এ ডি আই জি আৰু টিচ্চমিণ্টৰ দ্বাৰা আয়োজিত টিচ্চটক্স স্কুল এক্সেলেন্স প্ৰগ্ৰেমত অংশগ্ৰহণ ৫০ খনতকৈও অধিক বিদ্যালয়ৰ, শিক্ষাগুৰুসকলক উন্নত পাঠদান সঁজুলি সম্পৰ্কে দিকদৰ্শন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 29 September 2024

demo-image

এ ডি আই জি আৰু টিচ্চমিণ্টৰ দ্বাৰা আয়োজিত টিচ্চটক্স স্কুল এক্সেলেন্স প্ৰগ্ৰেমত অংশগ্ৰহণ ৫০ খনতকৈও অধিক বিদ্যালয়ৰ, শিক্ষাগুৰুসকলক উন্নত পাঠদান সঁজুলি সম্পৰ্কে দিকদৰ্শন

Responsive Ads Here

 


W7s news,,গুৱাহাটী, ২৮ ছেপ্টেম্বৰ, ২০২৪: আজি গুৱাহাটীৰ হোটেল অতিথিত এ ডি আই জি আৰু টিচ্চমিণ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা বিদ্যালয় উৎকৃষ্টতা কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০খনতকৈও অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য আছিল বিদ্যালয়ৰ পাঠদানৰ মান উন্নত কৰাৰ বাবে শিক্ষকসকলক আধুনিক পাঠদান সঁজুলি আৰু কৌশলেৰে সজ্জিত কৰা। কৰ্মশালাখনিত শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ নেতৃবৃন্দসকলে অংশগ্ৰহণ কৰে।

IMG-20240928-WA0037

এই উপলক্ষে শিক্ষকসকলৰ বাবে “সামগ্ৰিক শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তি ব্যৱহাৰ: বিদ্যালয়ত ফলপ্ৰসূ ৰূপায়ণৰ কৌশল” শীৰ্ষক এক অংশগ্ৰহণমূলক বৈঠকৰ আয়োজন কৰা হয়। আলোচনাত শ্ৰেণীকোঠাত প্ৰযুক্তিৰ অন্তৰ্ভুক্তিৰ সৈতে জড়িত প্ৰত্যাহ্বান আৰু সুযোগ, ডিজিটেল সাক্ষৰতাৰ গুৰুত্ব আৰু শিক্ষক সবলীকৰণৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।


টিচ্চমিন্টৰ কৌশল আৰু উৎকৃষ্টতা বিভাগৰ শ্ৰীযুত সঞ্জয় ৰাধাকৃষ্ণনে আঁত ধৰা এই বৈঠকত আধুনিক শিক্ষণ প্ৰয়োজনীয়তাৰ সৈতে পৰম্পৰাগত শিক্ষণ ব্যৱধান দূৰ কৰাৰ উপায়, ফলপ্ৰসূ পাঠদান পদ্ধতি, নিজৰ ইচ্ছানুযায়ী শিক্ষণ সমাধান আৰু বহুতো বিষয় আলোচনা কৰা হয়। লক্ষণীয় যে, এই কাৰ্যসূচী টিচ্চমিণ্ট আৰু ইয়াৰ অংশীদাৰসকলৰ যৌথ প্ৰচেষ্টাৰ অংশ, যিয়ে শিক্ষকসকলক ডিজিটেল সঁজুলি গ্ৰহণ কৰাত সহায় কৰে আৰু শ্ৰেণীকোঠাত এক সামগ্ৰিক শিক্ষণ পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।


এ ডি আই জি গুৱাহাটীৰ প্ৰতিষ্ঠাপক শ্ৰীযুত সন্দীপ দাসে কয়, “টিচ্চমিণ্টৰ টিচ্চটক্সৰ সৈতে অংশীদাৰিত্ব কৰি অঞ্চলটোৰ শিক্ষকসকলক প্ৰযুক্তিৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰাত সহায় কৰি মই আনন্দিত হৈছো। অঞ্চলটোৰ অনন্য প্ৰত্যাহ্বানসমূহৰ কথা মনত ৰাখি আমি বিদ্যালয়সমূহক উদ্ভাৱনীমূলক সমাধান আৰু উত্তম পদ্ধতিসমূহ প্ৰদান কৰি ব্যৱধান দূৰ কৰাৰ লক্ষ্য ৰাখিছোঁ। আমাৰ লক্ষ্য হৈছে শিক্ষকসকলক সহায় কৰা যাতে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক আকৰ্ষণীয় আৰু ব্যক্তিগতকৃত শিক্ষণ অভিজ্ঞতা গঢ়ি তোলাৰ লগতে এক সমতাপূৰ্ণ আৰু সমৃদ্ধিশালী শিক্ষণ পৰিৱেশ সৃষ্টি কৰিব পাৰে। ম‍ই মিজানুৰ ৰহমান আৰু শ্ৰীযুত তৰুণ থকচাম ডাঙৰীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, যাৰ সহায়-সহযোগিতাই এই অনুষ্ঠানটোক সফল কৰি তুলিছে।”এই পদক্ষেপে অংশগ্ৰহণকাৰীসকলৰ পৰা যোগাত্মক সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকে শিক্ষক সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা ব্যৱহাৰিক পদক্ষেপসমূহৰো শলাগ লয়।

উল্লেখ্য যে, এ ডি আই জিয়ে ইন্টাৰেক্টিভ স্মাৰ্ট ব’ৰ্ড, চাউণ্ড চিষ্টেম, ডিছপ্লে’ আৰু প্ৰজেক্টৰৰ দৰে স্মাৰ্ট সমাধানৰ জৰিয়তে শ্ৰেণীকোঠাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এ ডি আই জিৰ বিষয়ে অধিক জানিবলৈ ইচ্ছুকসকলে https://www.adigindia.com/ বা ৯৭০৬৪৪৪৪১৭/ ৯৩৯৫৯৪৫০৭২ নম্বৰত যোগাযোগ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *