আজি কেৰালাৰ বিৰুদ্ধে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰথম মেচ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 29 September 2024

আজি কেৰালাৰ বিৰুদ্ধে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰথম মেচ

 



গুৱাহাটী, ২৯ ছেপ্টেম্বৰ ঃ আসন্ন শাৰদীয় দূৰ্গা পূজাৰ প্ৰস্তুতি আৰু আনন্দ-উৎসৱৰ মাজতে কাইলৈ গুৱাহাটীত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব৷ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নিশা ৭ .৩০ বজাত হ’বলগা মেচত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে খেলিব৷ 


উল্লেখ্য যে এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে চলিত আই এছ এলৰ প্ৰথমখন ঘৰুৱা ষ্টেডিয়ামত খেলিব লগা মেচ৷ দলে এইবাৰ লীগৰ প্ৰথম দুখন মেচ কলকাতাত খেলিছে৷ আনহাতে, ইয়াৰপূৰ্বে দলে ছিজনৰ আৰম্ভনিতে ডুৰাণ্ড কাপৰ মেচ অসমত খেলিছিল যদিও গুৱাহাটীৰ সমৰ্থকৰ সন্মুখত চেম্পিয়ন দলটোৱে প্ৰথমবাৰৰ বাবে খেলিব৷


মহমেদান স্পৰ্টিং ক্লাবক পৰাস্ত কৰি এইবাৰ লীগত প্ৰত্যাশিত আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডে কলকাতাত খেলা দ্বিতীয় মেচখনত ডিফেণ্ডিং চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে দুবাৰ অগ্ৰগতি লৈয়ো পৰাজয়ৰ সন্মুখীন হয়৷ গুৱাহাটীত দলে ঘৰুৱা অনুৰাগীৰ সন্মুখত কাইলৈ তিনি পইণ্ট অৰ্জনৰ লক্ষ্যৰে খেলিব৷


ইফালে, কেৰালা ব্লাষ্টাৰ্ছে প্ৰথম দুখন মেচ ঘৰত খেলাৰ পাছত কাইলৈ সৰুসজাইত তৃতীয় মেচত অংশ ল’ব৷ উল্লেখ্য যে কোচিত খেলা অভিযান মেচত কেৰালা ব্লাষ্টাৰ্ছ পঞ্জাৱ এফ চিৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ কিন্তু দ্বিতীয় মেচখনত ইষ্ট বেংগল এফ চিক পৰাস্ত কৰি গুৱাহাটীলৈ আহিছে৷


নৰ্থ ইষ্ট ইউনাইটেডে যোৱা ছিজনত গুৱাহাটীত খেলা অন্তিম দুখন মেচত কেৰালা ব্লাষ্টাৰ্ছ [২-০] আৰু ওড়িছা এফ চি [৩-০] ক পৰাস্ত কৰিছিল৷ কিন্তু সৰুসজাই ষ্টেডিয়ামত ঘৰুৱা দলটোৱে কেতিয়াও ধাৰাবাহিকভাবে তিনিখন মেচত জয়লাভ কৰা নাই৷ কাইলৈ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে নতুন অভিলেখ গঢ়াৰ সুযোগ৷


‘মোৰ বাবে প্ৰতিখন মেচে ফাইনেল৷ মই খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শনৰ বাবে সচাকৈয়ে সুখী আৰু গৌৰৱান্বিত৷ অৱশ্যে আমি বহু ক্ষেত্ৰত উন্নতি সাধন কৰিব লাগিব৷ এতিয়া আমাৰ সন্মুখত কেৰালা ব্লাষ্টাৰ্ছ আৰু আমি এই মেচৰ বাবে সাজু৷ পৰৱৰ্তী খেলৰ চিন্তা পাছত কৰিম৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে  কয়৷


ইফালে, কেৰালা ব্লাষ্টাৰ্ছে নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে যোৱা ছখন মেচৰ তিনিখনত জয় তথা দুখন ড্ৰ খেলিছে৷ আই এছ এলত উভয় দলৰ মাজত হোৱা ২০খন খেলৰ ভিতৰত নৰ্থইষ্ট ইউনাইটেডে পাচখন খেলত জয়লাভ কৰাৰ বিপৰীতে কেৰেলা ব্লাষ্টাৰ্ছে আঠবাৰ বিজয়ী হৈছে৷ সাতখন মেচৰ ফলাফল ড্ৰ’৷


যোৱা মেচৰ সফলতাৰ পাছত কেৰেলা ব্লাষ্টাৰ্ছৰ মুখ্য প্ৰশিক্ষক মাইকেল ষ্টাহৰেই কয় ‘অন্তিম ক্ষণত গল দি জয়লাভ কৰাটো আমাৰ বাবে ইতিবাচক দিশ৷ ফুটবলত সকলোৱে লাইন আপৰ কথা কয়, কিন্তু খেলৰ শেষ মিনিটত লাইন আপত কোন আছে সেই বিষয়টোহে অতি গুৰুত্বপূৰ্ণ৷’


নৰ্থইষ্ট ইউনাইটেডৰ আলায়েডিন আজাৰাইয়ে প্ৰথম দুখন মেচত দুটা গ’ল দিছে৷ যদি তেওঁ কাইলৈ তৃতীয়খন খেলতো গ’ল দিয়ে তেন্তে একেৰাহে ছখন খেলত গ’ল দিয়া এলানোৰ পিছত তেওঁ আই এছ এলৰ প্ৰথম তিনিখন মেচৰ প্ৰতিখনতে গ’ল দিয়া দ্বিতীয়জন খেলুৱৈ হ’ব৷


ইফালে, তেৰটা গল কৰা অসম সন্তান পাৰ্থিব গগৈয়ে বাৰ্থলমিউ অগবেচে [১৪]ৰ পৰা দুটা দূৰত্বত থকাৰ লগতে ফেডেৰিকো গালেগো [২০]ৰ পিছত নৰ্থইষ্ট ইউনাইটেডৰ হৈ দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হোৱাৰ সুযোগ আছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here