W7s news,,গুৱাহাটী ২১ নৱেম্বৰঃ বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱৰ নৱম সংস্কৰণে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত আজি অনুষ্ঠিত এক সংবাদমেলত নিজৰ ৰোমাঞ্চকৰ প্ৰস্তুতিপৰ্বৰ আৰম্ভণি কৰে। উৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাই দৰ্শকক আকৰ্ষিত কৰিব পৰা বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিৰ মিশ্ৰণেৰে এইবাৰৰ বৈচিত্ৰ্যময় ছবি বাছনিৰ বিষয়ে বহলাই প্ৰকাশ কৰে। শক্তিশালী কাহিনী কথন আৰু সৃষ্টিশীলতাৰ বাবে এখন মঞ্চ প্ৰদান কৰি উত্তৰ-পূব ভাৰত আৰু ইয়াৰ বাহিৰৰ চিনেমাৰ গতিশীল প্ৰতিভাৰ প্ৰদৰ্শন কৰা হয় এই প্ৰস্তুতিপৰ্বত। মহোৎসৱৰ দিন ওচৰ চাপি অহাৰ লগে লগে ২০২৪ চনৰ ৫ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত চলচ্চিত্ৰপ্ৰেমীসকলে এক অবিস্মৰণীয় অভিজ্ঞতা লাভ কৰিবলৈ উন্মুখ হৈ আছে।তনুশ্ৰী হাজৰিকাই কয়, "বিভিএফএফ কেৱল এখন চলচ্চিত্ৰ মহোৎসৱেই নহয়; ই হৃদয় জুৰোৱা আৰু মনক অনুপ্ৰাণিত কৰা কাহিনীৰ উদযাপন, যিয়ে ইয়াক এছিয়ান উপমহাদেশৰ প্ৰভাৱশালী চিনেমাক তুলি ধৰে।" তেওঁ আৰু কয়, "আমাৰ মিছন হৈছে চৰ্চিত, বৈচিত্ৰ্যপূৰ্ণ প্ৰতিভাক সংযোগ কৰা আৰু উত্তৰ-পূব ভাৰতৰ চহকী সংস্কৃতি আৰু পৰিপাৰ্শ্বক প্ৰদৰ্শন কৰা চিনেমাৰ প্ৰচাৰ কৰা। আমি এনে এটা ভৱিষ্যতৰ কথা কল্পনা কৰিছো য'ত অঞ্চলটোৱে ইয়াৰ অনন্য কাহিনীসমূহক বিশ্বব্যাপী চিনেমাৰ মঞ্চলৈ আগবঢ়াই চলচ্চিত্ৰ নিৰ্মাণৰ এক সমৃদ্ধিশালী কেন্দ্ৰ হৈ উঠিব।"
২২০ খনতকৈও অধিক ছবিৰ প্ৰৱেশপত্ৰ লাভ কৰাৰ জড়িয়তে এইবাৰৰ মহোৎসৱত প্ৰতিযোগিতামূলক আৰু অপ্ৰতিযোগিতামূলক শিতানসমূহৰ মাজেৰে স্বীকৃতিৰ যোগ্য অসাধাৰণ কৰ্মসমূহক উজলাই তুলি এক গতিশীল বাছনি উপস্থাপন কৰা হ’ব।
ক্ৰিয়েটিভ ডাইৰেক্টৰ পল্লৱী বৰুৱাই লগতে কয়, "বিভিএফএফ হৈছে চিনেমাক ইয়াৰ প্ৰকৃত ৰূপত উদযাপন কৰা। এইবাৰ আমি এনে ছবি উপস্থাপন কৰিবলৈ উৎসুক হৈ আছো যিয়ে মনোৰঞ্জন দিব পাৰে, চিন্তাৰ উদ্ৰেক ককৰিব পাৰে আৰু সৃষ্টিশীলতাক উজলাই তুলিব পাৰে। আমাৰ লক্ষ্য হৈছে কাহিনী কথনৰ জৰিয়তে অৰ্থপূৰ্ণ মত-বিনিময়ক উতসাহিত কৰি চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকৰ মাজত সংযোগ স্থাপন কৰা।" এই মহোৎসৱত জুৰিৰ বিশিষ্ট পেনেলে বিভিন্ন শাখাৰ ছবিসমূহৰ মূল্যায়ন কৰিব। তথ্যচিত্ৰ আৰু চুটি ছবিৰ জুৰীৰ ভিতৰত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ অধ্যাপিকা তথা বোলছবি সমালোচক আশা কোথাৰী চৌধুৰী; মুৰ্তাজা আলী খান, সমালোচক/কিউৰেটৰ/ সাংবাদিক; আৰু আইএমডিবি ইণ্ডিয়াৰ উদ্যোগ সম্পৰ্ক নেতৃত্বাকাৰী কল্পনা নাইৰ। তাৰকাৰে ভৰা কাহিনী চলচ্চিত্ৰৰ জুৰীত আছে নীতিন বেইদ, (মাছান, গালি বয়, আৰু ৰাজী ছবিৰ কামৰ বাবে পৰিচিত চলচ্চিত্ৰ সম্পাদক); অন্বিতা দত্ত, (বুলবুল আৰু কালাৰ পৰিচালক); অভিষেক চৌবে, (উড়টা পাঞ্জাৱ আৰু সোণচিৰিয়াৰ পৰিচালক); শ্ৰেয়া দেৱ ডুবে, (এ চুইটেবল বয় আৰু থাৰৰ চিনেমাট’গ্ৰাফাৰ); আৰু ঐশ্বৰ্য লেক্ষ্মী, (ঞ্জাণ্ডুকালুদে নাট্টিল অৰিডাভেলা আৰু পনিয়িন চেলভান: I ত অভিনয়ৰ বাবে পৰিচিত অভিনেতা)।
পান সিং তোমাৰ আৰু চাহেব, বিৱি আৰু গেংষ্টাৰৰ বাবে প্ৰশংসিত তিগমাংশু ঢুলীয়া, দ্য নাইট মেনেজাৰ আৰু আৰ্যৰ পৰিচালক সন্দীপ মোডী আদি উদ্যোগটোৰ প্ৰখ্যাত ব্যক্তিক এই মহোৎসৱত আদৰণি জনোৱা হ’ব।
বিশেষ প্ৰদৰ্শনীত অন্তৰ্ভুক্ত হ’ব সুমন্ত ভাটৰ মিথ্যা (কানাড়া), তুষাৰ হাৱাৰেৰ জেণ্ডে: দ্য ছুপাৰক’প, নীতিন বেইদৰ চশমা, বিপিন ৰাধাকৃষ্ণনৰ অংগমল (তামিল) আৰু লক্ষ্মীপ্ৰিয়া দেৱীৰ বুং।কাৰিকৰী সঞ্চালক সমুজ্জ্বল কাশ্যপে আলোকপাত কৰি কয়, "আমি সঁচা অৰ্থত অবিস্মৰণীয় চিনেমাৰ যাত্ৰাৰ বাবে উচ্চমানৰ দৃশ্য আৰু অভিভূত কৰিব পৰা শব্দ নিশ্চিত কৰি উৎসৱৰ কাৰিকৰী অভিজ্ঞতা বৃদ্ধি কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অত্যন্ত দৰ্শনীয় উপায়েৰে শিল্পগুণসম্পন্ন চলচ্চিত্ৰ প্ৰদৰ্শনেৰে প্ৰতিটো প্ৰদৰ্শনী নিখুঁতভাৱে কিউৰেট কৰা হ'ব যাতে শ্ৰেষ্ঠ দৰ্শনৰ অভিজ্ঞতা লাভ কৰিব পৰা যায়।" বিভিএফএফে আকৌ এবাৰ নিপুণ শিকণ প্ৰদৰ্শন কৰিব আৰু উদ্যোগৰ নিবিড় আলোচনাৰ জৰিয়তে এক উচ্চ অভিজ্ঞতা লাভ কৰিব যিয়ে সঁচাকৈয়ে চিনেমাত কেৰিয়াৰৰ সপোনক জীৱন্ত কৰি তুলিব”।নৱম সংস্কৰণৰ জৰিয়তে বিভিএফএফে ভাৰতৰ অন্যতম চিনাকি চলচ্চিত্ৰ মহোৎসৱ হিচাপে নিজৰ স্থান সুদৃঢ় কৰি তুলিছে, ধাৰাবাহিকভাৱে উল্লেখযোগ্য প্ৰতিভা আৰু এক আবেগিক দৰ্শকক আকৰ্ষণ কৰিছে। এইবাৰৰ সংস্কৰণটো চিনেমাৰ উৎকৃষ্টতাৰ এক বৃহৎ উদযাপন হ’ব, য’ত শক্তিশালী কাহিনী আৰু অবিস্মৰণীয় অভিজ্ঞতা প্ৰদৰ্শন কৰা হ’ব যিয়ে উপস্থিত থকা সকলোৰে ওপৰত স্থায়ী প্ৰভাৱ পেলাব।
অধিক তথ্যৰ বাবে চাওক https://brahmaputravalleyfilmfestival.com/
No comments:
Post a Comment