অসামৰিক সেৱাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকললৈ বাবে ৪ কোটি টকাৰ বৃত্তি ঘোষণা স্মাৰ্ট আই এ এছৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 14 July 2024

অসামৰিক সেৱাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকললৈ বাবে ৪ কোটি টকাৰ বৃত্তি ঘোষণা স্মাৰ্ট আই এ এছৰ





W7s news,,গুৱাহাটী: অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আগ্ৰহী প্ৰাৰ্থীসকলক শৈক্ষিক আৰু পেছাদাৰী লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ উদ্দেশ্যে ৪ কোটি টকাৰ বৃত্তি ঘোষণা কৰিছে গুৱাহাটীস্থিত অসামৰিক সেৱাৰ কোচিং প্ৰতিষ্ঠান স্মাৰ্ট আই এ এছে। উল্লেখ্য যে, অহা ২১ জুলাইত প্রতিষ্ঠানখনৰ গুৱাহাটী কেন্দ্রত অনলাইন আৰু অফলাইনযোগে অনুষ্ঠিত হ’ব এই বৃত্তি পৰীক্ষা৷ শৈক্ষিক প্ৰতিষ্ঠানখনে সদৰী কৰা মতে, পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে মেধাৰ ভিত্তিত বৃত্তি লাভ কৰাৰ সুযোগ পাব।


এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি স্মাৰ্ট আই এ এছৰ সহ-প্ৰতিষ্ঠাপক অনিমেশ হাজৰিকাই কয়, ‘অসমৰ প্ৰাৰ্থীসকলৰ বাবে এক বৃহৎ বৃত্তিমূলক কাৰ্যসূচী ঘোষণা কৰি আমি অতিশয় আনন্দিত হৈছোঁ। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে এ পি এছ চি আৰু ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলক সহায় আগবঢ়োৱা আৰু উৎসাহিত কৰা। স্মাৰ্ট-স্পাৰ্ক পদক্ষেপৰ লক্ষ্য হৈছে যোগ্য প্ৰাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰি শক্তিশালী কৰা আৰু ১০০% পৰ্যন্ত বৃত্তিৰ জৰিয়তে তেওঁলোকৰ শৈক্ষিক আৰু পেছাদাৰী লক্ষ্যত উপনীত হোৱাত সহায় কৰা।’’


কোচিং প্ৰতিষ্ঠানখনে প্ৰকাশ কৰা মতে, এই বৃত্তিৰ পঞ্জীয়নৰ বাবে নূন্যতম অৰ্হতা হৈছে স্নাতক উত্তীৰ্ণ বা স্নাতক অধ্যয়নৰত। বৃত্তিৰ বিৱৰণ তলত দিয়া ধৰণৰ: স্মাৰ্ট-২০ শিক্ষাৰ্থী: ১০০% বৃত্তি (শীৰ্ষ ২০ গৰাকী প্ৰাৰ্থীৰ বাবে), স্মাৰ্ট-৩০ শিক্ষাৰ্থী: ৫০% বৃত্তি (পৰৱৰ্তী ৩০ গৰাকী প্ৰাৰ্থীৰ বাবে), স্মাৰ্ট-৫০ শিক্ষাৰ্থী: ৩৫% বৃত্তি (পৰৱৰ্তী ৫০ গৰাকী প্ৰাৰ্থীৰ বাবে)।উল্লেখ্য যে, এই বৃত্তিসমূহ কোনো চৰ্ত অবিহনে সমগ্ৰ পাঠ্যক্ৰমৰ বাবে প্ৰযোজ্য হ’ব। ইয়াৰ উপৰিও মহিলা পৰীক্ষাৰ্থীসকলৰ বাবেও এক বিশেষ সুযোগ প্ৰৱৰ্তন কৰা হৈছে, য’ত তেওঁলোকে কেৱল পৰীক্ষা দিয়াৰ বাবেই সমগ্ৰ পাঠ্যক্ৰমৰ মাচুলত সম্পূৰ্ণ ২৫% বৃত্তি লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে স্মাৰ্ট আই এ এছৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত গৈ বায়’ত লিংক কৰা ফৰ্মখন পূৰণ কৰি বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব। নতুবা ৭০০২০ ৭২৬৮৬ নম্বৰত ফোন কৰিও বৃত্তিৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here