গুৱাহাটীৰ জু ৰোডত ৪এচেছ ৰিটেইল প্ৰাইভেট লিমিটেড মুকলি হ'ল ৰয়েল এনফিল্ড গৰিলা ৪৫০ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 28 July 2024

গুৱাহাটীৰ জু ৰোডত ৪এচেছ ৰিটেইল প্ৰাইভেট লিমিটেড মুকলি হ'ল ৰয়েল এনফিল্ড গৰিলা ৪৫০


 

• অন্তর্নিহিত সঁহাৰি, প্ৰকৃত প্রবৃত্তি আৰু বিশুদ্ধ অন্তর্দৃষ্টিৰ বাবে নির্মিত প্রিমিয়াম আধুনিক ৰোডষ্টাৰ সম্পূৰ্ণ নতুন ৰয়েল এনফিল্ড গৰিলা ৪৫০ হৈছে স্বাধীনতাৰ ঘোষণা, যি প্রত্যাহ্বানমূলকভারে পৃথক, আৰু ভয়ংকৰ অল-ৰোডষ্টাৰ


• শ্বেপা ৪৫০ প্লেটফর্মত নির্মিত গৰিলাই গতিশীল চেছিছ আৰু ৰাইডিং মুডৰ সৈতে শক্তিশালী ইঞ্জিনৰ সংমিশ্রণ ঘটায় ৪০ পি এছ আৰু ৪০ এন এম ৰেৱ ৰেঞ্জত ডেলিভাৰী দিয়ে, গৰিলা ৪৫০ হৈছে এখন সাহসী আৰু উদ্যমী ৰোডষ্টাৰ


W7s news,,গুৱাহাটী, ২৮ জুলাই: ৰোডষ্টাৰ আৰু কেতিয়াও পূৰ্বৰ দৰে নহল। পথো পূৰ্বৰ দৰে নহথ, কিয়নো ৰয়েল এনফিল্ডে গুৱাহাটীৰ জু ৰোডত ৪এচেছ ৰিটেইল প্ৰাইভেট লিমিটেডত মুকলি কৰিলে নিজৰ প্রিমিয়াম মডার্ন ৰোডষ্টাৰ- ৰয়েল এনফিল্ড গৰিলা ৪৫০। শ্ব’ৰুমৰ পৰিচালন সঞ্চালক শ্ৰী চিৰাগ গুপ্তা, চি অ’ অ’ শলিনী গুপ্তা আৰু সতীশ বাৰ্মা (এ এছ এম, ৰয়েল এনফিল্ড)ৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰে ৰয়েল এনফিল্ড গৰিলা ৪৫০।

এই উপলক্ষ্যে সত্ৰাধিকাৰ গুপ্তা কৈয়ে ৰোডষ্টাৰবোৰ প্ৰকৃততে কেনেধৰণৰ সেয়াই বিশ্ববাসীক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে মুকলি কৰা মটৰ চাইকেলখন গতিশীল, স্বঃজ্ঞাত আৰু শক্তিধৰ বেঙৰ জৰিয়তে আগবাঢ়িবলৈ আগ্রহী। গৰিলা ৪৫০ হৈছে এখন শক্তিশালী, বহুমুখী আৰু অত্যাধুনিক মটৰ চাইকেল, যাৰ উদ্দেশ্য হৈছে বিশুদ্ধ, আনন্দ প্রদান কৰা। সেয়া লাগিলে ভিৰৰ মজেৰেই হওক বা দেওবাৰৰ এটা পুৱাৰ সজীৱ যাত্রা অথবা খালী পথত দীর্ঘ দূৰত্বৰ যাত্রাই হওক।

গৰিলা ৪৫০ হৈছে এনে এখন মটৰ চাইকেল যি চৰিত্ৰ, পদাৰ্থ আৰু আনৰ প্ৰতি উপেক্ষাক সামৰি লৈছে। ঠিক ৰয়েল এনফিল্ডৰ আনৰ পৰা পৃথক হৈ থিয় দিয়া মটৰ চাইকেল নিৰ্মাণৰ অনন্য যাত্ৰাৰ দৰেই। ৰয়েল এনফিল্ডৰ গৰিলা শ্ৰেণী সংজ্ঞায়িত আৰু বঁটা বিজয়ী মটৰ চাইকেলৰ প'ৰ্টফলিঅ'ই নিস্তব্ধ একাগ্রতাক প্রত্যাহ্বান জনাইছে। কেৱল এটা উদ্দেশ্যৰ বাবেই এইসমূহ বিকশিত কৰা হৈছে, সেয়া হ'ল মটৰ চাইকেল চালনাৰ বিশুদ্ধ আনন্দ। গৰিলা ৪৫০ ৰয়েল এনফিল্ডৰ শক্তিশালী ৰোডষ্টাৰৰ দীঘলীয়া আৰু গল্পময় উত্তৰাধিকাৰৰ এক উল্লেখযোগ্য বিরর্তন চিহ্নিত হৈছে, যি শাখাত আগবাঢ়ি আছে।


গৰিলা ৪৫০ৰ বিষয়ে এচাৰ মটৰ্ছ লিমিটেডৰ পৰিচালন সঞ্চালক সিদ্ধার্থ লালে কয়- "গৰিলা ৪৫০ হৈছে আধুনিক ৰোডষ্টাৰৰ বাবে আমাৰ বৰঙনি। বাহনখন কেনেকৈ তৈয়াৰ হৈছে তাক লৈ আমি অত্যন্ত সুখী। মটৰ চাইকেলখন যান্ত্রিকভাৱে চৰিত্ৰপূৰ্ণ, অত্যাধুনিক আৰু ইয়াত প্রদর্শন, বহুমুখী গুণ তথা প্ৰেৰণাদায়ক তত্ত্বাৱধানৰ সংমিশ্রণ ঘটিছে। ইয়াক হিমালয়ানৰ দৰে একে মাধ্যমতে নিৰ্মাণ কৰা হৈছে, কিন্তু ৰোডষ্টাৰৰ প্ৰদৰ্শনত মিশ্ৰণ কৰা হৈছে। যি প্রণালীয়ে বাহনখন চলালে ৰোমাঞ্চকৰভাৱে পৃথক অনুভৱ প্ৰদান কৰে। গৰিলাই সঁচাকৈয়ে ৰোডষ্টাৰসকলৰ কৌশল উলিয়াই আনে। দৈনন্দিন গতিবেগত চলাবলৈ বাহনখন অত্যন্ত সঁহাৰিদায়ক আৰু গাম্ভীর্যপূণ। সম্পূর্ণ মাত্রাত বাহনখনত গতিবেগেৰ যাত্ৰা কৰাও সমানেই আনন্দদায়ক। ইঞ্জিন, চেছিছ, ৰাইডিং স্থান আৰু মটৰ চাইকেলখনৰ শক্তিশালী

হেগুলিং সকলোৱে সঁচাকৈ ইয়াৰ যন্ত্রাংশৰ যোগফলৰ দৰেই শক্তি প্রদান কৰিছে।"


লেটিন আমেৰিকাৰ বেছিভাগ বজাৰতে ৰয়েল এনফিল্ড গৰিলা ৪৫০ক ৰয়েল এনফিল্ড জি আৰ আৰ ৪৫০ বুলিও কোৱা হ'ব। লাইন-আপত তিনিটা সংস্কৰণ ক্ৰমে এনাল'গ, ডেছ আৰু ফ্লেছৰ লগতে পাঁচটা প্রাণরন্ত ৰঙো আছে। বাহনখনৰ ভাৰতত বুকিং ২,৩৯,০০০ টকাৰ আৰম্ভণিৰ দামত আজি আৰম্ভ হৈছে। টেষ্ট ৰাইড আৰু খুচুৰা বিক্রী আৰম্ভ হ'ব ২০২৪ চনৰ ১ আগষ্টৰ পৰা। ইউৰোপতো বাহনখনৰ বুকিং আৰম্ভ হৈছে। ব্রিটেইনত ৪,৮৫০ পাউণ্ড আৰু জার্মানীত ৫,২৯০ ইউৰোত আগষ্টৰ মাজভাগৰ পৰা খুচুৰা বিক্ৰী আৰম্ভ হোৱাৰ আশা কৰা হৈছে। (দেশ, ভিন্নতা আৰু দামৰ বিৱৰণ নিম্নোলিখিত তালিকাত)


নতুন মটৰ চাইকেলখনৰ বিষয়ে ৰয়েল এনফিল্ডৰ চি ই অ' বি গোবিন্দৰাজনে কয়- "গৰিলা ৪৫০ এখন গাম্ভীর্যপূর্ণ আৰু দিক নির্ণায়ক ৰোডষ্টাৰ। যেতিয়া আমি শ্বের্পা ৪৫০ প্লেটফৰ্মৰ পৰা আৰম্ভ কৰিছিলো, তেতিয়া আমি এডভেঞ্চাৰ ট্যুৰাৰ আৰু ছুপাৰলেটিভ ৰোডষ্টাৰৰ কল্পনা কৰিছিলোঁ। যি স্পষ্টভাৱে ৰয়েল এনফিল্ডক প্রকাশ কৰিব। গেৰিলা ৪৫০ ঠিক তেনেকুৱাই- চৰিত্ৰ আৰু আত্মবিশ্বাসেৰে ভৰা এখন ৰোডষ্টাৰ। হিমালয়ানৰ সমান্তৰালভাৱে বিকশিত গৰিলা চহৰত চালনাৰ লগতে জটিল পথৰ মাজেৰে অৱসৰৰ দিনত যাত্ৰাৰ বাবে নিখুঁতভাৱে তৈয়াৰ কৰা হৈছে। বাহনখনৰ অন-ৰোড তত্ত্বাৱধান আচৰিত ধৰণৰ, শক্তি প্ৰদানৰ সৈতে সংযুক্ত আৰু চমৎকাৰ চেছিছ গতিশীলতাই মটৰ চাইকেলৰ চৰিত্ৰ বৃদ্ধি কৰে। আচৰিত ধৰণৰ পৰিৱেশন, স্থিৰতা আৰু সহজ কৌশল প্ৰদান কৰে। এই মটৰ চাইকেলখন পৰীক্ষা কৰিবলৈ আৰু বিশ্বজুৰি চলাবলৈ আমি দীর্ঘ ভাল সময় পাৰ কৰিছোঁ। বাহনখন প্রকৃতার্থতে আপোনাৰ বাবেই আৰু আপোনাক এজন ৰাইডাৰ হিচাপে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সুযোগ দিয়ে।"


সমগ্ৰ ভাৰত, ব্রিটেইন আৰু ইউৰোপৰ দেশসমূহত আজিৰে পৰা বাহনখনৰ বুকিং আৰম্ভ হ'ব আৰু ২০২৪ চনৰ আগষ্ট মাহৰ পৰা ডেলিভাৰী আৰম্ভ হ'ব। অহা বছৰৰ আৰম্ভণিতে মটৰ চাইকেলখনে পর্যায়ক্রমে বিশ্বৰ বাকী অংশলৈ যাত্রা কৰিব। লাইন-আপত আচৰিত ধৰণৰ ৰঙৰ তিনিটা অনন্য ভিন্নতা আছে। ৰয়েল এনফিল্ডে গৰিলা ৪৫০ৰ সৈতে ব'ৰ্ডাৰলেছ ৱাৰেণ্টী প্ৰগ্ৰেম আৰম্ভ কৰিছে। যি সামৰি লৈছে ৭০ খনৰো অধিক দেশ।

ভাৰতত গৰিলা ৪৫০ তিনিটা সংস্কৰণত মুকলি কৰা হ'ব। সেয়া হৈছে এনাল'গ, ডেছ আৰু ফ্লেছ, লগতে থাকিব ৬টা বিকল্প। এনাল'গত থাকিব স্ম'ক ছিলভাৰ আৰু প্লায়া ব্লেক। এই ভিন্নতাত এটা টি এফ টি ক্লাষ্টাৰ নাথাকে। গ'ল্ড ডীপৰ সৈতে ডেছত পুনৰ প্লায়া ব্লেক বৈশিষ্ট থাকিব। দুয়োটাতে থাকিব টি এফ টি ডিছপ্লে'। ফ্লেছ সংস্কৰণ স্তৰত হালধীয়া ৰিবন আৰু ব্ৰাভা ব্লু শীর্ষ স্পেকসমূহৰ সৈতে থাকিব। অন্যান্য বজাৰৰ বাবে এনাল'গ সংস্কৰণত কেৱল স্ম'ক ছিলভাৰেই হ'ব একমাত্র উপলব্ধ বিকল্প।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here