*নতুন দিল্লীত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতিদ্বন্দ্বী পঞ্জাৱ এফ চি*
নতুন দিল্লী, ২২ নৱেম্বৰ ঃ আন্তৰ্জাতিক বিৰতিৰ পাছত কাইলৈৰ পৰা পুনৰ একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ জড়িয়তে দেশত ফুটবলৰ ৰোমাঞ্চ উভতি আহিব৷ শনিবাৰৰ দুখন খেলৰ প্ৰথমখনত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত পাঁচ বজাত হ’বলগা খেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ঘৰুৱা দল পঞ্জাৱ এফ চিৰ বিৰুদ্ধে খেলিব৷
উল্লেখ্য যে গুৱাহাটীৰ দলটোৱে আঠখন মেচৰ তিনিখনত জয় তথা সমসংখ্যক ড্ৰ আৰু দুখনত পৰাস্ত হৈ বাৰ পইণ্ট লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে৷ ইফালে, পঞ্জাৱ দলেও বাৰ পইণ্ট লাভ কৰিছে যদিও গলৰ গড় হিচাপত ষষ্ঠ স্থানত আছে৷ ছখন মেচ খেলা দলটোৱে চাৰিখনত জয় তথা দুখনত পৰাস্ত হৈছে৷
ইয়াৰপূৰ্বে আই এছ এলত দূয়োটা দল দুবাৰ মুখামুখি হৈছে৷ পঞ্জাৱ এফ চিয়ে এখনত জয় তথা এখন ড্ৰ খেলি নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে অপৰাজেয় হৈ আছে৷ কিন্তু এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ খেলত ইতিমধ্যে বিপক্ষ দলে চাপৰ সন্মুখীন হৈছে৷ ইয়াৰ কাৰণ হ’ল আঠখন মেচতে দলে ১৯ টা গল কৰিছে৷
এয়া গুৱাহাটীৰ দলটোৰ এক অভিলেখ৷ ২০১৮-১৯ ছিজনত নৰ্থ ইষ্ট ইউনাইটেডে আঠখন মেচত কৰিছিল চৈধ্যটা গল৷ এইবাৰ পাঁচটা অধিক৷ এই সফলতাৰ নায়ক হ’ল গলৰ বন্যা বোৱাই ইতিমধ্যে কেবাটাও অভিলেখ গঢ়া লগতে অনবদ্য গৌৰৱৰ যাত্ৰা অব্যাহত ৰখা দলৰ তাৰকা আলাউদ্দিন আজাৰাই৷
মৰক্কোৰ ষ্ট্ৰাইকাৰগৰাকীয়ে আই এছ এলত দ্ৰুত দহটা গল কৰাৰ অনন্য অভিলেখ গঢ়িছে৷ আঠখন মেচত এঘাৰটা গল কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে ভাৰতলৈ খেলিব অহা আলাউদ্দিনে৷ উল্লেখ্য যে চলিত লীগত প্ৰথম আঠখন মেচতে গল কৰি নিজৰ অভিলেখৰ অশ্বমেধৰ ঘোৰা বিৰামহীনভাবে লৈ যোৱা আলাউদ্দিনে আই এছ এলত ক্ৰমাগত সাতখন মেচত গল কৰা কালু উচেৰ অভিলেখো ভংগ কৰিছে৷
‘এই মেচখনৰ বাবে আমাৰ সকলো খেলুৱৈ সাজু আছে৷ কেনেকৈ কাম কৰিব লাগে সেয়া আমি জানো৷ আমি একাগ্ৰতা আৰু ৰণনীতিত মনোনিৱেশ কৰি খেলৰ লগত নিজকে খাপ খুৱাই ল’বলৈ চেষ্টা কৰিছো৷ পঞ্জাব এফ চিৰ মুখ্য প্ৰশিক্ষক পানাজিঅ’টিছ ডিলম্পেৰিছে কাইলৈৰ মেচক লৈ এইদৰে কয়৷
ইফালে, নৰ্থইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে কয় যে তেওঁৰ দলটোৱে কঠিন পৰিস্থিতি অতিক্ৰম কৰাত অভ্যস্ত হৈ পৰিছে আৰু খেলৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ লক্ষ্য লৈছে৷ ‘আমি কঠিন পৰিস্থিতিৰ পৰা পইণ্ট লাভ কৰাত অভ্যস্ত হৈ পৰিছো৷ আমি ভুলৰ পৰা শিকিছো৷ ফুটবল খেল এখন বহু সৰু সৰু খেলৰ সংকলন আৰু ইয়াৰে বেছিভাগেই আমি নিয়ন্ত্ৰণ কৰিব লাগিব৷’ বেনালীয়ে কয়৷
No comments:
Post a Comment