সমগ্ৰ অসমত পঞ্চায়ত খেলিব জয় ভাৰত পাৰ্টিয়ে
W7s news গুৱাহাটী: সমগ্ৰ অসমত পঞ্চায়ত খেলিব জয় ভাৰত পাৰ্টিয়ে। মঙলবাৰে জয় ভাৰত পাৰ্টিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে জয় ভাৰত পাৰ্টিৰ সভাপতি
তেহাৰু গৌড়ে । তেওঁ লগতে কয়-প্ৰথমে আমি প্ৰথমে আঞ্চলিক দল হিচাপে আগবাঢ়িম। পাছলৈ আমি কেন্দ্রলৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। আমি সমগ্ৰ
অসমত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়াম।
আমাৰ এতিয়া বিধায়কৰ সংখ্যা ৪-৫ জন। গতিকে আমাৰ বিভিন্ন সমস্যা সমাধান হোৱা নাই।
আদিবাসীকগুৰুত্ব দিয়া নাই কোনো ক্ষেত্ৰতে । আমাৰ বিভিন্ন সমস্যা আছে। সেইদৰে বিভিন্ন জনজাতিসকলৰো বিভিন্ন সমস্যা আছে। আমি সকলোকে লৈ আগবাঢ়ি যাম। নিবনুৱা সমস্যা, জনজাতিকৰণৰ সমস্যা আদি সমস্যাবোৰকক সমাধান কৰাৰ বাবে আমি আগবাঢ়ি যাম।আমি ২০২৬ চনত বিধান সভা নিৰ্বাচনত অৱতীৰ্ণ হ'ম। পৰৱৰ্তী সময়ত বি টি আৰ নিৰ্বাচনতো প্ৰতিদণ্ডিতা আগবঢ়াম।
চলিত বৰ্ষত ৯ নৱেম্বৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰা চহৰত লেবাৰ ৱেলফেয়াৰ প্রেক্ষাগৃহত অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিক লৈ অসমৰ ৰাজনৈতিক বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এখনি অভিৱর্তন অনুষ্ঠিত হয় আৰু উক্ত ৰাজনৈতিক অভিৱর্তনত অসমৰ আদিবাসী দলসংগঠন লগতে বুদ্ধিজীবি তথা দল সংগঠনৰ বিষয়ববীয়া উক্ত সভাত উপস্থিত থাকি এই সভাত সকলো পক্ষৰ মাজত বিতং আলোচনাৰ অন্তত সকলোৱে সহমতত উপনীত হৈ, অসমত বসবাস কৰা সকলো জাতি জনজাতিক সামৰি সকলোৰে প্ৰতি ৰাজনৈতিক ন্যায় প্ৰদানৰ হকে কাম কৰাৰ মানসিকতাৰে এটি নতুনকৈ ৰাজনৈতিক দল গঠন কৰাৰ সংকল্প গ্রহণ কৰা হয়। বর্তমান দলটিৰ কাৰ্য্যকলাপ প্রথম অৱস্থাত অসমৰ পৰা আৰম্ভ হ'ব, আৰু পৰ্যায়ক্রমে এই ৰাজনৈতিক দলটো সৰ্বভাৰতীয় স্তৰলৈ লৈ যোৱাৰো পৰিকল্পনা ৰাজনৈতিক অভিৱর্তনত সকলোৱে পোষকতা কৰে।
শেষত সদৌ অসম ভিত্তিত এখনি কাৰ্য্য নির্বাহক সমিতি গঠন কৰা আৰু উক্ত সমিতিৰ মোক সভাপতি হিচাপে সর্বসম্মতিক্রমে মনোনীত কৰা হয়। সভাই সকলোৰে সহমতত নতুনকৈ গঠন হ'ব লগীয়া হৈছে ৰাজনৈতিক দলটিৰ নাম "জয় ভাৰত পার্টি" নামেৰে নামাকৰণ কৰা হয়। সভাত অসমৰ সকলো জিলাত একোখনকৈ জিলা সমিতি, সমষ্টি ভিত্তিত সমিতি গঠন কৰাৰো পোষকতা কৰে। উক্ত সমিতি গঠনৰ কাম আমি পৰ্য্যায়ক্রমে আৰম্ভ কৰিবলৈ আগবাঢ়িছো। অসমত বাসবাস কৰা সকলো জাতি জনজাতিৰ লগতে অসমৰ বৌদ্ধিক মহলৰ পৰা সকলো ধৰণৰ দিহা পৰামৰ্শ আৰু সহায়-সহযোগিতা এই ৰাজনৈতিক দলৰ প্ৰতি আগবাঢ়াই দলটিক অসমৰ ৰাইজৰ বাবে সেৱা মনোভাবেৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত সহায়ৰ বাবে মই বিনম্রভাবে সকলোলৈ অনুৰোধ জনালোঁ। ' সংবাদ মেলত সাধাৰণ সম্পাদক
জুনা কুজুৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment