ইউএনইপিৰ অ’জিএমপি ২.০ত যোগদান কৰা ভাৰতৰ প্ৰথমটো তেল আৰু গেছ কোম্পানী হিচাপে পৰিগণিত হৈছে কেয়াৰ্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 6 November 2024

ইউএনইপিৰ অ’জিএমপি ২.০ত যোগদান কৰা ভাৰতৰ প্ৰথমটো তেল আৰু গেছ কোম্পানী হিচাপে পৰিগণিত হৈছে কেয়াৰ্ন

 ইউএনইপিৰ অ’জিএমপি ২.০ত যোগদান কৰা ভাৰতৰ প্ৰথমটো তেল আৰু গেছ কোম্পানী হিচাপে পৰিগণিত হৈছে কেয়াৰ্ন


; ২০৩০ চনৰ ভিতৰত নেট জিৰ’ প্ৰতিশ্ৰুতিৰ দিশে অধিক দৃঢ়বদ্ধতাৰে অগ্ৰসৰৰ পৰিকল্পনা 


তেল আৰু গেছ মিথেন অংশীদাৰিত্ব ২.০ - ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ ধ্বজ্জ্বাবাহী মিথেন প্ৰতিবেদন আৰু প্ৰশমন কাৰ্যসূচীৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা ভাৰতৰ প্ৰথম তেল আৰু গেছ উৎপাদক  


আবুধাবি/ গুৰগাঁও; ৫ নৱেম্বৰ ২০২৪: বেদন্ত গ্ৰুপৰ অংশ আৰু ভাৰতৰ অগ্ৰণী ব্যক্তিগত তেল আৰু গেছ অন্বেষণ তথা উৎপাদন কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ (ইউএনইপি) ধ্বজ্জ্বাবাহী মিথেন প্ৰতিবেদন আৰু প্ৰশমন প্ৰচেষ্টা - তেল আৰু গেছ মিথেন অংশীদাৰীত্ব (অ'জিএমপি) ২.০ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰি মিথেন নিৰ্গমন কাৰ্যকৰীভাৱে হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা ভাৰতৰ সৰ্বপ্ৰথম তেল আৰু গেছ উৎপাদক হিচাপে পৰিগণিত হৈছে। ইয়াৰ দ্বাৰা প্ৰচলিত বিভিন্ন কাৰ্যকলাপসমূহ কৰ্বনমুক্ত কৰাৰ প্ৰচেষ্টাক ত্বৰান্বিত কৰাৰ পৰিকল্পনা কৰা হৈছে।


নিৰ্গমন ব্যৱস্থাপনাৰ বাবে উত্তম পদ্ধতি আৰু এটা শক্তিশালী প্ৰতিবেদন ব্যৱস্থাৰ অন্তৰ্ভুক্তিৰে অ'জিএমপি ২.০ৰ অধীনত এটা বিস্তৃত পৰিকাঠামো স্থাপন কৰা হৈছে। ই সঠিক জোখ-মাখ, প্ৰতিবেদন আৰু পৰীক্ষণ (এমআৰভি)ৰ ওপৰত গুৰুত্ব আৰোপৰ জৰিয়তে মিথেন নিৰ্গমন ফলপ্ৰসূভাৱে হ্ৰাস কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায়।


এই বুজাবুজি চুক্তিৰ অধীনত কেয়াৰ্নে ৫ বছৰৰ বাবে মিথেন হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ কৰি নিজৰ অগ্ৰগতিৰ সম্পৰ্কে এক সম্পূৰ্ণ নিকা প্ৰতিবেদন অ’জিএমপিক দাখিল কৰিব। ইয়াৰ ফলত কেয়াৰ্নে নিজৰ নিৰ্গমন প্ৰফাইল বিশ্লেষণ কৰাৰ সমান্তৰালকৈ প্ৰাপ্ত তথ্যসমূহ ব্যৱহাৰ কৰি নিৰ্গমন ব্যয়বহুলভাৱে হ্ৰাস কৰিবলৈ সক্ষম হ’ব। এই অংশীদাৰিত্বৰ জৰিয়তে কেয়াৰ্ন ২০৩০ চনৰ ভিতৰত নেট জিৰ’ কাৰ্বন হিচাপে পৰিগণিত হোৱাৰ দিশত চলাই অহা প্ৰচেষ্টাসমূহ অধিক দৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।


বিশ্বৰ তেল আৰু গেছ উৎপাদনৰ ৪০% তকৈ অধিক পৰিসৰ সামৰি লোৱা অ'জিএমপি ২.০য়ে ফলপ্ৰসূ পদ্ধতিৰে মিথেন হ্ৰাসৰ বাবে নিৰ্গমন তথ্যৰ গুণগত মান আৰু যথাৰ্থতা উন্নত কৰিবলৈ কোম্পানীসমূহক সক্ষমতা প্ৰদান কৰে। 


এই অংশীদাৰীত্বৰ বাবে কেয়াৰ্নক আদৰণি জনাই অ'জিএমপি ২.০ৰ প্ৰগ্ৰাম মেনেজাৰ গিউলিয়া ফেৰিনিয়ে কয়, "ভাৰতৰ পৰা অহা আমাৰ প্ৰথম সদস্যক আদৰিবলৈ পাই আমি যথেষ্ট আনন্দিত হৈছো। কেয়াৰ্নৰ প্ৰতিশ্ৰুতিয়ে দেশৰ আন কোম্পানীসমূহক অ'জিএমপি ২.০ত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে তেল আৰু গেছ খণ্ডত মিথেন নিৰ্গমন প্ৰতিবেদন আৰু ব্যৱস্থাপনা পদ্ধতি উন্নত কৰাত অৰিহণা যোগাব বুলি আশা কৰিছোঁ।" 


অ'জিএমপি ২.০য়ে কোম্পানীসমূহক বিশ্বাসযোগ্য উপায় আৰু বিজ্ঞান সমৰ্থিত পৰিকাঠামো প্ৰদান কৰে যাতে কোম্পানীসমূহে মিথেন হ্ৰাসৰ লক্ষ্যৰ দিশত সঠিকভাৱে অগ্ৰসৰ হৈ ২০৩০ চনৰ ভিতৰত বিশ্বব্যাপী মিথেন নিৰ্গমন ৩০% হ্ৰাস কৰাৰ বাবে ১৫০ খনতকৈও অধিক দেশৰ প্ৰতিশ্ৰুতিৰে গঠিত হোৱা পেৰিছ চুক্তি আৰু গ্লোবেল মিথেন প্ৰতিশ্ৰুতিৰ লক্ষ্যত উপনীত হ’ব পাৰে। অ'জিএমপি ২০ত যোগদান কৰি কেয়াৰ্নে মিথেন স্বচ্ছতাৰ বাবে ভাৰতৰ তেল আৰু গেছ উদ্যোগত এক নতুন মানদণ্ড স্থাপন কৰাৰ লগতে দেশৰ পাৰিপাৰ্শ্বিক উৎকৰ্ষতো সক্ৰিয় অৰিহণা আগবঢ়াইছে।এই সদস্যপদৰ দ্বাৰা ভাৰতৰ প্ৰথমটো উৰ্ধমুখী তেল আৰু গেছ কোম্পানীক এই পদক্ষেপৰ অধীনলৈ আনি দুগুণ অ’জিএমপি ২.০ বিস্তৃতিৰ সৈতে ভাৰতীয় তেল আৰু গেছ উৎপাদনৰ প্ৰায় এক চতুৰ্থাংশ সামৰি লোৱা হৈছে।


এই অংশীদাৰীত্ব সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বেদান্ত লিমিটেডৰ কেয়াৰ্ন অইল এণ্ড গেছৰ মুখ্য বিত্তীয় বিষয়া হিতেশ বৈদে কয়, "আমাৰ মিথেন হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ আৰু প্ৰাপ্তিৰ বাবে আমি ইউএনইপিৰ অ'জিএমপি ২.০ত যোগদান কৰি যথেষ্ট আনন্দিত হৈছো। বহনক্ষম শক্তি উৎপাদন ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰি, কেয়াৰ্ন এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰথমটো তেল আৰু গেছ কোম্পানী হৈ পৰিছে। আমাৰ বহুমুখী ইএছজি ৰণনীতি- নৱীকৰণযোগ্য শক্তি একত্ৰীকৰণ, কাৰ্বন কেপচাৰ ইউটিলাইজেশ্যন এণ্ড ষ্ট’ৰেজ (চিচিইউএছ), নিম্ন কাৰ্বন প্ৰযুক্তিচালিত আৱৰ্জনাভিত্তিক শক্তি প্ৰকল্প আৰু ব্যাপক প্ৰকৃতি-আধাৰিত কাৰ্বন সমাধান আদিয়ে পৰিৱেশ আৰু ভাৰতৰ শক্তি সুৰক্ষা উভয়ৰে প্ৰতি থকা আমাৰ সমৰ্পণক সূচায়। অ'জিএমপি ২.০ সদস্য হিচাপে আমি কেৱল মিথেন নিৰ্গমন হ্ৰাস কৰা আৰু ২০৩০ চনৰ ভিতৰত নেট জিৰো লক্ষ্যত উপনীত হোৱাই নহয়, বৰঞ্চ এক দায়িত্বশীল আৰু বহনক্ষম শক্তি পদ্ধতিৰ দিশত এক বহল উদ্যোগমুখী পৰিৱৰ্তন সাধন কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ।"


এই বছৰৰ আৰম্ভণিতে, কেয়াৰ্নে ২০৩০ চনৰ ভিতৰত নেট জিৰ’ প্ৰতিশ্ৰুতি পূৰণৰ দিশত দ্ৰুতগতিৰে অগ্ৰসৰ হোৱাৰ কথা ঘোষণা কৰিছিল। জলবায়ু পৰিৱৰ্তন প্ৰশমনত সহায় হোৱাকৈ কেয়াৰ্নে নিজৰ কাৰ্য্যকৰী প্ৰদৰ্শন বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ লগতে প্ৰক্ৰিয়া অনুকূলন, উন্নত নিৰ্ভৰযোগ্যতা আৰু কম কাৰ্বন প্ৰযুক্তিৰ জৰিয়তে নিৰ্গমন হ্ৰাস কৰাৰ অধিক পৰিকল্পনা কৰিছে। কেয়াৰ্নে যোৱা চাৰি বছৰত সফলতাৰে সম্ভাৱ্য গেছ ফ্লেয়াৰিং পৰিমাণ ৬০% হ্ৰাস কৰিছে। নতুন সুযোগসন্ধানী এক নিখুঁত পৰিকল্পনাৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত নেট জিৰ’ কাৰ্বন হিচাপে পৰিগণিত হোৱাৰ এই বহুমুখী দীৰ্ঘম্যাদী কৌশলৰ ওপৰত বৰ্তমান কাম কৰি থকা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here