~দক্ষতা, শিক্ষা, আৰু উদ্যোগীকৰণৰ ওপৰত আলোকপাত কৰি এই সন্মিলনে অঞ্চলটোৰ যুৱচামৰ বাবে পৰিৱৰ্তনশীল সুযোগৰ পথ প্ৰশস্ত কৰে
W7s news গুৱাহাটী:: শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ সামাজিক উদ্যোগ এ আই এছ ই চি টিয়ে গুৱাহাটীৰ গণেশগুৰিৰ হোটেল কামৰূপাত সফলতাৰে আয়োজন কৰে এক উত্তৰ-পূব-কেন্দ্ৰিক সন্মিলন । অঞ্চলটোৰ অনন্য প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ লগতে শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশৰ উদ্ভাৱনীমূলক পদ্ধতিৰ সন্ধান কৰাৰ উদ্দেশ্যে এই সন্মিলনখনত নীতি নিৰ্ধাৰক, শিক্ষাবিদ, ঔদ্যোগিক নেতা আৰু সামাজিক উদ্যোগীসকলক একত্ৰিত কৰা হয় ।
সন্মিলনখন উদ্বোধন কৰে অসম ৰাজ্যিক বি জে পিৰ সভাপতি ভৱেশ কলিতাই । তেওঁ দক্ষতা বিকাশৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ ওপৰত গুৰুত্বসহকাৰে আলোকপাত কৰে । অনুষ্ঠানটোত উপস্থিত থকা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বি.কে.সিনহা, আৰ ডি এছ ডি ইৰ সঞ্চালক; এ এছ ডি এমৰ মিছন সঞ্চালক, এ চি এছ হানিফ নুৰানি; এছ বি আই মুখূ কাৰ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ ডি জি এম নৰেন্দ্ৰ প্ৰতাপ সিং আৰু এ আই এছ ই চি টি গ্ৰুপৰ অধ্যক্ষ তথা ৰবীন্দ্ৰনাথ টেগৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য সন্তোষ চৌবে ।
এই সন্মিলনত এ আই এছ ই চি টিৰ নৰ্থ-ইষ্ট প্ৰফাইল আৰু চি এছ আৰ প্ৰতিবেদন প্ৰকাশ কৰা হয়, য’ত দক্ষতা বিকাশ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ অৱদান প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানটোৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল নেচনেল চেণ্টাৰ ফৰ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনিউৰশ্বিপ (এন চি এছ ডি ই)ৰ দ্বাৰা সহায়ক হোৱা বুজাবুজিৰ চুক্তি, যিয়ে উত্তৰ-পূবৰ দক্ষতা, শিক্ষা, আৰু উদ্যোগীকৰণৰ বিকাশৰ বাবে আঞ্চলিক প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা অধিক মজবুত কৰি তুলিছিল । তদুপৰি ইয়াত নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে এ আই এছ ই চি টিৰ নিষ্ঠাক শক্তিশালী কৰি নিৰ্বাচিত প্ৰশিক্ষিত অংশগ্ৰহণকাৰীসকলৰ বাবে নিয়োগৰ সুযোগো প্ৰদান কৰা হৈছিল ।
অনুষ্ঠানটোত কেইটামান মূল বিষয়বস্তুৰ ওপৰত অন্তৰ্দৃষ্টিসম্পন্ন অধিবেশনও অনুষ্ঠিত কৰা হয়, য’ত অন্তৰ্ভুক্ত আছিল:
• দক্ষতা আৰু উদ্যোগৰ প্ৰস্তুতিৰ ভৱিষ্যত: বি.কে.সিনহা, মৌচুমী সেন, আইটিলুংবি ডেনিয়েল হিয়েখা আৰু সাৰিকা ৰাণীৰ নেতৃত্বত আয়োজিত এই আলোচনাত উদ্যোগৰ দাবীৰ সৈতে শিক্ষাক একাকাৰ কৰাত গুৰুত্ব আৰোপ কৰা হয় । অভিষেক গুপ্তাই দক্ষতা বিকাশ আৰু জীৱিকা খণ্ডৰ উদ্যোগীসকলৰ বাবে সুযোগ সম্পৰ্কে বক্তব্য আগবঢ়ায় । অৰবিন্দ চতুৰ্বেদী আৰু অভিষেক পণ্ডিতে এই অধিৱেশনৰ সভাপতিত্ব কৰে ।
• বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ: নৰেন্দ্ৰ প্ৰতাপ সিং, বিনয় কুমাৰ সিং আৰু অনুৰাগ গুপ্তাই উদ্যোগীকৰণৰ বিকাশৰ ক্ষেত্ৰত বিত্তীয় সেৱাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে । এই অধিবেশনৰ সভাপতিত্ব কৰে অনুৰাগ গুপ্তা আৰু অভিষেক পণ্ডিতে ।
• এন ই পি, ৱৰ্ক-ইন্টিগ্ৰেটেড লাৰ্নিং, আৰু এপ্ৰেন্টিচশ্বিপ: শিক্ষা আৰু উদ্যোগৰ সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আলোচনাত মিলিত হয় ৰেকিব আহমেদ, ববি মজুমদাৰ আৰু লেমটি পঞ্জেন । অভিষেক পণ্ডিতে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগ আৰু এপ্ৰন্টিচশ্বিপ এম্বেডেড শিক্ষা কাৰ্যসূচীৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে আৰু প্ৰভাকৰ সিনহাই এন চি এছ ডি ইৰ সৈতে এ আই এছ ই চি টিৰ সহযোগিতা আৰু অন্যান্য পদক্ষেপৰ জৰিয়তে উদ্যোগীসকলৰ বাবে উদীয়মান সুযোগ সৃষ্টিৰ বিষয়ে আলোচনা কৰে । এই অধিবেশনৰ সভাপতিত্ব কৰে অধ্যাপক অমিতাভ ছাক্সেনাই ।
• উদ্যোগীসকলৰ বাবে বিকাশৰ সুযোগ: দক্ষতা বিকাশ আৰু সফলতাৰ পথ প্ৰদৰ্শন কৰি দেৱেন্দ্ৰ যাদৱ, ড° ব্ৰিজেশ সিং আৰু ৰাজেশ পাণ্ডাই ভাষণ প্ৰদান কৰে । এই অধিৱেশনৰ সভাপতিত্ব কৰে সন্তোষ চৌবে, অৰবিন্দ চতুৰ্বেদী, আৰু অধ্যাপক অমিতাভ ছাক্সেনাই ।
এ আই এছ ই চি টিৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰি এ আই এছ ই চি টিৰ গোটৰ অধ্যক্ষ তথা ৰবীন্দ্ৰনাথ টেগৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য শ্ৰী সন্তোষ চৌবেয়ে কয়, “উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰদায়সমূহৰ সৱলীকৰণ কৰা আৰু প্ৰয়োজন সাপেক্ষে দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰাই হৈছে আমাৰ প্ৰধান কাম । এই অনুষ্ঠানে আমাৰ অগ্ৰগতিক উদযাপন কৰাৰ লগতে বহনক্ষম শৈক্ষিক আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ দিশত আমাৰ প্ৰতিশ্ৰুতিকো প্ৰতিফলিত কৰে । এই প্ৰতিবেদন প্ৰকাশ কৰি আমি লাভ কৰা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য আকাংক্ষাক সমৰ্থন কৰা নতুন পদক্ষেপৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্য ৰাখিছো ।”
এই সন্মিলনে উত্তৰ-পূব ভাৰতত প্ৰকৃত পৰিৱৰ্তনক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰি সৰ্বাংগীন শিক্ষা আৰু দক্ষতা বিকাশৰ প্ৰতি এ আই এছ ই চি টিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে । উদ্যোগ, শিক্ষা, আৰু চৰকাৰৰ বিভিন্ন কণ্ঠক একত্ৰিত কৰি, এ আই এছ ই চি টিয়ে সহযোগিতা, জ্ঞান-বিনিময়, আৰু কাৰ্য্যকৰী অন্তৰ্দৃষ্টিৰ বাবে এক মঞ্চ সৃষ্টি কৰিছে । ইয়াৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কৌশলগত সহযোগিতাৰ জৰিয়তে এ আই এছ ই চি টিয়ে অঞ্চলটোৰ যুৱক-যুৱতীসকলক শক্তিশালী কৰি তোলাৰ লগতে তেওঁলোকৰ দক্ষতা বৃদ্ধিত সহায় কৰিছে, নতুন সুযোগ সৃষ্টি কৰিছে, আৰু অগ্ৰগতিৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে । এই অনুষ্ঠানে অগ্ৰগতিসমূহ উদযাপন কৰাৰ সমান্তৰালকৈ এনে এটা ভৱিষ্যত গঢ়ি তোলাৰ বাবে এ আই এছ ই চি টিৰ সমৰ্পণকো শক্তিশালী কৰে য’ত উন্নতি, আত্মনিৰ্ভৰশীলতা, আৰু বহনক্ষম বিকাশ সকলোৰে বাবে সুলভ হয় ।
No comments:
Post a Comment