গুৱাহাটীৰ ৬০টা ৱাৰ্ড সামৰি পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ যানবাহন বিষয়ক সমস্যা সমাধানৰ বাবে গৰাকীৰ পদূলিত উপস্থিত পৰিবহণৰ সহায়কাৰী দল W7s news গুৱাহাটীঃ এতিয়াৰে পৰা ঘৰতে বহি অনলাইনযোগে যান-বাহনৰ সংস্পৰ্শবিহীন সেৱা লাভ কৰিবলৈ অপাৰগ অথবা বিভিন্ন কাৰণত পৰিবহণ বিভাগৰ কাৰ্যালয়লত গৈ উপস্থিত হ’ব নোৱৰাসকলৰ সকলো সমস্যা নিমিষতে সমাধানৰ বাবে বাহনৰ গৰাকীৰ পদূলিমুখতে গৈ উপস্থিত হ’লগৈ পৰিবহণ বিভাগৰ সহায়কাৰী দ’ল ৷ গুৱাহাটী মহানগৰ জিলাৰ ৬০টা ৱাৰ্ডৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ বাহনৰ নথিপত্ৰ সঠিক কৰাকে ধৰি যাৱতীয় সকলো কামকাজ সমাধা কৰাৰ লক্ষ্যৰে আজি তৰুণ নগৰ পূজা মণ্ডপত শুভাৰম্ভ কৰা হ’ল পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী । মহানগৰীৰ ৱাৰ্ডে ৱাৰ্ডে উপস্থিত হৈ বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি যাৱতীয় কৰ-কাটল আদায় আৰু সকলো নথিপত্ৰৰ কাম তাৎক্ষণিকভাৱে সমাধানৰ বাবে পৰিবহণ বিভাগ প্ৰস্তুত হোৱাৰ খৱৰ পোৱা মাত্ৰকে গুৱাহাটী পৌৰনিগমৰ অধীনৰ বিভিন্ন ৱাৰ্ডৰ সন্মানীয় পাৰিষদসকল স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰিবলৈ আগবাঢ়ি আহিল। এই উপলক্ষে আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ স্মৃতা ৰয়ে মুকলি কৰিলে পৰিবহণৰ জনসেৱা কাৰ্যসূচী। পৰিবহণৰ এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে মহানগৰৰ সূচল, সুৰক্ষিত যাতায়াতত ব্যাপক সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰি ডেপুটি মেয়ৰ গৰাকীয়ে পৰিবহণ বিভাগক এই সময়োপযোগী কাৰ্যসূচীৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইয়াৰ আগেয়ে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে যোৱা দিনবিলাকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই অসমৰ পৰিবহণ বিভাগত আমূল পৰিবৰ্তন অনাইছে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতে প্ৰথমবাৰৰ বাবে ৫৫টাতকৈয়ো অধিক সংস্পৰ্শবিহীন সেৱা ৰাইজে ঘৰতে বহি পাব পৰা ব্যৱস্থা কৰিছে। তেওঁ কয় যে এই সুবিধা উপলব্ধৰ পিছতো যানবাহনৰ অনুজ্ঞাপত্ৰ,নথিপত্ৰ নৱীকৰণ, বকেয়াসহ যাৱতীয় কৰ আদায়কে ধৰি অনান্য সেৱা লাভৰ ক্ষেত্ৰত জনসাধাৰণ যি অসুবিধাৰ সন্মুখীন হৈছে সেই সকলোবোৰ তাৎক্ষণিকভাৱে সমাধান কৰাৰ অৰ্থে পৰিবহণ বিভাগে ঘোষণা কৰা ৯৫৭৭৯৯২১৫৩,৮০১১৩৩৩০১৩,৮৮২২৭৫৫৭৩৮, ৯১২৭২০৬৮০৩ হেল্পলাইন নম্বৰত ফোন কৰা মাত্ৰকে পৰিবহণৰ সহায়কাৰী দল উপস্থিত হ’বগৈ আৰু অনলাইনযোগে সকলো সমস্যা সমাধান কৰিব। ইয়াৰ বাবে তেওঁ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ তত্ত্বাবধানত ৬০টা ৱাৰ্ডৰ পাৰিষদৰ সহযোগত জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। ৱাৰ্ডসমূহত পৰিলক্ষিত যানবাহন বিষয়ক সমস্যা সমাধানৰ বাবে পাৰিষদৰ সহযোগত প্ৰয়োজন সাপেক্ষে অস্থায়ী শিৱিৰ স্থাপন কৰিব আৰু তাতো উপস্থিত হৈ পৰিবহণৰ বিষয়া-সহায়কাৰী দলে অনলাইনযোগে সমস্যা সমূহ সমাধান কৰিব। উল্লেখ্য যে, জনসেৱা কাৰ্যসূচীৰ জড়িয়তে যানবাহন ব্যৱহাৰকাৰীৰ সৈতে পৰিবহণ বিভাগৰ সম্পৰ্ক অধিক ওচৰ চপাই আনি সকলোৰে সহযোগত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাতো অন্যতম লক্ষ্য হিচাপে গ্ৰহণ কৰাৰ কথাও বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷ জনসেৱা কাৰ্যসূচী মুকলি উপলক্ষে অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত জিলা আয়ুক্ত সুনীল দত্ত, উপ আৰক্ষী অধীক্ষক তাৰাপদ দে, বিজেপিৰ বাণিজ্যিক কোষৰ আহ্বায়ক অমৃত আগৰৱালা, জতৰুণ নগৰ উন্নয়ণ সমিতিৰ সম্পাদক সুৰজ চৌধুৰী আদি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি পৰিবহণ বিভাগৰ এই ব্যতিক্ৰমী কাৰ্যসূচী আগবঢ়াই নিয়াৰ বাবে ৱাৰ্ডসমূহৰ পাৰিষদ সকললৈ আহ্বান জনায়। ইফালে সভাৰ জসমান্তৰালভাৱে পৰিবহণৰ বিশেষ সহায়কাৰী দলে মহানগৰীৰ ৩৮,৩৯নং ৱাৰ্ডৰ বিভিন্ন শিক্ষাৰ্থী-জনসাধাৰণৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, নথিপত্ৰ নৱীকৰণ আদি বিভিন্ন সমস্যাৰ তাৎক্ষণিক সমাধান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আজি পৰিবহণৰ বিষয়াবৰ্গকে ধৰি সন্মানীয় অতিথি সকলৰ উপস্থিতিত “গছপুলি ৰোপণ কৰোঁ যানবাহনৰ প্ৰদূষণ ৰোধ কৰোঁ” বাণীৰে তৰুণ নগৰ পূজামণ্ডপ চৌহদত বৃক্ষৰোপণ কৰা হয়। ইফালে যানবাহন চালনাৰ নীতি নিয়মৰ আধাৰত “নিৰ্বাক”ৰ শিল্পসকলে মুকাভিনয় পৰিবেশন কৰি পথ সুৰক্ষা সজাগতা অনুষ্ঠানো অব্যাহত ৰাখে।ও09007 - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 10 June 2024

গুৱাহাটীৰ ৬০টা ৱাৰ্ড সামৰি পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ যানবাহন বিষয়ক সমস্যা সমাধানৰ বাবে গৰাকীৰ পদূলিত উপস্থিত পৰিবহণৰ সহায়কাৰী দল W7s news গুৱাহাটীঃ এতিয়াৰে পৰা ঘৰতে বহি অনলাইনযোগে যান-বাহনৰ সংস্পৰ্শবিহীন সেৱা লাভ কৰিবলৈ অপাৰগ অথবা বিভিন্ন কাৰণত পৰিবহণ বিভাগৰ কাৰ্যালয়লত গৈ উপস্থিত হ’ব নোৱৰাসকলৰ সকলো সমস্যা নিমিষতে সমাধানৰ বাবে বাহনৰ গৰাকীৰ পদূলিমুখতে গৈ উপস্থিত হ’লগৈ পৰিবহণ বিভাগৰ সহায়কাৰী দ’ল ৷ গুৱাহাটী মহানগৰ জিলাৰ ৬০টা ৱাৰ্ডৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ বাহনৰ নথিপত্ৰ সঠিক কৰাকে ধৰি যাৱতীয় সকলো কামকাজ সমাধা কৰাৰ লক্ষ্যৰে আজি তৰুণ নগৰ পূজা মণ্ডপত শুভাৰম্ভ কৰা হ’ল পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী । মহানগৰীৰ ৱাৰ্ডে ৱাৰ্ডে উপস্থিত হৈ বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি যাৱতীয় কৰ-কাটল আদায় আৰু সকলো নথিপত্ৰৰ কাম তাৎক্ষণিকভাৱে সমাধানৰ বাবে পৰিবহণ বিভাগ প্ৰস্তুত হোৱাৰ খৱৰ পোৱা মাত্ৰকে গুৱাহাটী পৌৰনিগমৰ অধীনৰ বিভিন্ন ৱাৰ্ডৰ সন্মানীয় পাৰিষদসকল স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰিবলৈ আগবাঢ়ি আহিল। এই উপলক্ষে আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ স্মৃতা ৰয়ে মুকলি কৰিলে পৰিবহণৰ জনসেৱা কাৰ্যসূচী। পৰিবহণৰ এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে মহানগৰৰ সূচল, সুৰক্ষিত যাতায়াতত ব্যাপক সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰি ডেপুটি মেয়ৰ গৰাকীয়ে পৰিবহণ বিভাগক এই সময়োপযোগী কাৰ্যসূচীৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইয়াৰ আগেয়ে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে যোৱা দিনবিলাকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই অসমৰ পৰিবহণ বিভাগত আমূল পৰিবৰ্তন অনাইছে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতে প্ৰথমবাৰৰ বাবে ৫৫টাতকৈয়ো অধিক সংস্পৰ্শবিহীন সেৱা ৰাইজে ঘৰতে বহি পাব পৰা ব্যৱস্থা কৰিছে। তেওঁ কয় যে এই সুবিধা উপলব্ধৰ পিছতো যানবাহনৰ অনুজ্ঞাপত্ৰ,নথিপত্ৰ নৱীকৰণ, বকেয়াসহ যাৱতীয় কৰ আদায়কে ধৰি অনান্য সেৱা লাভৰ ক্ষেত্ৰত জনসাধাৰণ যি অসুবিধাৰ সন্মুখীন হৈছে সেই সকলোবোৰ তাৎক্ষণিকভাৱে সমাধান কৰাৰ অৰ্থে পৰিবহণ বিভাগে ঘোষণা কৰা ৯৫৭৭৯৯২১৫৩,৮০১১৩৩৩০১৩,৮৮২২৭৫৫৭৩৮, ৯১২৭২০৬৮০৩ হেল্পলাইন নম্বৰত ফোন কৰা মাত্ৰকে পৰিবহণৰ সহায়কাৰী দল উপস্থিত হ’বগৈ আৰু অনলাইনযোগে সকলো সমস্যা সমাধান কৰিব। ইয়াৰ বাবে তেওঁ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ তত্ত্বাবধানত ৬০টা ৱাৰ্ডৰ পাৰিষদৰ সহযোগত জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। ৱাৰ্ডসমূহত পৰিলক্ষিত যানবাহন বিষয়ক সমস্যা সমাধানৰ বাবে পাৰিষদৰ সহযোগত প্ৰয়োজন সাপেক্ষে অস্থায়ী শিৱিৰ স্থাপন কৰিব আৰু তাতো উপস্থিত হৈ পৰিবহণৰ বিষয়া-সহায়কাৰী দলে অনলাইনযোগে সমস্যা সমূহ সমাধান কৰিব। উল্লেখ্য যে, জনসেৱা কাৰ্যসূচীৰ জড়িয়তে যানবাহন ব্যৱহাৰকাৰীৰ সৈতে পৰিবহণ বিভাগৰ সম্পৰ্ক অধিক ওচৰ চপাই আনি সকলোৰে সহযোগত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাতো অন্যতম লক্ষ্য হিচাপে গ্ৰহণ কৰাৰ কথাও বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷ জনসেৱা কাৰ্যসূচী মুকলি উপলক্ষে অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত জিলা আয়ুক্ত সুনীল দত্ত, উপ আৰক্ষী অধীক্ষক তাৰাপদ দে, বিজেপিৰ বাণিজ্যিক কোষৰ আহ্বায়ক অমৃত আগৰৱালা, জতৰুণ নগৰ উন্নয়ণ সমিতিৰ সম্পাদক সুৰজ চৌধুৰী আদি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি পৰিবহণ বিভাগৰ এই ব্যতিক্ৰমী কাৰ্যসূচী আগবঢ়াই নিয়াৰ বাবে ৱাৰ্ডসমূহৰ পাৰিষদ সকললৈ আহ্বান জনায়। ইফালে সভাৰ জসমান্তৰালভাৱে পৰিবহণৰ বিশেষ সহায়কাৰী দলে মহানগৰীৰ ৩৮,৩৯নং ৱাৰ্ডৰ বিভিন্ন শিক্ষাৰ্থী-জনসাধাৰণৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, নথিপত্ৰ নৱীকৰণ আদি বিভিন্ন সমস্যাৰ তাৎক্ষণিক সমাধান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আজি পৰিবহণৰ বিষয়াবৰ্গকে ধৰি সন্মানীয় অতিথি সকলৰ উপস্থিতিত “গছপুলি ৰোপণ কৰোঁ যানবাহনৰ প্ৰদূষণ ৰোধ কৰোঁ” বাণীৰে তৰুণ নগৰ পূজামণ্ডপ চৌহদত বৃক্ষৰোপণ কৰা হয়। ইফালে যানবাহন চালনাৰ নীতি নিয়মৰ আধাৰত “নিৰ্বাক”ৰ শিল্পসকলে মুকাভিনয় পৰিবেশন কৰি পথ সুৰক্ষা সজাগতা অনুষ্ঠানো অব্যাহত ৰাখে।ও09007

 গুৱাহাটীৰ ৬০টা ৱাৰ্ড সামৰি পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ


যানবাহন বিষয়ক সমস্যা সমাধানৰ বাবে গৰাকীৰ পদূলিত উপস্থিত পৰিবহণৰ সহায়কাৰী দল



W7s news  গুৱাহাটীঃ এতিয়াৰে পৰা ঘৰতে বহি অনলাইনযোগে যান-বাহনৰ সংস্পৰ্শবিহীন সেৱা লাভ কৰিবলৈ অপাৰগ অথবা বিভিন্ন কাৰণত পৰিবহণ বিভাগৰ কাৰ্যালয়লত গৈ উপস্থিত হ’ব নোৱৰাসকলৰ সকলো সমস্যা নিমিষতে সমাধানৰ বাবে বাহনৰ গৰাকীৰ পদূলিমুখতে গৈ


উপস্থিত হ’লগৈ পৰিবহণ বিভাগৰ সহায়কাৰী দ’ল ৷ গুৱাহাটী মহানগৰ জিলাৰ ৬০টা ৱাৰ্ডৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ বাহনৰ নথিপত্ৰ সঠিক কৰাকে ধৰি যাৱতীয় সকলো কামকাজ সমাধা কৰাৰ লক্ষ্যৰে আজি তৰুণ নগৰ পূজা মণ্ডপত শুভাৰম্ভ কৰা হ’ল পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী । মহানগৰীৰ ৱাৰ্ডে ৱাৰ্ডে উপস্থিত হৈ বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি যাৱতীয় কৰ-কাটল আদায় আৰু সকলো নথিপত্ৰৰ কাম তাৎক্ষণিকভাৱে সমাধানৰ বাবে পৰিবহণ বিভাগ প্ৰস্তুত হোৱাৰ খৱৰ পোৱা মাত্ৰকে গুৱাহাটী পৌৰনিগমৰ অধীনৰ বিভিন্ন ৱাৰ্ডৰ সন্মানীয় পাৰিষদসকল স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰিবলৈ আগবাঢ়ি আহিল। এই উপলক্ষে আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ স্মৃতা ৰয়ে মুকলি কৰিলে পৰিবহণৰ জনসেৱা কাৰ্যসূচী। পৰিবহণৰ এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে মহানগৰৰ সূচল, সুৰক্ষিত যাতায়াতত ব্যাপক সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰি ডেপুটি মেয়ৰ গৰাকীয়ে পৰিবহণ বিভাগক এই সময়োপযোগী কাৰ্যসূচীৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইয়াৰ আগেয়ে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে যোৱা দিনবিলাকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই  অসমৰ পৰিবহণ বিভাগত আমূল পৰিবৰ্তন অনাইছে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতে প্ৰথমবাৰৰ বাবে ৫৫টাতকৈয়ো অধিক সংস্পৰ্শবিহীন সেৱা ৰাইজে ঘৰতে বহি পাব পৰা ব্যৱস্থা কৰিছে। তেওঁ কয় যে এই সুবিধা উপলব্ধৰ পিছতো যানবাহনৰ অনুজ্ঞাপত্ৰ,নথিপত্ৰ নৱীকৰণ, বকেয়াসহ যাৱতীয় কৰ আদায়কে ধৰি অনান্য সেৱা লাভৰ ক্ষেত্ৰত জনসাধাৰণ যি অসুবিধাৰ সন্মুখীন হৈছে সেই সকলোবোৰ তাৎক্ষণিকভাৱে সমাধান কৰাৰ অৰ্থে পৰিবহণ বিভাগে ঘোষণা কৰা ৯৫৭৭৯৯২১৫৩,৮০১১৩৩৩০১৩,৮৮২২৭৫৫৭৩৮, ৯১২৭২০৬৮০৩

হেল্পলাইন নম্বৰত ফোন কৰা মাত্ৰকে পৰিবহণৰ সহায়কাৰী দল উপস্থিত হ’বগৈ আৰু অনলাইনযোগে সকলো সমস্যা সমাধান কৰিব। ইয়াৰ বাবে তেওঁ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ তত্ত্বাবধানত ৬০টা ৱাৰ্ডৰ পাৰিষদৰ সহযোগত জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। ৱাৰ্ডসমূহত পৰিলক্ষিত যানবাহন বিষয়ক সমস্যা সমাধানৰ বাবে পাৰিষদৰ সহযোগত প্ৰয়োজন সাপেক্ষে অস্থায়ী শিৱিৰ স্থাপন কৰিব আৰু তাতো উপস্থিত হৈ পৰিবহণৰ বিষয়া-সহায়কাৰী দলে অনলাইনযোগে সমস্যা সমূহ সমাধান কৰিব। উল্লেখ্য যে, জনসেৱা কাৰ্যসূচীৰ জড়িয়তে যানবাহন ব্যৱহাৰকাৰীৰ সৈতে পৰিবহণ বিভাগৰ সম্পৰ্ক অধিক ওচৰ চপাই আনি সকলোৰে সহযোগত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাতো অন্যতম লক্ষ্য হিচাপে গ্ৰহণ কৰাৰ কথাও  বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷ জনসেৱা কাৰ্যসূচী মুকলি উপলক্ষে অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত জিলা আয়ুক্ত সুনীল দত্ত, উপ আৰক্ষী অধীক্ষক তাৰাপদ দে, বিজেপিৰ বাণিজ্যিক কোষৰ আহ্বায়ক অমৃত আগৰৱালা, জতৰুণ নগৰ উন্নয়ণ সমিতিৰ সম্পাদক সুৰজ চৌধুৰী আদি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি পৰিবহণ বিভাগৰ এই ব্যতিক্ৰমী কাৰ্যসূচী আগবঢ়াই নিয়াৰ বাবে ৱাৰ্ডসমূহৰ পাৰিষদ সকললৈ আহ্বান জনায়। ইফালে সভাৰ জসমান্তৰালভাৱে পৰিবহণৰ বিশেষ সহায়কাৰী দলে মহানগৰীৰ ৩৮,৩৯নং ৱাৰ্ডৰ বিভিন্ন শিক্ষাৰ্থী-জনসাধাৰণৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, নথিপত্ৰ নৱীকৰণ আদি বিভিন্ন সমস্যাৰ তাৎক্ষণিক সমাধান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আজি পৰিবহণৰ বিষয়াবৰ্গকে ধৰি সন্মানীয় অতিথি সকলৰ উপস্থিতিত “গছপুলি ৰোপণ কৰোঁ যানবাহনৰ প্ৰদূষণ ৰোধ কৰোঁ” বাণীৰে তৰুণ নগৰ পূজামণ্ডপ চৌহদত বৃক্ষৰোপণ কৰা হয়। ইফালে যানবাহন চালনাৰ নীতি নিয়মৰ আধাৰত “নিৰ্বাক”ৰ শিল্পসকলে মুকাভিনয় পৰিবেশন কৰি পথ সুৰক্ষা সজাগতা অনুষ্ঠানো অব্যাহত ৰাখে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here