানৰ বাবে আগ্ৰহীসকলক ৬০০৩৮০১৫০৭ বা ৯৭০৬১২৮০৮৫ নম্বৰত যোগাযোগ কৰিবলৈ অথবা কলিতাপাৰা, কাহিকুছি, আজাৰা, গুৱাহাটী – ৭৮১০১৭, কাহিকুছি এল পি স্কুলৰ সমীপত অৱস্থিত কেম্পাছলৈ যাবলৈ অনুৰোধ কৰা হৈছে।
No comments:
Post a Comment