মহানগৰীত পুনৰ 'দেৱী' - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 29 September 2024

demo-image

মহানগৰীত পুনৰ 'দেৱী'

Responsive Ads Here







W7s news,,,গুৱাহাটী ২৯ ছেপ্টেম্বৰ

IMG-20240929-WA0051


 ৬ অক্টোবৰত পুনৰ মঞ্চস্থ কৰা হ'ব বহুল চৰ্চিত আৰু জনপ্ৰিয় নৃত্য নাটিকা 'দেৱী'। ৰাজ্যৰ অগ্ৰণী ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত আৰু নৃত্যৰ শিক্ষানুষ্ঠান সুৰসংগমৰ বাৰ্ষিক অনুষ্ঠান 'সুৰসংগম ফেষ্টিভেল অৱ ডান্স এণ্ড মিউজিক'ৰ দ্বিতীয় দিনা নৃত্য নাটিকা খন মঞ্চস্থ কৰা হ'ব। কথক নৃত্য শৈলীত 'দেৱী' মঞ্চস্থ হ'ব। আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কথক নৃত্যাংগনা মেঘৰঞ্জনী মেধি আৰু অভিনেত্ৰী সুনীতা কৌশিকে  'দেৱী'ত অভিনয় কৰিব। 'দেৱী'ত কথকৰ সৈতে দেওধনী, ওজাপালি, আইনাম, ৰণচণ্ডী আদি কেইবাটাও অসমীয়া লোকসংস্কৃতিৰ সংযোজন ঘটোৱা হৈছে। মহোৎসৱৰ প্ৰথম দিনা, অৰ্থাৎ ৫ অক্টোবৰত সুৰসংগমৰ শিক্ষাৰ্থী সকলৰ লগতে কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ সমাহাৰেৰে পৰিৱেশন কৰা হ'ব এক অনন্য সুন্দৰ অনুষ্ঠান। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত দুয়োদিনৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। Bookmyshowৰ জৰিয়তে অনলাইন যোগে আৰু 9864038306 নম্বৰত ফোন কৰি 'দেৱী'ৰ টিকট উপলব্ধ কৰিব পাৰিব বুলি এক বিজ্ঞপ্তিত প্ৰকাশ। 

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *