ছেভ ভৰলু অভিযান' ৰ 'বিশ্ব নদী দিৱস' উপলক্ষে মানৱ শৃংখল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 20 September 2024

ছেভ ভৰলু অভিযান' ৰ 'বিশ্ব নদী দিৱস' উপলক্ষে মানৱ শৃংখল

 

W7s news গুৱাহাটী: ছেভ ভৰলু অভিযান উদ্যোগত 'বিশ্ব নদী দিৱস' উপলক্ষে এলানী  মানৱ শৃংখলৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ছেভ ভৰলু অভিযান উদ্যোগত 'শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ছেভ ভৰলু (ভৰলু বচাওঁ) অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰে। তেওঁ লগতে কয়-২২ ছেপ্টেম্বৰৰ পুৱা ৬.৩০ বজাত অনুষ্ঠিত হ'বলগীয়া  এই কাৰ্যসূচীৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। বাহিনী-ভৰলুৰ পাৰে পাৰে অনুষ্ঠিত হ'বলগীয়া চাৰি স্থান হৈছে বাহিনীৰ পাৰৰ ৰুক্মিণী গাওঁ, ভৰলুৰ পাৰৰ ৰাধা গোবিন্দ পথৰ 'জোনালী', উলুবাৰীৰ চিলাৰায় নগৰ (মণিপুৰ ভৱনৰ বিপৰীতে) আৰু ভৰলুমুখত প্ৰাগজ্যোতিষ কলেজৰ পৰা নৈষ দুয়োপাৰে উত্তৰ দিশৰ ৰেল ক্রছিঙলৈ। আমি বিগত তিনি সপ্তাহ ধৰি এই অঞ্চলবোৰত স্থানীয় বাসিন্দাক লৈ সন্ধিয়া সজাগতা সভাৰ আয়োজন কৰি দৃশ্য-শ্রব্য মাধ্যমৰ জৰীয়তে  এই বিশ্ব নদী দিৱসৰ উদ্দেশ্য, বিষয় বস্তু সম্বন্ধে বিস্তৃতভাবে ব্যাখ্যা কৰি এখন বান আৰু আৱর্জনামুক্ত গুৱাহাটী আৰু এখন পৰিষ্কাৰ পানীৰ বোৱতী ভৰলুৰ বাবে মানর-শৃংখল গঠনেৰে নদী দিৱস উদ্ যাপন কৰিবলৈ নিজ নিজ ঠাইত নাগৰিকৰ পৰা পূৰ্ণ সহযোগ আগবঢ়োৱাৰ প্রতিশ্রুতি আদায় কৰিবলৈ সমর্থ হৈছোঁ। বিশেষকৈ মাৰোৱাৰী সম্মিলন কামৰূপ শাখাই ৰাজহুৱাকৈ পূর্ণ সহযোগৰ প্রতিশ্রুতি দিয়ে। ইয়াৰ উপৰিও সামাজিক মাধ্যম, ব্যক্তিগত যোগাযোগৰ দ্বাৰাও বহু সংখ্যক নাগৰিক, সামাজিক সংস্থা, নাগৰিক সমিতি, জ্যেষ্ঠ নাগৰিক সংস্থা, মহানগৰৰ সকলো ৰ'টাৰী ক্লাব আৰু সৰহভাগ লায়ঞ্চ ক্লাবৰ সদস্য-সদস্যাৰ লগতে বহু সংখ্যক স্কুল-কলেজৰ খাত্র-ছাত্রীতো যোগাযোগ কৰি মানৱ শৃংখল গঠনত সহযোগৰ প্ৰতিশ্রুতি দিছে। মহানগৰীৰ বহু স্কুলত ছমহীয়া পৰীক্ষা আৰম্ভ হোৱাৰ বাবে সেইদিনা বিয়লি ৩ বজাত গুৱাহাটীৰ পল্টনবজাৰস্থিত স্থানীয় বেংগনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত হ'ব প্রাইজমাণি বিশেষ বক্তৃতা প্রতিযোগিতা। বিজয়ীসকলক নগদ ধন,প্ৰমাণ পত্ৰ দিবৰ লগতে অন্যান্য উপহাৰ দিয়া হ'ব। আন এক উৎসাহজনক দিশ হৈছে বহু বিশিষ্ট ব্যক্তি, শিল্পী, সাহিত্যিক, সাংবাদিক, অভিনেতা, অভিনেত্রীযে মানৱ-শৃংখল গঠনত অংশ গ্রহণ কৰাৰ প্ৰতিশ্রুতি দিছে । তেওলোকৰ কেইজনমান হৈছে ক্ৰমে বিশিষ্ট সাহিত্যিক কুল শইকীয়া,বিশিষ্ট ভাস্কৰ বীৰেন  সিংহ, চিত্ৰ সমালোচক উৎপল দত্ত, বিশিষ্ট লেখিকা  ড০ মাইনু দেৱী, বিশিষ্ট কবি, শীৰ্ষ আৰক্ষী বিষয়া নন্দসিং বৰকলা, প্ৰেৰণা ভূঞা, বিশিষ্ট সংগীত শিল্পী জিনা ৰাজকুমাৰী আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। তদুপৰি আৰ্লি বাৰ্ডছ, আৰণ্যক,গুৱাহাটী পৌৰ নিগমেও  এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব।'  

এইবাৰৰ নদী দিৱসৰ বিষয় 'সকলোৰে বাবে পানী" ৰ লগতে ছে


ভ ভৰলুৰ শ্লোগান "এখল বান আৰু জাৱৰমুক্ত গুৱাহাটীৰ বাবে" আৰু "এখন পৰিষ্কাৰ পানীৰ বোৱতী ভৰলু নৈৰ বাবে” সংযোগ কৰি সকলো গেৰিকৰ সহায় সহযোগেৰে এই নদী দিৱসৰ কাৰ্যসূচী সফল হ'ব বুলি  আমি আশাবাদী।'সংবাদ মেলত 'চেভ ভৰলু অভিযান'ৰ সাধাৰণ সম্পাদক সত্যৰজন বৰুৱা, কোষাধ্যক্ষ ডাঃ মানৱেন্দ্ৰ গোস্বামী, সদস্য অতুল কুমাৰ বৰ্মনৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here