চিএমএফ বাই নাথিং-য়ে চিএমএফ ফোন ১, চিএমএফ বাডচ্ প্ৰ’ ২ আৰু চিএমএফ ৱাটচ্ প্ৰ’ ২ মুকলি কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 18 July 2024

চিএমএফ বাই নাথিং-য়ে চিএমএফ ফোন ১, চিএমএফ বাডচ্ প্ৰ’ ২ আৰু চিএমএফ ৱাটচ্ প্ৰ’ ২ মুকলি কৰিছে

 




W7s news,,,নতুন দিল্লী, ভাৰত - ৮ জুলাই, ২০২৪) – লণ্ডনস্থিত প্ৰযুক্তি কোম্পানী নথিঙৰ উপ-ব্ৰেণ্ড চিএমএফ-য়ে আজি নতুন সামগ্ৰীৰ ত্ৰয় - চিএমএফ ফোন ১, চিএমএফ ৱাটচ্ প্ৰ’ ২ আৰু চিএমএফ বাডচ্ প্ৰ’ ২ মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷

চিএমএফ ফোন ১

চিএমএফ ফোন ১-য়ে ভাৰতৰ প্ৰথম মিডিয়াটেক ডাইমেনচিটি ৭৩০০ ৫জি প্ৰচেছৰৰ সৈতে শ্ৰেণী-অগ্ৰণী প্ৰদৰ্শন প্ৰদান কৰে, যিটো দ্ৰুত, নিৰ্ভৰযোগ্য আৰু দক্ষ শক্তি মিতব্যয়িতাৰ বাবে নথিঙৰ সৈতে সহ-ইঞ্জিনিয়াৰিং কৰি প্ৰস্তুত কৰা হৈছে৷ ৫০০০ এমএএইচ বেটাৰীৰ সৈতে ব্যৱহাৰকাৰীসকলে এটা মাত্ৰ চাৰ্জতে দুদিনলৈকে উপভোগ কৰিব পাৰিব৷ এটা অনন্য আৰু কাষ্টমাইজেবল এণ্ড্ৰইড অভিজ্ঞতা প্ৰদান কৰি ১৬ জিবি পৰ্যন্ত ৰেমৰ সৈতে, ই মসৃণ মাল্টিটাস্কিং নিশ্চিত কৰাৰ লগতে নাথিং অ’এচ ২.৬-ত চলে৷

এই শক্তিশালী কেমেৰা ব্যৱস্থাটোত সন্নৱিষ্ট হৈ আছে চ’নী ৫০ মেগাপিক্সেলৰ পিছফালৰ কেমেৰাৰ সৈতে সঠিক ব’কেহ এফেক্টৰ বাবে ডেডিকেটেড প’ৰ্ট্ৰেইট চেন্সৰ আৰু ১৬ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা৷ এই চমকপ্ৰদ ৬.৬৭” চুপাৰ এএমঅ’এলইডি ডিছপ্লেত নিৰৱচ্ছিন্ন পাৰস্পৰিক ক্ৰিয়াসমূহৰ বাবে এটা অতি মসৃণ ১২০ হাৰ্টজ এডাপ্টিভ ৰিফ্ৰেছ ৰেটৰ বৈশিষ্ট্য উপলব্ধ হৈ আছে৷

চিএমএফ ৱাটচ্ প্ৰ’ ২

এখন ১.৩২’’ এএমঅ’এলইডি সদায়-চলি থকা ডিছপ্লে যিয়ে উচ্চ ৰিজ’লিউচন প্ৰদান কৰে আৰু কাষ্টমাইজেবল বিকল্পৰ সৈতে ১০০-টাতকৈ অধিক ঘড়ীৰ ফেচসমূহৰ সৈতে এটা সালসলনি কৰিব পৰা বেজেল ডিজাইনৰ সৈতে এটা বহুমুখী আৰু ষ্টাইলিছ স্মাৰ্টৱাটচ্৷ ই ১২০টাতকৈও অধিক স্প’ৰ্টছ মোড আৰু ৫টা স্প’ৰ্টছৰ স্বয়ংক্ৰিয় চিনাক্তকৰণ সমৰ্থন কৰে৷ এইটোৱে সকলো সময়তে কৰা স্বাস্থ্য নিৰীক্ষণ, ব্লুটুথ কল, সংগীত নিয়ন্ত্ৰণৰ লগতে ন’টিফিকেচন আৰু ৰিম’ট কেমেৰা নিয়ন্ত্ৰণৰ দৰে বুদ্ধিমত্তাসম্পন্ন বৈশিষ্ট্যসমূহ প্ৰদান কৰে৷ আইপি৬৮ পানী আৰু ধূলি প্ৰতিৰোধৰ সৈতে, ই এটা সক্ৰিয় জীৱনশৈলীক সমৰ্থন কৰাৰ সৈতে ১১ দিনলৈকে বেটাৰীৰ জীৱন প্ৰদানৰ গৌৰৱ অৰ্জন কৰে৷

চিএমএফ বাডছ প্ৰ’ ২

চিএমএফ বাডচ্ প্ৰ’ ২ এটা উচ্চ অডিঅ’ অভিজ্ঞতাৰ বাবে ডুৱেল ড্ৰাইভাৰ, এলডিএচিTM প্ৰযুক্তি, হাই-ৰিজ অডিঅ’ ৱায়াৰলেচ প্ৰমাণীকৰণ, ৫০ ডিবি স্মাৰ্ট এএনচি আৰু এটা কাষ্টমাইজেবল স্মাৰ্ট ডায়েলৰ সৈতে ডিজাইন কৰা হৈছে৷ গভীৰভাৱে নিমজ্জিত হ’ব বিচৰাসকলৰ বাবে, আমাৰ স্থানীয় অডিঅ’ এফেক্ট-য়ে আপোনাক এটা ত্ৰিমাত্ৰিক ধ্বনিৰ পৰিদৃশ্যত আৱৰি ৰাখে৷ ইয়াত ৪৩ ঘণ্টাৰ মুঠ বেটাৰী জীৱনৰ লগতে ৭ ঘণ্টাৰ প্লেবেকৰ বাবে ১০ মিনিটৰ দ্ৰুত চাৰ্জ প্ৰদান কৰে৷

দাম আৰু উপলব্ধতা

প্ৰকাৰকেইটাৰ মূল্য ক্ৰমে ৬জিবি + ১২৮জিবি ভেৰিয়েন্টৰ মূল্য ১৫,৯৯৯/- টকা আৰু ৮জিবি + ১২৮জিবি ১৭,৯৯৯/- টকাৰ সৈতে চিএমএফ ফোন ১-টো দুটা মডেলত উপলব্ধ হ’ব৷ প্ৰথম দিনা বিক্ৰীৰ সীমিত সময়ৰ বাবে গ্ৰাহকসকলে বিশেষ বেংক অফাৰ লাভ কৰি ৬জিবি + ১২৮জিবি ভেৰিয়েন্টটো ১৪,৯৯৯/- টকাত আৰু ৮জিবি + ১২৮জিবি ভেৰিয়েন্টটো ১৬,৯৯৯/- টকাত ক্ৰয় কৰিব পাৰিব৷ চিএমএফ ফোন ১-ৰ বাবে আনুষংগিক সামগ্ৰীসমূহৰ ভিতৰত আছে ১৪৯৯/- টকাৰ এটা কেছ, ৭৯৯/- টকাৰ এদাল ষ্টেণ্ড, ৭৯৯/- টকাৰ এটা লেনিয়াৰ্ড লগতে ৭৯৯/- টকাৰ এটা কাৰ্ড কেছ৷

ডাৰ্ক গ্ৰে আৰু এছ গ্ৰে বিকল্পৰ বাবে মূল্য ৪,৯৯৯/- টকা আৰু ভেগান লেদাৰত উপলব্ধ ব্লু আৰু অৰেঞ্জৰ ৫,৪৯৯/- টকাত চিএমএফ ৱাটচ্ প্ৰ’ ২ উপলব্ধ হোৱাৰ লগতে ৭৪৯/- টকাত বেজেল আৰু ষ্ট্ৰেপ চেট পাব পাৰিব৷ চিএমএফ বাডচ্ প্ৰ’ ২-ৰ মূল্য ৪,২৯৯/- টকা হোৱাৰ উপৰিও ফ্লিপকাৰ্টত চিএমএফ ফোন ১ ক্ৰয় কৰা গ্ৰাহকসকলে চিএমএফ ৱাটচ্ প্ৰ’ ২ আৰু চিএমএফ বাডচ্ প্ৰ’ ২-ৰ ওপৰত ১০০০/- টকাৰ ৰেহাই লাভ কৰিবলৈ সক্ষম হ’ব৷

মুকলি বিক্ৰী ১২ জুলাইৰ দুপৰীয়া ১২.00 বজাৰ পৰা আৰম্ভ হোৱাৰ সৈতে চিএমএফ.টেক আৰু খুচুৰা বিক্ৰয় অংশীদাৰসকলৰ পৰা ক্ৰয় কৰিব পৰাকৈ সামগ্ৰীসমূহ উপলব্ধ হ’ব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here