অসমৰ জনসাধাৰণৰ লগত আছে ইণ্ডাছ টাৱাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 16 July 2024

অসমৰ জনসাধাৰণৰ লগত আছে ইণ্ডাছ টাৱাৰ


 


বান সাহায্যৰ বাবে অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সৈতে সহযোগিতা


W7s news,,,গুৱাহাটী, জুলাই ২০২৪: অসমত চলি থকা বানপানীত ৰাজ্যৰ জনসাধাৰণক উদ্ধাৰ, সাহায্য আৰু সহায়-সহযোগিতা আগবঢ়াবলৈ বিশ্বৰ অন্যতম বৃহৎ টেলিকম আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰে বান-সাহায্য সামগ্ৰী বিতৰণৰ বাবে অসম দুৰ্যোগ ব্যৱস্থাপনা সংস্থা (এএছডিএমএ)ৰ সৈতে সহযোগিতা আগবঢ়াইছে।

ইণ্ডাছ টাৱাৰৰ দলটোৱে সংযোগ নিশ্চিত কৰাৰ দিশত অহৰহ কাম কৰি আছে, দলটোৱে নাওৰে সমস্যাজৰ্জৰ স্থানত উপস্থিত হৈছে। ডিজিটেল সংযোগ পুনৰুদ্ধাৰৰ বাবে ৫০ গৰাকী ক্ষেত্ৰভিত্তিক কৰ্মচাৰী আৰু ৩৭৮ টেকনিচিয়ানে দিনে-নিশাই কাম কৰি আছে।ৰাজ্যখনৰ ১৮টা শিবিৰ - ধুবুৰী, শিলচৰ, কৰিমগঞ্জ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, মৰিগাঁও, বোকাখাত, হোজাই, বকো আৰু নলবাৰীত সাহায্য সামগ্ৰী যোগান ধৰিছে উত্তৰ-পূবৰ ইণ্ডাছ টাৱাৰৰ ৫০ গৰাকী কৰ্মচাৰীয়ে। সাহায্য পেকেজসমূহৰ ভিতৰত আছে পানী, গাখীৰ, ৰেডি–টু ইট খাদ্য সামগ্ৰী, ইনষ্টেন্ট ফুড, বেটাৰীযুক্ত টৰ্চ।

ইণ্ডাছ টাৱাৰ্ছৰ মুখ্য পৰিচালন বিষয়া তেজিন্দৰ কালৰাই কয়, "অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলৰ সৈতে আমাৰ হৃদয় জড়িত হৈ আছে আৰু এ এছ ডি এম এৰ সৈতে মিলি আমি ৰাজ্যৰ জনসাধাৰণলৈ আমাৰ সমৰ্থন আগবঢ়াম। এই সময়ত প্ৰত্যেকেই নিজৰ পৰিয়ালৰ সৈতে সংযুক্ত হৈ থাকিব বিচাৰে আৰু ইণ্ডাছ টাৱাৰৰ প্ৰচেষ্টা হৈছে আমাৰ টাৱাৰসমূহ পুনৰ স্থাপন কৰি টেলিকম নেটৱৰ্ক সংযোগ দ্ৰুতভাৱে পুনৰুদ্ধাৰ কৰাত সহায় কৰা।”

ইণ্ডাছ টাৱাৰ্ছৰ মাণ্ডলিক মূখ্য কাৰ্যবাহী বিষয়া ৰাজেন্দৰ গুৰুঙে কয়, ‘যিহেতু অসমে চলি থকা বানপানীৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে, সেয়েহে ক্ষীপ্ৰতাৰে কাম কৰা আৰু অত্যাৱশ্যকীয় সম্পদ যোগান ধৰাটো অতি গুৰুত্বপূৰ্ণ। ইণ্ডাছ টাৱাৰে পৰিস্থিতিৰ মহত্ব বুজি পায় আৰু এই কঠিন সময়ত স্থানীয় লোকসকলক সহায় কৰিবলৈ উৎসৰ্গিত। আমি অসমৰ সৈতে থিয় দি যিকোনো প্ৰকাৰে সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here