W7s news,,নতুন দিল্লী, ৭ জুন 2024: ছিগ্ৰামৰ ৰয়েল ষ্টেগ-য়ে ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল (আইচিচি)-ৰ সৈ৬ জুনতে আৰু চাৰি বছৰৰ বাবে সম্পৰ্ক বৃদ্ধি কৰি ক্ৰিকেট আৰু ক্ৰীড়াৰ গোলকীয় অনুৰাগী সম্প্ৰদায়ৰ প্ৰতি ব্ৰেণ্ডটোৰ দায়বদ্ধতা অধিক দৃঢ় কৰি তুলিছে৷ ২০২৭ চনৰ শেষলৈকে চলিবলগীয়া এই অংশীদাৰিত্বই ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পৰা অফিচিয়েল সমৰ্থক হিচাপে ৰয়েল ষ্টেগৰ পদমৰ্যাদা প্ৰসাৰিত কৰে৷এই সম্প্ৰসাৰণটো ২০১৮ আৰু ২০২৩ চনৰ মাজত আইচিচি-ৰ সৈতে ব্ৰেণ্ডটোৰ সফল পাঁচ বছৰীয়া অংশীদাৰিত্বৰ পিছৰ৷ ৰয়েল ষ্টেগৰ বাবে ক্ৰিকেট সৰ্বদা উপভোক্তাসকলৰ সৈতে জড়িত এক মূল স্তম্ভ হৈ আহিছে লগতে আইচিচি
এই জোঁটবন্ধনটোৱে ব্ৰেণ্ডটোৰ ‘লিভ ইট লাৰ্জ’ দৰ্শনক আগস্থানত ৰাখি #ItStartsWithYou, #InItToWinIt আৰু #LargeHumaaraHai-ৰ দৰে একাধিক বৃহৎ-পৰিসৰৰ অভিযানসমূহ ৩৬০ ডিগ্ৰী মিডিয়া এম্প্লিফিকেচন, ডিজিটেল এংগেজমেণ্ট, উদ্ভাৱনীমূলক প্ৰযুক্তিগত হস্তক্ষেপ আৰু অতুলনীয় অনুৰাগীৰ অভিজ্ঞতাৰ জৰিয়তে পৰিচালিত হোৱা দেখা পাইছে৷
আইচিচিৰ সৈতে ব্ৰেণ্ডটোৰ সম্পৰ্ক সন্দৰ্ভত পেৰন’ড ৰিকাৰ্ড ইণ্ডিয়াৰ চীফ মাৰ্কেটিং অফিচাৰ কাৰ্তিক মহিন্দ্ৰা-য়ে কয় যে, ‘‘ৰয়েল ষ্টেগ-য়ে সদায় নিজৰ ব্ৰেণ্ড দৰ্শন ‘লিভ ইট লাৰ্জ’-ৰ সমৰ্থনত থিয় দি অহাৰ সৈতে মানুহক বৃহৎ সপোন দেখিবলৈ আৰু নিজৰ ভাগ্যৰ সৃষ্টিকৰ্তা হৈ পৰিবলৈ প্ৰেৰণা দিছে৷ পাইছে৷ ক্ৰিকেটৰ সৈতে আমাৰ যাত্ৰা ২০০০ চনৰ পৰা আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ ওপৰত এক বিশাল প্ৰভাৱৰ সৃষ্টি কৰি আমি এই ক্ৰীড়াৰ সৈতে আমাৰ সম্পৰ্ক শক্তিশালী কৰিছো৷ আইচিচি-ৰ সৈতে আমাৰ সন্মানীয় অংশীদাৰিত্বক নবীকৰণ কৰি আমি আনন্দিত হৈ পৰিছো কাৰণ ইয়ে ব্ৰেণ্ডটোক চৌপাশৰ ডাই-হাৰ্ড (দৃঢ়) ক্ৰিকেট অনুৰাগীসকলক ‘লিভ ইট লাৰ্জ’ অভিজ্ঞতাসমূহ যোগান কৰি যাবলৈ সক্ষম কৰি তোলে৷’’আইচিচিৰ চীফ কমাৰ্চিয়েল অফিচাৰ অনুৰাগ দহিয়া-য়ে কয়, ‘‘আইচিচি-য়ে ৰয়েল ষ্টেগৰ সৈতে কৰা অংশীদাৰিত্বক আৰু চাৰি বছৰৰ বাবে বৃদ্ধি কৰিবলৈ পাই আনন্দিত হৈ পৰিছে৷ নিজৰ ক্ষেত্ৰখনৰ গোলকীয় নেতা ৰয়েল ষ্টেগৰ দৰে ব্ৰেণ্ডৰ সৈতে অংশীদাৰিত্ব কৰি অনুৰাগীৰ অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰাৰ লগতে মানুহক আগৰ তুলনাত খেলৰ ওচৰলৈ অনাৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ পাই মই উৎসাহিত হৈ পৰিছো৷’’
No comments:
Post a Comment