কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত 'মিশ্রিত শিকন' বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কর্মশালাৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 20 September 2024

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত 'মিশ্রিত শিকন' বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কর্মশালাৰ আয়োজন

 

W7s news,,,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে নতুন দিল্লীস্থিত কমনবে এডুকেশানেল মিডিয়া চেন্টাৰ ফ'ৰ এচিয়া (CEMCA)ব সহযোগত অহা ২৫ৰ পৰা ২৭ চেপ্তেম্বৰ, ২০২৪ লৈ


'মিশ্রিত শিকন' বিষয়ক এখন তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়ৰ খানাপাৰত থকা নগৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হ'বলগীয়া এই কর্মশালাৰ লক্ষ্য হ'ল মুক্ত আৰু দূৰ শিক্ষণ ক্ষেত্ৰখনত মিশ্রিত শিক্ষণৰ ধাৰণা, প্রয়োজনীয়তা, পৰিসৰ আৰু পৰিপূৰক দিশবোৰৰ প্ৰাসংগিক জ্ঞানেৰে মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষকবৃন্দক সমৃদ্ধ কৰা। কর্মশালাত অংশগ্রহণ কৰা শিক্ষকবৃন্দই মিশ্রিত শিক্ষণ-শিকনৰ ধাৰণা তথা সুবিধাবোৰৰ বিষয়ে খৰছি মাৰি বুজাৰ লগতে বিস্তৃত উদাহৰণসহ মিশ্রিত শিকনৰ বাবে উপযুক্ত বিভিন্ন আৰ্হিৰ ৰূপৰেখা প্রস্তুত, শিক্ষার্থীয়ে হাতে-কামে ভাগ ল'ব পৰা তথা ফলপ্রসূ মিশ্রিত শিকন অভিজ্ঞতাৰ অধিকাৰী হ'ব পৰা শিক্ষণ পদ্ধতি সৃষ্টি আৰু মিশ্রিত শিক্ষণ শিকনৰ পৃষ্ঠভূমিত মূল্যায়ন কৌশল তথা সঁহাৰি প্রদান ব্যৱস্থাবোৰ পৰীক্ষা কৰিবলৈ সমর্থ হ'ব বুলি আশা কৰা হৈছে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য অধ্যাপক নাগেশ্বৰ ৰাও উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কর্মশালাৰ সমল ব্যক্তি দুগৰাকী হ'ল নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু প্রশাসন প্রতিষ্ঠান (NIEPA)ব তথ্য-সংযোগ প্রযুক্তি তথা প্রকল্প ব্যৱস্থাপনা গোটৰ মুৰব্বী অধ্যাপক কে শ্রীনিবাস আৰু দিল্লীৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ তথ্য-প্রযুক্তি সেৱাৰ প্রণালী-প্রশাসক ড° দীপক বিছলা। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ হৈ আয়োজক অধ্যাপক প্রণব শইকীয়া আৰু ড০ ইন্দ্রাণী কলিতাই সংবাদ মাধ্যমক জনাইছে যে কর্মশালাখনত ভাৰতৰ ১২ খন মুক্ত বিশ্ববিদ্যালয়ৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here