ৰাজ্যজুৰি 'বিদুৰভাই'ৰ মুক্তি, ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ এটা সপোনৰ সাৰ্থকতাতকৈ অধিক: সুব্ৰত কাকতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 18 July 2024

ৰাজ্যজুৰি 'বিদুৰভাই'ৰ মুক্তি, ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ এটা সপোনৰ সাৰ্থকতাতকৈ অধিক: সুব্ৰত কাকতি





W7s news,,গুৱাহাটী ১৯ জুলাই: বিদুৰভাই শীৰ্ষক বহুচৰ্চিত ব্যংগাত্মক হাস্যমধুৰ চলচ্চিত্ৰখনে অৱশেষত ৰাজ্যজুৰি মুক্তি লাভ কৰে। ইয়াৰ লগে লগে, চলচ্চিত্ৰখন দেশৰ আন চহৰসমূহতো মুক্তি পাব বুলি আশা কৰা হৈছে। যোৱা ১ জুলাইত মুক্তি লাভ কৰা ট্ৰেইলাৰটোৱে চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত বহুল জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু তেতিয়াৰ পৰাই চলচ্চিত্ৰখনে ৰাজ্যখনৰ চিনেমা হলৰ স্বত্ত্বাধিকাৰীসকলৰ মাজত ব্যাপক চাহিদা অৰ্জন কৰিবলৈ সক্ষম হৈছে।


গুৱাহাটী আৰু গোলাঘাটত অনুষ্ঠিত হোৱা চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰত পৰিচালক সুব্ৰত কাকতিয়ে কয়, "বিদুৰভাইক বৃহৎ পৰ্দালৈ আনি আমি যথেষ্ট সুখী হৈছো। কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই বিদুৰভাই আজি বৃহৎ পৰ্দালৈ আহিবলৈ সক্ষম হৈছে, ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ মোৰ আৰু বিদুৰভাইৰ গোটেই দলটোৰ বাবে এটি সপোনৰ সাৰ্থকতাতকৈয়ো অধিক।"


ৰুটষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত অৰ্ণৱ হাজৰিকাই এই হাস্যমধুৰ ছবিখন প্ৰযোজনা কৰিছে। চুমকি কচাৰী, পংকজ মহন্ত, অসীম শৰ্মা, নিতু খনিকৰ, বলিন বৰা, ত্ৰৈলোক্য বৰুৱা, উজ্জ্বল ৰাজখোৱা, ৰাজীৱ দেউৰী, হীৰকজ্যোতি বৰদলৈ, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, আচিফ জাভেদ, দীপমণি খাটনিয়াৰ, ধ্ৰুৱ কটকী, তনভীৰ জেভিৰ শৰ্মা আদি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে চলচ্চিত্ৰখনত অভিনয় কৰিছে।


সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ কাহিনীৰে প্ৰাণ পাই উঠা চলচ্চিত্ৰখনৰ চিত্ৰনাট্যকাৰ হৈছে সুব্ৰত কাকতি; আনহাতে, সহকাৰী পৰিচালক হৈছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া, সংগীত পৰিচালক হৈছে প্ৰণয় দত্ত, চিত্ৰগ্ৰহণকাৰী হৈছে বিতুল দাস, সহকাৰী চিনেমেট’গ্ৰাফাৰ হৈছে উত্তম কলিতা, ৰূপসজ্জা বিজেইতা পাটগিৰিৰ আৰু সাজসজ্জা জুৰি কলিতাৰ।


যোৱা বছৰৰ ব্লকবাষ্টাৰ শ্ৰী ৰঘুপতিৰ পিছত, সুব্ৰত কাকতিৰ দ্বিতীযখন ছবি বিদুৰভাইয়ে অসমৰ দৰ্শকসকলক আন এখন উচ্চমানৰ চলচ্চিত্ৰ উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here