প্ৰকৃত পক্ষে কা’ আইন প্ৰয়োগ কৰিবলৈ চৰকাৰে ভয় খাই আছে : যোগেশ কলিতা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 18 November 2024

demo-image

প্ৰকৃত পক্ষে কা’ আইন প্ৰয়োগ কৰিবলৈ চৰকাৰে ভয় খাই আছে : যোগেশ কলিতা

Responsive Ads Here

IMG-20241118-WA0055

 

ঘগ্ৰাপাৰত অসম যুৱ-ছাত্র পৰিষদৰ  একবিংশতিতম দ্বি-বাৰ্ষিক প্রতিনিধি আৰু বিষয় বাচনি সভা সম্পন্ন

W7s news,,ঘগ্ৰাপাৰ , ১৮  নৱেম্বৰ :  জাতীয়তাবাদী যুৱ - ছাত্র পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ  একবিংশতিতম  দ্বি-বাৰ্ষিক প্রতিনিধি আৰু বিষয় বাচনি সভাখন  ঘগ্ৰাপাৰ নিম্ন বুনিয়াদী প্রাথমিক বিদ্যালয় প্রাংগণত দেওবাৰে অনুষ্ঠিত কৰা হয়। দুপৰীয়া যুৱ-ছাত্র পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি চৰিফুল আলীয়ে সভাপতিত্ব কৰা প্ৰতিনিধি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ , নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতাই। প্ৰতিনিধি সভাত সংগঠনটোৰ জিলা সাধাৰণ সম্পাদক যোগেশ কলিতাই সংগঠন শক্তিশালী কৰিব পৰা কেতবোৰ বিষয় সম্পৰ্কে প্ৰতিনিধিসকলৰ লগত আলোচনা কৰে । সভাত সংগঠনটোৰ জিলা সাংগঠনিক সম্পাদক বাবুল আলীয়ে সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত বক্তব্য দিয়াৰ লগতে আগন্তুক দিনৰ কাৰ্যপন্থাৰ ওপৰত বহলাই কয়। 


আনহাতে সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কা’ আন্দোলন সন্দৰ্ভত শেহতীয়া স্থিতি স্পষ্ট কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ , নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতাই কয় যে নিৰ্বাচনত ভোট দিলেই বিদেশী নাগৰিকৰ বোজা আদৰি ল’বলৈ জনসাধাৰণ বাধ্য নহয় । আইনী ব্যৱস্হাৰ   বাবে  সংগ্ৰাম কিছু স্তিমিত হৈ ৰ’ল বুলি দোহাৰি কলিতাই আৰু কয় যে এতিয়া সংগ্ৰাম কৰিবলৈ আহ্বান জনালে মানুহ ওলাই নাহে । ইয়াৰ বিপৰীতে যেতিয়াই আইনখন প্ৰয়োগ হ’ব তেতিয়াই স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব ।বিজেপি দলেও দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ দিয়া শপতনামা সময়মতে দিব নোৱৰা বুলি উল্লেখ কৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে প্ৰকৃত পক্ষে কা’ আইন প্ৰয়োগ কৰিবলৈ চৰকাৰে ভয় খাই আছে । বিগত ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দৰে অসমত অসমীয়াৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা তথা সচেতনতা এতিয়াও কমি যোৱা নাই বুলি উল্লেখ কৰে কলিতাই ৷লগতে নেতা গৰাকীয়ে শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি হোৱা নিত্য প্রয়োজনীয় সামগ্রী ক্ষেত্রতো চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে। উক্ত সভাত নলবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদকদ্বয় ছাদ্দাম হুছেইন, ইন্টাজ হুছেইন, ক্ৰীড়া সম্পাদক জিন্টু দাস, প্রাক্তন ছাত্র নেতা যোগেশ মজুমদাৰ, হেমন্ত দাসকে ধৰি বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে । সভাৰ অন্তত অসম জাতীয়তাবাদী যুৱ - ছাত্র পৰিষদ , ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে আতিকুৰ ৰহমান আৰু চাহিল আহমেদক নির্বাচিত কৰি  ৩১ জনীয়া সমিতি এখন গঠন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *