W7s news গুৱাহাটী: বলিউড আৰু দক্ষিণ ভাৰতীয় ছবি পৰিৱেশনৰ লগত জড়িত গুৱাহাটীৰ এগৰাকী প্রতিষ্ঠিত ছবি বিতৰক অসমৰ পৰা নিৰ্মিত অসমৰ প্ৰযোজক-পৰিচালক, বিশিষ্ট অধিবক্তা জোনমণি দেবী খাউণ্ডৰ প্রযোজনাত নির্মিত হিন্দী ছবি 'কুকি'য়ে অসমৰ ছবিগৃহত শ্ব' লাভ কৰাৰ পৰা বঞ্চিত হোৱাত অসমৰ ছবি জগতত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। অহা ২৮ জুনত সমগ্র দেশৰ লগতে অসমৰ ছবিগৃহত কুকি মুক্তি দিবলৈ গৈ প্রযোজক জোনমণি দেবী খাউণ্ড আৰু ছবিখনৰ মুম্বাইৰ প্ৰতিষ্ঠিত বিতৰক জে.ভি.ই.এল.ৰ স্বত্বাধিকাৰী মনোজ নন্দোৱানা, গুৱাহাটীৰ আগশাৰীৰ পৰিৱেশক সঙ্গম পিচাৰ্ছ অসমত বাধাৰ সন্মুখীন হৈছে একে দিনাই মুক্তি পাবলগীয়া দক্ষিণ ভাৰতৰ ছবি 'কল্কি'ৰ বাবে। অথচ কুকি ছবিখন চেন্নাই, বেঙ্গালৰু আদি দক্ষিণ ভাৰতীয় চহৰত পৰিৱেশনৰ বাবে প্রেক্ষাগৃহ পাইছে। কিন্তু কুকি ছবিখন অসমৰ সঁচা কাহিনীৰ পটভূমিত অসমৰ প্ৰযোজক-পৰিচালকৰ দ্বাৰা নিৰ্মাণ হোৱা স্বত্ত্বেও অসমতেই পিভিআব চিনেমাৰ বাহিৰে ছবিখনে প্রতিটো ছবিগৃহত এটাকৈ শ্ব'ও লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ আঁৰত আছে কল্কি চিনেমাখনৰ লগত জড়িত বিতৰক সংস্থাৰ মূৰব্বী জনৈক গোৱেংকা আৰু অসমৰ এচাম ছবিগৃহৰ মালিকৰ মইমতালি। ইয়াৰ প্ৰতিবাদত আজি অনুৰাধা ছবিগৃহৰ সমুখত অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাৰ লগতে ছবিখনৰ লগত জড়িত কলা-কুশলী আৰু অসমীয়া ছবি জগতৰ লগত জড়িত এচাম ব্যক্তিয়ে আৰু সচেতন মহিলা সমাজে ধর্ণা দি প্রতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে কিশোৰী, নাৰী ধৰ্ষণৰ দৰে এক জ্বলন্ত সঁচা কাহিনীৰ আধাৰত মনোৰঞ্জনধর্মীতাৰে নিৰ্মিত কুকি ছবিখন কাৰিকৰী দিশত যথেষ্ট মনোৰঞ্জন দিব পৰা ছবি আৰু ছবিখন দেশৰ বিভিন্ন প্রেক্ষাগৃহত মুক্তিৰ বাবে যোৱা এপ্রিল মাহতে তাৰিখ নির্ধাৰণ কৰিছিল আৰু অসমৰ প্ৰযোজকৰ ছবি হোৱা বাবে গুৱাহাটীত চেঞ্চৰ হৈছিল আৰু প্রযোজকে ছবিখনৰ সকলো প্রমোচন দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতেই বেছিকৈ কৰিছিল। সেই কাৰণে ছবিখনৰ পৰিৱেশক মনোজ নন্দোৱানা আৰু প্রযোজকে দেশৰ বিভিন্ন চহৰৰ প্ৰেক্ষাগৃহত শ্ব' পোৱাৰ লগতে অসমৰ প্রতিটো প্রেক্ষাগৃহত এটাকৈ হ'লেও শ্ব' বিচাৰিছিল। কিন্তু কল্কিৰ বিতৰকৰ মইমতালিৰ বাবে শ্ব' নোপোৱাত মনোজ নন্দোৱানাই কল্কিৰ বিতৰকৰ লগত যোগাযোগ কৰিছিল যদিও কোনো সংযোগ পোৱা নাই। উল্লেখ্য যে কল্কি ছবিখনে কুকিৰ পিছত চেঞ্চৰ আৰু মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰাৰ পিছতো কেনেকৈ প্রতিটো প্রেক্ষাগৃহত তিনি-চাৰিটাকৈ শ্ব' লাভ কৰিব পাৰে? আশ্বৰ্যৰ কথা কল্কি ছবিখনে প্রথমতে ৯ মে' তাৰিখে মুক্তিৰ তাৰিখ নির্ধাৰণ কৰি হঠাৎ পিছুৱাই ২৮ জুনত মুক্তিৰ তাৰিখ লৈছিল।
No comments:
Post a Comment