ৰূদ্ৰাক্ষ মলৰ এন ৱাই চিনেমাছত ভাৰতীয় সেনাৰ বাবে কাৰ্গিল বিজয় দিৱস অনুষ্ঠানৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 28 July 2024

ৰূদ্ৰাক্ষ মলৰ এন ৱাই চিনেমাছত ভাৰতীয় সেনাৰ বাবে কাৰ্গিল বিজয় দিৱস অনুষ্ঠানৰ আয়োজন


 

W7s news,,২০২৪ চনৰ ২৬ জুলাইত প্ৰখ্যাত অভিনেতা শ্ৰীযুত অজয় দেৱগনৰ মালিকানাধীন মাল্টিপ্লেক্স শৃংখলা এন ৱাই চিনেমাছে ভাৰতীয় সেনাৰ বীৰ সৈনিকসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দ্বিতীয়টো বৰ্ষৰ বাবে কাৰ্গিল বিজয় দিৱস উদযাপন কৰে। এই অনুষ্ঠান উপলক্ষে গুৱাহাটীৰ ৰূদ্ৰাক্ষ মলস্থিত এন ৱাই চিনেমাছত এক বিশেষ চলচ্চিত্ৰ প্ৰদৰ্শন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

এই গুৰুত্বপূৰ্ণ দিনটোৰ উদযাপনত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীস্থিত ভাৰতীয় সেনাৰ সেনানিবাসৰ ২৫০ ৰো অধিক সেনা জোৱানক তেওঁলোকৰ পৰিয়ালসহ আমন্ত্ৰণ জনোৱা হৈছিল। চিনেমাগৃহৰ ভিতৰভাগ ত্ৰিৰংগা সজ্জাৰে সজ্জিত কৰা হৈছিল, যিয়ে সমগ্ৰ অনুষ্ঠানটোত এক উৎসৱমুখৰ আৰু দেশপ্ৰেমৰ ভাৱ জাগৃত কৰা পৰিৱেশ সৃষ্টি কৰি তুলিছিল। ভাৰতীয় সেনাৰ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালে এন ৱাই চিনেমাছৰ দ্বাৰা আগবঢ়োৱা সুস্বাদু জলপানৰ সৈতে শেহতীয়া চিনেমা "বেড নিউজ" উপভোগ কৰি অপৰিসীম আনন্দ প্ৰকাশ কৰে।


এই অনুষ্ঠানে এন ৱাই চিনেমাছৰ ভাৰতীয় সেনাৰ নিষ্ঠা আৰু ত্যাগক সন্মান তথা শলাগ লোৱাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত অনুষ্ঠানত উপস্থিত সকলো ব্যক্তিৰ বাবে এয়া এক স্মৰণীয় দিন হিচাপে পৰিগণিত হৈ পৰে।


আমাৰ এই উদযাপন হৈছে দেশৰ বাবে সমস্ত ত্যাগ স্বীকাৰ কৰা আমাৰ জোৱানসকলৰ চিৰস্থায়ী মনোভাৱৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। যিসকলে আমাৰ বাবে ইমান ত্যাগ স্বীকাৰ কৰিছে তেওঁলোকক এক স্মৰণীয় চিনেমাৰ অভিজ্ঞতা আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। এই দিনটো তেওঁলোকৰ সাহসক স্বীকৃতি দিয়া আৰু শলাগ লোৱাৰ বাবে উৎসৰ্গিত। এই আনন্দ আৰু বন্ধুত্বসুলভ মুহূৰ্তবোৰে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব আমি আশা কৰিছোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here