W7s news,,,গুৱাহাটী, অসম: মহিলা আৰু যুৱসমাজৰ সবলীকৰণৰ লক্ষ্যৰে ১২ দিনীয়া এক ঐতিহাসিক অনুষ্ঠান হিচাপে আয়োজন কৰা হৈছে ক্ৰীড এক্সপ’- ২০২৪। কমিউনিটি ফৰ ৰিচা’ৰ্চ এলেভেচন এণ্ড ইফেক্টিভ ডেভেলপমেণ্ট (ক্ৰীড)ৰ উদ্যোগত অহা ২৯ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰ, ২০২৪ লৈকে গুৱাহাটীৰ দীঘলীপুখুৰীৰ সন্মুখস্থিত লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী। এই এক্সপ’ত উত্তৰ-পূব ভাৰতৰ বৈচিত্ৰ্যময় প্ৰতিভা আৰু সৃষ্টিশীল পদক্ষেপসমূহ প্ৰদৰ্শনৰ জৰিয়তে মহিলা আৰু যুৱসমাজৰ বাবে এক অনন্য মঞ্চৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ শিল্পী, উদ্যোগী, কৃষক, উৎপাদক আৰু ষ্টাৰ্টআপে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব। ইয়াত হস্তশিল্প, হস্ততাঁত, খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু কৃষিভিত্তিক সামগ্ৰীৰ দৰে বিভিন্ন খণ্ডক প্ৰতিনিধিত্ব কৰা হ’ব। ইয়াৰ উপৰিও, আফগানিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ভূটানৰ উদ্যোগীসকলেও এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। এই অংশগ্ৰহণে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ লগতে উত্তৰ-পূব ভাৰতীয় উদ্যোগীসকলৰ বাবে এখন গোলকীয় মঞ্চ প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে।উল্লেখ্য যে, অনুষ্ঠানটিৰ তাৎপৰ্য্য বহুগুণে বৃদ্ধি কৰি নেডফি আৰু ডিচি হেণ্ডিক্ৰাফটৰ দৰে চৰকাৰী সংস্থাৰ লগতে ষ্টাৰ চিমেণ্টৰ দৰে আগশাৰীৰ কৰ্প’ৰেটে গোষ্ঠীয়েও এইক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াইছে। এই সমৰ্থনে আঞ্চলিক উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ লগতে অৰ্থনৈতিক বিকাশ আৰু সবলীকৰণৰ নতুন দিগন্ত মুকলি কৰাত প্ৰদৰ্শনীখনৰ গুৰুত্বক প্ৰতিফলিত কৰে।
অহা ২৯ নৱেম্বৰৰ পুৱা ১১ বজাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰাই শুভাৰম্ভ কৰিব এই এক্সপ’খনিৰ। তদুপৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ আৰু কৰ্পৰেট সংস্থাৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ গৰিমা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। অন্যহাতে, অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞাই অনুষ্ঠানটোত উপস্থিত থাকি শুভাৰম্ভণি অনুষ্ঠানটো অধিক সজীৱ আৰু আকৰ্ষণীয় কৰি তুলিব।
প্ৰণিধানযোগ্য যে, উত্তৰ-পূব ভাৰতৰ চহকী সংস্কৃতি আৰু উদ্যমী উদ্যোগৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটীৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰতিফলিত কৰিছে ক্ৰীড এক্সপ’ ২০২৪য়ে। এই প্ৰদৰ্শনীৰ লক্ষ্য হৈছে বিশ্বৰ বজাৰত অঞ্চলটোক এক শক্তিশালী স্থানত প্ৰতিষ্ঠা কৰা। লক্ষণীয় যে, এই অনুষ্ঠানৰ পৰা সংগ্ৰহ কৰা ধন প্ৰান্তীয় গোটসমূহক, বিশেষকৈ মহিলাসকলৰ সবলীকৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই পদক্ষেপে ক্ৰীডৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ অভিযানৰ সৈতে সংগতি ৰাখি নিশ্চিতভাৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ এক নতুন পথেৰে অগ্ৰসৰ হোৱাত সহায় কৰিব।
এই পদক্ষেপে উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সৈতে নিজৰ সাংস্কৃতিক ঐতিহ্যক সংযুক্ত কৰাৰ বাবে ক্ৰীডৰ গভীৰ প্ৰতিশ্ৰুতিক উজ্জ্বল কৰি তুলিছে। এই পদক্ষেপৰ জৰিয়তে এক নতুন সুযোগৰ সৃষ্টি হ’ব, যিয়ে অঞ্চলটোৰ উন্নয়নত সহায় কৰাৰ সমান্তৰালকৈ বিশ্বজনীন স্বীকৃতি নিশ্চিত কৰিব।
No comments:
Post a Comment