W7s news গুৱাহাটী: – উত্তৰ-পূব ভাৰতত প্ৰৱেশৰ পিছত মেকড’নাল্ডছ ইণ্ডিয়া - নৰ্থ এণ্ড ইষ্টে জি এছ ৰোডৰ নিউজ লাইভ বিল্ডিঙত গুৱাহাটীত দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি কৰে। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিনিকি ভূঞা শৰ্মা আৰু মেকড’নাল্ডছ ইণ্ডিয়া – উত্তৰ আৰু পূবৰ উপাধ্যক্ষ অনন্ত আগৰৱালাৰ উপস্থিতিত এই মুকলি অনুষ্ঠান উদযাপন কৰা হয়। অনুষ্ঠানত দুয়োগৰাকীয়ে বন্তি প্ৰজ্বলন কৰে। এই উপলক্ষে স্থানীয় বিহু নৃত্যশিল্পীৰ মনোমোহা অনুষ্ঠানেও অনুষ্ঠানৰ শোভা বঢ়ায়।
গুৱাহাটীত মুকলি কৰা দ্বিতীয়খন ৰেষ্টুৰেণ্টে ভাৰতৰ অন্যতম প্ৰিয় ব্ৰেণ্ড হিচাপে মেকড’নাল্ডছৰ গ্ৰাহকসকলক বিশ্বমানৰ ৰেষ্টুৰেণ্টৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
মেকড’নাল্ডছ জি এছ ৰোড ৰেষ্টুৰেন্টখন ৩,২৭২ বৰ্গফুট এলেকাত বিস্তৃত হৈ আছে আৰু ইয়াত ১৪৯ গৰাকী গ্ৰাহক বহিব পৰাৰ ক্ষমতা আছে। ৰেষ্টুৰেণ্টখনে বিশ্বব্যাপী অনুপ্ৰাণিত সজ্জা, আচবাব আৰু বাহিৰৰ ডিজাইনৰ সৈতে সমসাময়িক ৰূপ আৰু অনুভৱৰ বৈশিষ্ট্য প্ৰদান কৰি সকলো অতিথিৰ বাবে আদৰণীয় পৰিৱেশ প্ৰদান কৰে। মেকড’নাল্ডছৰ জি এছ ৰোড ৰেষ্টুৰেন্টখন উদ্ভাৱনীমূলক ‘ভৱিষ্যতৰ অভিজ্ঞতা’ ধাৰণাৰে নিৰ্মাণ কৰা হৈছে, যাৰ ফলত গ্ৰাহকে ডিজিটেল কিয়স্কত অৰ্ডাৰ দিব পাৰ আৰু তেওঁলোকৰ খাদ্য নিজে টেবুললৈ লৈ আহিব পাৰে আৰু মেকড’নাল্ডছক বাছি লৈ প্ৰতিবাৰেই নিৰাপদ আৰু সুস্বাদু খাদ্য উপভোগ কৰিব পাৰে।
গুৱাহাটীত দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলিৰ উদযাপনৰ সময়ত মেকড’নাল্ডছ ইণ্ডিয়া – উত্তৰ আৰু পূবৰ পৰিচালন সঞ্চালক ৰাজীৱ ৰঞ্জনে কয় যে, ‘আমাৰ প্ৰথমখন ৰেষ্টুৰেন্টে আশাপ্ৰদ সঁহাৰি লাভ কৰাৰ পিছত গুৱাহাটীত দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি কৰি আমি আনন্দিত হৈছো। ইয়াৰ দ্বাৰা উত্তৰ-পূব ভাৰতৰ গ্ৰাহকৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ লগতে ব্ৰেণ্ডটোৰ প্ৰতি তেওঁলোকৰ সঁহাৰিৰ বাবে আমি ধন্যবাদ জনাইছোঁ।'
ভাষণত
ৰিনিকি ভূঞা শৰ্মাই কয়, “এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ অংশ হ’বলৈ পাই আনন্দিত হৈছো। এটা প্ৰিয় ব্ৰেণ্ড হিচাপে মেকড’নাল্ডছে কেৱল সুস্বাদু খাদ্যই নহয়, গুণগত মান, স্থানীয় উৎসৰ প্ৰতি দায়বদ্ধতা, কৃষক, যোগানকাৰী আৰু নিয়োগ সৃষ্টিত অবদান আগবঢ়ায়।'
No comments:
Post a Comment