গড়ভঙা সংৰক্ষিত বনাঞ্চলত বনকৰ্মীৰ অভিযান; অৰণ্যধ্বংস কাৰ্যত জড়িত মহিলাক আটক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 4 November 2024

গড়ভঙা সংৰক্ষিত বনাঞ্চলত বনকৰ্মীৰ অভিযান; অৰণ্যধ্বংস কাৰ্যত জড়িত মহিলাক আটক

 



গুৱাহাটী ,৪ নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ গাতে লগা  গড়ভঙা সংৰক্ষিত বনাঞ্চলত আজি বিয়লি বনকৰ্মীৰ দলে চলোৱা এক অভিযানত অৰণ্য ধ্বংস কাৰ্যত জড়িত এগৰাকী মহিলাক আটক কৰা হৈছে । আটক হোৱা মহিলাগৰাকীক  বশিষ্ঠৰ পৰা কিছু নিলগৰ মেঘালয়ৰ ৰি - ভয় জিলাৰ পিলিংকাটা আৰক্ষী চকীৰ অন্তৰ্গত মাওলং বৰপথাৰৰ ইনো চাংমা ( ৩৪ ) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে  বন বিভাগৰ দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ বশিষ্ঠ খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত এটা বনকৰ্মীৰ দল অইন দিনাৰ দৰে আজিও দুপৰীয়াৰ ভাগত নিয়মীয়া তহলৰ বাবে নিজ অধিকৃত অঞ্চলৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলত গৈছিল। বিয়লি ২ মান বজাত বনাঞ্চলৰ ভিতৰত ধোঁৱা দেখি বনকৰ্মীৰ দলটোৱে ভিতৰলৈ গৈ দুজন পুৰুষ আৰু এজনী মহিলাক তাত মাটিত গাত খান্দি কাঠ কয়লা জ্বলাই থকা প্ৰতক্ষ্য কৰে। দলটোৱে তিনিওজনকে আটক কৰিবলৈ ধৰোতেই পুৰুষ দুজনে গভীৰ অৰণ্যৰ ভিতৰলৈ পলাই যাবলৈ সক্ষম হয়। অৱশ্যে  বনকৰ্মীৰ দলটোৱে খেদি গৈ মহিলাগৰাকীক আটক কৰিবলৈ সক্ষম হয়।  ঘটনাস্থলীৰ পৰা বনকৰ্মীৰ দলটোৱে গছ কটাত ব্যৱহৃত দা, কৰত , মাটি খন্দা কাৰ্যত ব্যৱহৃত কোৰকে ধৰি কিছু সামগ্ৰী জব্দ কৰিছে । আনহাতে বনকৰ্মীৰ জেৰাত পলায়ন কৰা দুজনৰ নাম ৰাজু মাৰাক আৰু নৃপেন মাৰাক বুলি মহিলাজনীয়ে সদৰি কৰিছে। ইতিমধ্যে বশিষ্ঠ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত আটক হোৱা মহিলা গৰাকীৰ বিৰূদ্ধে অসম বন আইনৰ অধীনত এটা গোচৰ ৰজু কৰা হৈছে আৰু কাইলৈ তেওঁক আদালতত হাজিৰ কৰাব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here