পুস্পপালনৰ জৰিয়তে কুৰকুৰিয়া অঞ্চলত মহিলা সকলক শক্তিশালী কৰাৰ প্ৰয়াস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 10 June 2024

পুস্পপালনৰ জৰিয়তে কুৰকুৰিয়া অঞ্চলত মহিলা সকলক শক্তিশালী কৰাৰ প্ৰয়াস





  W7s news গুৱাহাটী: মহিলাসকলক শক্তিশালী কৰাৰ লগতে সমাজৰ প্ৰতিটো ক্ষেত্ৰ উন্নয়নৰ লক্ষ্যৰে হেল্পাইড ফাউণ্ডেচনৰ সহযোগত ড০ নব গোস্বামী ফাউণ্ডেচনে এক বিশেষ প্ৰকল্প আৰম্ভ কৰিছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাতি আৰু স্বৰ্গীয় প্ৰফুল্ল চন্দ্ৰ গোস্বামী আৰু গৌৰী প্ৰবা গোস্বামীৰ পুত্ৰ ড০ নব গোস্বামীৰ নেতৃত্বত এই পদক্ষেপৰ অংশ হিচাপে নাৰেংগীৰ ওচৰৰ কুৰকুৰিয়া গাওঁখন আকোৱালি লৈছে। যোৱা বছৰটোত প্ৰকল্পটোৰ অধীনত গৃহিনীসকলক পেছাদাৰী ৰোপণ আৰু ফুলৰ উদ্ভিদৰ যত্ন লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকক খেতিৰ বাবে বীজ যোগান ধৰে। এইটোৱে তেওঁলোকৰ মাজত কেৱল উদ্যানশস্যৰ দক্ষতা বৃদ্ধি কৰাই নহয়   পৰিয়ালৰ বাবে উপাৰ্জনৰ এক উৎস হৈ পৰিছে।প্ৰতি ২ ৰ পৰা ৪সপ্তাহত খেতি কৰা ফুলসমূহ ক্ৰয় কৰিবলৈ কুৰকুৰিয়ালৈ ভেণ্ডৰ যায় আৰু মহিলাসকলক তেওঁলোকৰ পৰিয়ালৰ ভৰণপোষণৰ বাবে অতিৰিক্ত উপাৰ্জনৰ উৎস প্ৰদান কৰে। অৰ্থনৈতিক লাভালাভৰ উপৰিও এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে জীৱন্ত আৰু ৰঙীন ফুলৰ বাগিচাৰ জড়িয়তে  কুৰকুৰিয়া অঞ্চলটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রস্থল হিচাপে গঢ়ি তোলা। হেল্পাইড ফাউণ্ডেচনৰ অঞ্জুলিনা দেৱ চৌধুৰীয়ে আৰম্ভণিৰ পৰাই প্ৰকল্পটোত সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু ইয়াৰ সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।আনহাতে এই পদক্ষেপৰ এক অংশ হিচাপে   লক্ষ্মী কান্ত শৰ্মাই তেওঁৰ মাতৃ স্বৰ্গীয় দুৰ্গা দেৱী শৰ্মাৰ স্মৃতিত এখন মাৰুতি ভান দান কৰিছে।এই বাহন খনৰ জৰিয়তে  অসমৰ বিভিন্ন প্ৰান্তত বীজ আৰু গছ পুলি বিতৰণ কৰা হৈছে।যাৰ বাবে এই প্ৰকল্পটোৰ ক্ষমতা আৰু অধিক বৃদ্ধি পাইছে।ড০ নব গোস্বামী ফাউণ্ডেচন আৰু হেল্পাইড ফাউণ্ডেচনৰ দ্বাৰা পুষ্পপালনৰ প্ৰচেষ্টাই কুৰকুৰিয়াত মহিলাসকলক শক্তিশালী কৰা আৰু অৰ্থনৈতিক বিকাশত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। নিৰন্তৰ সমৰ্থন আৰু শেহতীয়াকৈ পৰিবহন বাহনৰ সংযোগে  প্ৰকল্পটো অধিক বিকাশ আৰু সফলতাৰ বাবে সাজু হৈছে। এই পদক্ষেপে কেৱল অংশগ্ৰহণকাৰীসকলক জীৱিকাৰ পদ উলিয়াই দিয়াই  নহয় কুৰকুৰিয়া অঞ্চলক সৌন্দৰ্য বৰ্দ্ধনৰ দিশত এক অনন্য পৰ্যটন স্থল হিচাপে গঢ়ি তোলাৰ পদ প্ৰশস্ত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here