'ৰুজানী টী'ৰ দুটা ব্রেণ্ড মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 12 July 2024

'ৰুজানী টী'ৰ দুটা ব্রেণ্ড মুকলি







W7s news গুৱাহাটী: ১৮৯৭ চনত যোৰহাট জিলাৰ টীয়ক নদীৰ পাৰত আইদেউবাৰী চাহ বাগিচা স্থাপন কৰি ঠেঙাল মৌজাৰ খঙীয়া বৰুৱা পৰিয়ালে ইতিহাস ৰচনা কৰিছিল। পৰম্পৰাগত চাহ খেতিৰ বিপৰীতে ২০১৩ চনৰ পৰা কোম্পানীটোৱে মূল্য সংযোজিত চাহপাতৰ পৰিসৰ বৃদ্ধিত গুৰুত্ব দিয়ে। ইয়াৰ ফলত আইদেউবাৰী চাহ বাগিচাৰ চতুৰ্থ প্ৰজন্মই ৰুজানী নামেৰে পৰিচয় দি বিশ্বমুখি যাত্ৰা আৰম্ভ কৰে।

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল প্রগতি মেনৰত ৰুজানীৰ দুটা নতুন ব্রেন্ড মুকলি কৰা হয়। অনুষ্ঠানত ৰুজানীৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে বক্তব্য আগবঢ়াই ৰুজানীৰ স্বত্বাধিকাৰ ৰাজ বৰুৱাই। ৰুজনীৰ চিটিচি চাহৰ দুটা বেণ্ড ৰুজানী গল্ড আৰু ৰুজানী স্ট্রং প্রথম অৱস্থাত যোৰহাট আৰু সমীপৰ অঞ্চলত খুচুৰা বিপণীত বিক্ৰীৰ ব্যৱস্থা কৰা হয়। পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে এই বেণ্ড বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোলকীয় দৃষ্টিভংগীৰে অসমৰ থলুৱা চাহক বিশ্ব বজাৰলৈ নিবলৈ কোম্পানীটোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে কোম্পানীৰ কর্তৃত্বশীল বিষয়াই বিতংকৈ অৱগত কৰে।  ইতিমধ্যে ৰুজানী টিয়ে অস্ট্রেলিয়া আৰু নিউজিলেণ্ড বিভাগ মুকলি কৰিছে। তদুপৰি এই চাহ অস্ট্রেলিয়া, ছুইডেন, আমেৰিকা, ফ্রান্স, ডেনমার্ক আৰু চীনত উপলব্ধ। ৰুজানী চাহে ইতিমধ্যে আন্তজার্তিক স্তৰৰ কেইবাটাও বঁটা লাভ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here