"
W7s news,,গুৱাহাটী, ১৩ জুলাই– ভাৰতীয় উদ্যোগ সংঘৰ অধীনস্থ ইয়ং ইণ্ডিয়ানছ (Yi) য়ে গুৱাহাটী অধ্যায়ৰ যোগেদি উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। এই অধ্যায়টোৱে পেছাদাৰী আৰু উদ্যোগী যুৱ সকলক তেওঁলোকৰ অঞ্চল আৰু সামগ্ৰিকভাৱে জাতিটোক প্ৰভাৱিত কৰা জটিল বিষয়সমূহৰ সৈতে জড়িত হ’বলৈ এক শক্তিশালী মঞ্চ প্ৰদান কৰিছে। আৰম্ভণিৰে পৰাই অধ্যায়টোৱে যুৱক-যুৱতীসকলক সবলীকৰণ, উদ্যোগীকৰণক প্ৰসাৰিত কৰা, আৰু সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ৰিয়ভাৱে কাম কৰি আহিছে।
ইয়ং ইণ্ডিয়ানছ (Yi) য়ে জলবায়ু পৰিৱৰ্তন, গ্ৰাম্য উন্নয়ন, বহনক্ষমতা, উদ্ভাৱন, উদ্যোগীকৰণ আৰু নেতৃত্বৰ দৰে বিষয় সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গুৱাহাটী অধ্যায়টোত ইয়াৰ বিভিন্ন প্ৰভাৱশালী পদক্ষেপৰ জৰিয়তে ইয়ং ইণ্ডিয়ানছ (Yi)ৰ অভিযান বা লক্ষ্য-উদ্দেশ্যৰ উদাহৰণ দাঙি ধৰে।
শেহতীয়াকৈ G-20ৰ সময়ত আৰম্ভ কৰা Y-20ৰ পদক্ষেপৰ অংশ হিচাপে, ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা বিভাগৰ সৈতে ইয়ং ইণ্ডিয়ানছৰ গুৱাহাটী অধ্যায়ে ঘনিষ্ঠভাৱে কাম কৰি আহিছে । অধ্যায়টোৱে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সৈতেও সহযোগিতা কৰি যুৱ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুষ্ঠান আৰু কৰ্মশালা আয়োজন কৰিছে। শেহতীয়াকৈ অধ্যায়টোৱে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো,গুৱাহাটী ইউনিটৰ সৈতে অংশীদাৰিত্বৰে ' ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস'ত চাইক্লথন আৰু ৱাকথনৰ আয়োজন কৰিছে।এই অনুষ্ঠানে যুৱক-যুৱতীসকলৰ মাজত সম্প্ৰদায় আৰু দায়িত্ববোধ গঢ়ি তোলাৰ লগতে একে সময়তে সুস্থ, ড্ৰাগছমুক্ত জীৱনশৈলীৰ পোষকতা কৰাৰ লগতে আঞ্চলিক সমস্যাসমূহৰ সমাধানৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ইয়াৰ উপৰিও ই অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সৈতে অংশীদাৰিত্ব কৰি ৰাজ্যত পথ সুৰক্ষা তথা দুৰ্ঘটনা হ্রাসৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লয়। অধ্যায়টোৰ 'চোটা কপ' কাৰ্যসূচীয়ে সমগ্ৰ গুৱাহাটীৰ বিদ্যালয়সমূহত পথ সুৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধিত যথেষ্ট সহায় কৰিছে।
এই অধ্যায়টোত তেওঁলোকে নিজকে বিস্তাৰিত কৰি স্থানীয় বিদ্যালয়সমূহত গৈ নিয়মিতভাৱে ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ আয়োজন কৰে,তথা ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক উদ্যোগৰ পৰিচয় প্ৰদান কৰে।এই পদক্ষেপে নিশ্চিত কৰে যে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পাঠ্যপুথিৰ জ্ঞান বাস্তৱ জগতখনত পৰিস্থিতি সাপেক্ষে প্ৰয়োগ কৰিব পাৰে, যাতে শিক্ষণ অভিজ্ঞতা ও বৃদ্ধি পায়।
গুৱাহাটী অধ্যায়টোত কৰা বিভিন্ন কাৰ্যকলাপৰ মাজত অন্তৰ্নিহিত হৈ থকা বিষয়বস্তু এটা হ'ল, সমান সুযোগ । পৰাপক্ষত যি জনক সঁচা সহায়ৰ প্ৰয়োজন , অৰ্থাৎ আর্তজনৰ বাবে মৌলিক সুবিধা খিনি প্ৰদান কৰাটো নিশ্চিত কৰাৰ লগতে , প্ৰত্যেক কাৰ্যসূচীতেই বিশেষভাৱে সক্ষম যুৱক-যুৱতীৰ অংশগ্ৰহণ নিশ্চিত কৰা হৈছে। পেৰা গেম আয়োজন কৰাৰ পৰা আৰম্ভ কৰি, সৰু ল’ৰা-ছোৱালীৰ প্ৰতিভা প্ৰদৰ্শন ,ভ্ৰমণ, সজাগতা সভা ইত্যাদি বিভিন্ন অনুষ্ঠানেৰে এই গুৱাহাটী অধ্যায়টোত যুৱক-যুৱতীসকলৰ সক্ষমতা বৃদ্ধিৰ লগতে নেতৃত্ব গুণৰ অধিকাৰী কৰাবলৈ ইয়ং ইণ্ডিয়ানছৰ যি প্ৰতিশ্ৰুতি, সেয়া বাৰুকৈয়ে পৰিলক্ষিত হৈছে।
অধ্যায়টোৰ অন্যতম উল্লেখযোগ্য সামাজিক পদক্ষেপ হৈছে 'মাছুম সজাগতা সভা', য'ত শিশু ,অভিভাৱক, শিক্ষক আৰু শিশুৰ যত্ন লোৱা লোকসকল(কেয়াৰ টেকাৰ)ক কৰ্মশালা, প্ৰশিক্ষণ, তথা সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰি শিশুৰ যৌন নিৰ্যাতন বিষয়টোৰ ওপৰত জ্ঞান দিবলৈ যত্ন কৰা হয়। সদস্যসকলে শিশুৰ বাবে এনে এক নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ সৃষ্টিৰ বাবে অক্লান্তভাৱে কাম কৰি গৈছে। এই পদক্ষেপসমূহে নিৰ্যাতনৰ লক্ষণসমূহ চিনাক্ত কৰা, উপযুক্ত সীমাবদ্ধতা, আৰু সুস্থ সম্পৰ্ক আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ইয়ং ইণ্ডিয়ানছ (Yi)ৰ আন এটা মূল পদক্ষেপ হ’ল 'yuva' , য'ত ১৫ৰ পৰা ২৫ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।এই কৰ্ম আঁচনিৰ জৰিয়তে ইয়ং ইণ্ডিয়ানছ (Yi)য়ে যুৱক-যুৱতীসকলক তেওঁলোকৰ দক্ষতা বিকাশ, তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি তোলা আৰু সমাজলৈ সক্ৰিয় অৱদানকাৰী হোৱাৰ বাবে এক মঞ্চ প্ৰদান কৰাৰ লক্ষ্য লৈছে। ইয়ং ইণ্ডিয়ানছ (Yi)এ বিভিন্ন নেতৃত্ব বিকাশ কৰ্মশালা, মেণ্টৰশ্বিপ কাৰ্যসূচী, প্ৰকল্প পৰিচালনাৰ সুযোগ, দল গঠন কাৰ্য্যকলাপ, ৰাজহুৱা ভাষণ মঞ্চ, সিদ্ধান্ত গ্ৰহণৰ ভূমিকা, নেটৱৰ্কিং সুযোগ, আৰু উদ্ভাৱনক উৎসাহিত কৰে। এই অভিজ্ঞতাসমূহ প্ৰদান কৰি 'Yi' য়ে যুৱ ছাত্ৰ-ছাত্ৰীসকলক অত্যাৱশ্যকীয় নেতৃত্বৰ দক্ষতা বিকাশ, আত্মবিশ্বাস গঢ়ি তোলা, আৰু সমাজলৈ সক্ৰিয় অৱদানকাৰী হ’বলৈ শক্তিশালী কৰে। এই সামগ্ৰিক দৃষ্টিভংগীৰ জৰিয়তে 'Yi'য়ে পৰৱৰ্তী প্ৰজন্মৰ নেতা আৰু পৰিৱৰ্তনকাৰীক গঢ় দি আছে।
'Yi',গুৱাহাটী অধ্যায়ৰ অধ্যক্ষ, শ্ৰী প্ৰকাশ আগৰৱালাই কয়, ‘আমাৰ লক্ষ্য হৈছে ভাৰতীয় যুৱক-যুৱতীসকলক এখন মঞ্চ প্ৰদান কৰা,য'ত তেওঁলোকে একত্ৰিত হৈ মত- ধাৰণা বিনিময় কৰাৰ লগতে একেলগে কাম কৰি সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব পাৰে।" ইয়াৰ উপৰিও, 'Yi',গুৱাহাটী অধ্যায়ৰ সহ-অধ্যক্ষ শ্ৰী মতী ৰোণক খেটাৱাতে জনায় যে তেওঁলোকে ভাৰতীয় যুৱ সমাজক এক অন্য মাত্ৰা প্ৰদান কৰাৰ লগতে অঞ্চল সমূহৰো বৃদ্ধি আৰু উন্নয়ন হোৱাটো বিচাৰে।
যুৱসমাজে দৃষ্টিভংগীৰ আলোচনা কৰি তথা একত্ৰিত হৈ কাম কৰিলে যি ব্যাপক প্ৰভাৱ পেলাব পাৰে ,তাৰেই এক উজ্জ্বল নিদৰ্শন হৈছে ইয়ং ইণ্ডিয়ানছ (Yi)ৰ এই গুৱাহাটী অধ্যায়। তেওঁলোকৰ এই পদক্ষেপে অঞ্চলটোত যথেষ্ট পৰিৱৰ্তন আনিছে, তেওঁলোকৰ এই প্ৰচেষ্টা সঁচাকৈয়ে বহুতৰে বাবে এক অনুপ্ৰেৰণা।
No comments:
Post a Comment