সশাস্ত্ৰ সীমা বালৰ সঞ্চালক প্ৰধান গুৱাহাটী ভ্ৰমণ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 5 November 2024

সশাস্ত্ৰ সীমা বালৰ সঞ্চালক প্ৰধান গুৱাহাটী ভ্ৰমণ*

 

গুৱাহাটী:- আজি




সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান শ্ৰী অমৃত মোহন প্ৰসাদ ডাঙৰীয়াই সীমান্ত মুখ্য কাৰ্যালয় গুৱাহাটী পৰিদৰ্শন কৰে । প্ৰথমেই সঞ্চালক প্ৰধানগৰাকীক গাৰ্ড অৱ অনাৰ দি সন্মানিত কৰা হয়। ইয়াৰ পিছত তেওঁ গুৱাহাটীৰ মহাপৰিদৰ্শক সীমান্ত আৰু তেওঁৰ সকলো অধীনস্থ কমাণ্ডেণ্টৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকৰ সময়ত সঞ্চালক প্ৰধানে পৰিচালনা, বি অ’ পি আৰু কৰ্পছৰ গাঁথনিগত উন্নয়ন, সীমান্তৰ গ্ৰাম্য অঞ্চলৰ উন্নয়ন আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। সৈনিক সন্মিলনৰ জৰিয়তে এছ এছ বিৰ সঞ্চালক প্ৰধান জোৱানসকলৰ সৈতে মত বিনিময় কৰি বাহিনীৰ জোৱানসকলৰ কল্যাণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি অৱগত কৰে। তেওঁ শাৰীৰিক ফিটনেছ, ক্ৰীড়া আৰু সুষম জীৱনশৈলী গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী সুধীৰ ভাৰ্মাই মহাপৰিদৰ্শক ডাঙৰীয়াই সঞ্চালক প্ৰধানগৰাকীক আদৰণি জনাই সীমান্ত গুৱাহাটী ভ্ৰমণ আৰু তেওঁৰ পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

সঞ্চালক প্ৰধান, শ্ৰী বলৰাম সিং জছৱাল, ডি আই জি (প্ৰশাসন), শ্ৰী এইচ বি কে সিং ডি আই জি (অপাৰেচন), শ্ৰী অমিত কুমাৰ ঠাকুৰ ডি আই জি বংগাইগাঁও আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here