W7s news গুৱাহাটীঃ ষ্ট্ৰোকৰ বিস্তৃত পৰিচৰ্যা ৰ ওপৰত গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ বাৰাণসীত ইণ্ডিয়ান ষ্ট্ৰ’ক এছ’চিয়েশ্যনে (আই এছ এ) আৰম্ভ কৰা 'মিশ্যন ব্ৰেইন এটেক'শীৰ্ষক দেশজোৰা অভিযানে গুৱাহাটীত ব্যাপক সঁহাৰি লাভ কৰিছে। ইয়াত আৰম্ভণিতে প্ৰতিৰোধৰ উপায়ৰ পৰা সূক্ষ্ম ব্যৱস্থাপনা আৰু পুনঃসংস্থাপন লৈকে গুৰুত্ব প্ৰদান কৰা হৈছে।
গোলকীয় পৰিসংখ্যাই প্ৰকাশ কৰে যে প্ৰতি চাৰিগৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী ষ্ট্ৰোকত আক্ৰান্ত হ'ব পাৰে।
এই উপলক্ষে শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি আই এছ এৰ অধ্যক্ষ ডাঃ নিৰ্মল সূৰ্য্যই কয়, -"ষ্ট্ৰোক-ৰক্তচাপ, ছুগাৰ আৰু কলেষ্টোৰেলৰ তিনিটা প্ৰধান কাৰন আছে। যদি আপোনাৰ বয়োজ্যেষ্ঠসকলে ষ্ট্ৰোকত আক্ৰান্ত হৈছিল আৰু আপোনাৰ ৰক্তচাপ, ছুগাৰ আৰু কলেষ্টোৰেলো আছে, তেন্তে আপুনি সাৱধান হ'ব লাগিব। এনে ক্ষেত্ৰত, আপোনাৰ ওজন কম কৰা, কলেষ্টোৰেল নিয়ন্ত্ৰণ কৰা আৰু মদ্যপান আৰু ধঁপাত ত্যাগ কৰাৰ পৰামৰ্শ দিয়া হয়।"
তেওঁ লগতে কয়, "বৰ্তমানৰ পৰিসংখ্যাই প্ৰকাশ কৰিছে যে প্ৰতি মিনিটত গড়ে তিনিজন ব্যক্তি পক্ষাঘাতত আক্ৰান্ত হয়। পক্ষাঘাত হৈছে মৃত্যুৰ তৃতীয় বৃহৎ কাৰন ।"
আই এছ এৰ সম্পাদক ডাঃ অৰবিন্দ শৰ্মাই কয় যে,- "মিছন ব্ৰেইন এটেক হৈছে এই ধৰণৰ একমাত্ৰ সৰ্বভাৰতীয় অভিযান যিয়ে ষ্ট্ৰোক প্ৰতিৰোধ, সজাগতা, পৰিচালনা, যত্ন, আৰু পুনঃসংস্থাপনৰ
পৰা আৰম্ভ কৰি প্ৰতিটো দিশৰে সমাধান প্ৰদান কৰে, গুৱাহাটীয়ে ভালদৰে আৰু প্ৰকৃতাৰ্থত এই অভিযানক অতি উৎসাহ, উদ্যম আৰু আগ্ৰহেৰে আকোৱালি লৈছিল।"
অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা ষ্ট্ৰ’ক এণ্ড নিউৰ’ভেছকুলাৰ আপডেট ২০২৪(এছ এন ভি আৰ ২০২৪)ৰ লগত সংগতি ৰাখি সংবাদমেলখন অনুষ্ঠিত হয়। এই উপলক্ষে ভাষণ প্ৰদান কৰি আয়োজক সম্পাদক-এছএনভিআৰ ২০২৪,
ডাঃ
বিপ্লব দাসে কয়- ‘ উই কেয়াৰ ষ্ট্ৰ’ক’ৰ এটা পদক্ষেপ 'ষ্ট্ৰ’ক এণ্ড নিউৰ’ভেছকুলাৰ আপডেট, এছএনভিআৰ২০২৪’
হৈছে এক উচ্চ পৰ্যায়ৰ গতিশীল একাডেমিক প্লেটফৰ্ম যিয়ে
ষ্ট্ৰ’কৰ বিস্তৃত পৰিচৰ্যা,নিউৰ’ভেছকুলাৰ ইণ্টাৰ ভেনচন,
আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত বিশেষজ্ঞ সকলৰ লগত আলোচনাৰ সুযোগ প্ৰদান কৰে। এছএনভিআৰ২০২৪ ৰ বিষয়বস্তু আছিল 'ম'ৰ প্ৰেক্টিছ এণ্ড লেছ থিঅ'ৰী',য'ত ষ্ট্ৰ’ক,নিউৰ’ ইণ্টাৰ ভেনচন, নিউৰ' ক্ৰিটিকেল কেয়াৰ, নিউৰ'ৰিহেব আৰু বিভিন্ন বিষয়ৰ ওপৰত কেইবাখনো কৰ্মশালা অনুষ্ঠিত হয়।
ষ্ট্ৰোক আৰু জনস্বাস্থ্যৰ প্ৰতি আগ্ৰহ থকা ৫০০ৰো অধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে এছএনভিআৰ২০২৪ ত অংশগ্ৰহণ কৰে।"
'মিশ্যন ব্ৰেইন এটেক'
ৰ লক্ষ্য হৈছে মগজুৰ ষ্ট্ৰোকৰ ওপৰত সজাগতা সৃষ্টি কৰা আৰু তিনিটা ক্ষেত্ৰত বিস্তৃত যত্ন প্ৰদান কৰা- প্ৰাথমিক প্ৰতিৰোধ যিটো হৈছে বিপদজনক কাৰকসমূহ নিয়ন্ত্ৰণ কৰা, সোণালী ঘণ্টাত থ্ৰম্ব'লাইছিছ আৰু যান্ত্ৰিক থ্ৰম্বেক্টমীকে ধৰি আগ্ৰাসী চিকিৎসা, আৰু অক্ষমসকলৰ বাবে দীৰ্ঘম্যাদী পুনঃসংস্থাপনৰ
ব্যৱস্থা কৰা।
মূল দিশ সমূহ আছিল তলত দিয়া
ধৰণৰ -
সোণালী ঘণ্টা
৪ ঘণ্টা ৩০ মিনিট হৈছে সোণালী ঘণ্টা, যাৰ ভিতৰত এজন ৰোগীক চিকিৎসালয়লৈ লৈ গৈ ষ্ট্ৰোক
ৰিভাৰ্ছ কৰিব পাৰি।
জেনেটিক্স
যদিও এজন ব্যক্তিয়ে ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ লগত জেনেটিক্সৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই, তথাপিও চিকিৎসাজনিত অৱস্থাৰ পাৰিবাৰিক ইতিহাসৰ এইক্ষেত্ৰত ভূমিকা থাকিব পাৰে।
লক্ষণসমূহ
ষ্ট্ৰোকৰ সকলো লক্ষণ চিনাক্ত কৰি ব্যক্তিজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা আৰু এই ক্ষেত্ৰত জনসচেতনতা অতি গুৰুত্বপূৰ্ণ।
কিছুমান লক্ষণ হ’ল:
বি-ভাৰসাম্যতা।
ই-দৃষ্টিশক্তি হেৰুওৱা।
এফ -মুখৰ বিচ্যুতি।
এ-হাত আৰু ভৰিৰ দুৰ্বলতা।
এছ- কথা কোৱাত সমস্যা।
টি-সময়, ষ্ট্ৰ'ক ৰেডী(চিটি স্কেন উপলব্ধতাৰ সৈতে) চিকিৎসালয়লৈ যাবলৈ ১০৮ বা এম্বুলেন্সলৈ ফোন কৰক।
উল্লেখ্য, সৰ্বসাধাৰণ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে দেওবাৰে পুৱা ৫.৩০ বজাৰ পৰা এটা সজাগতা ৰেলী উলিওৱা হ'ব আৰু ৰেলীৰ আজৰস্থিত কিৰণশ্ৰী গ্ৰেণ্ডত সামৰণি পৰিব।
No comments:
Post a Comment