ৰ'টাৰী ক্লাবৰ মেট্ৰ’ৰ উদ্যোগ আৰু আইঅ'চিএলৰ সহযোগত প্ৰদান কৰা হয় ১১৭টা এছভিজি ডিভাইচ
W7s news,,গুৱাহাটী জুন : ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে লিমিটেড আৰু ৰ'টাৰী ক্লাব অফ গুৱাহাটী মেট্ৰ’ৰ সহযোগত আজি গুৱাহাটীৰ ছাত্ৰিবাৰীৰ লোহিয়া লায়ন্স অডিটৰিয়ামত এক অনুষ্ঠান অনুষ্ঠিত কৰে। চৰকাৰী অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক লগত গুৱাহাটী, নগাঁও আৰু বিহপুৰীয়া (উত্তৰ লখিমপুৰ)ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় লগতে কটন বিশ্ববিদ্যালয়ৰ অন্ধ ছাত্ৰ-ছাত্ৰী মাজত বিনামূলীয়াকৈ মুঠ ১১৭ স্মাৰ্ট ভিজন চশমা (এছভিজি) বিতৰণ কৰা হয়। বিতৰণৰ পিছত সকলো হিতাধিকাৰীক ইয়াৰ ব্যৱহাৰৰ বাবে বাংগালুৰু পৰা অহা দুজন টেকনিচিয়ানে প্ৰশিক্ষণ প্ৰদান কৰে।
স্মাৰ্ট ভিজন চশমা হৈছে অন্ধ ব্যক্তিৰ বাবে এটা জীৱন সলনি কৰা ডিভাইচ। ই অৰ্তিফিচিয়াল ইন্তিল্লিলজিয়েন্স (এ আই) সৈতে কাম কৰে। ই ডিভাইচৰ জৰিয়তে লিখনীক অডিঅ'লৈ স্কেন আৰু ৰূপান্তৰ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে অসমীয়া আৰু হিন্দীকে ধৰি মুঠ ৭৩টা ভাৰতীয় আঞ্চলিক ভাষাৰ কিতাপ পঢ়িব (শুনিব পাৰে)। এজন দৃষ্টিহিন্ন ব্যক্তিয়ে হাতেৰে লিখা সামগ্ৰীও পঢ়িব পাৰে। ভাৰতীয় উচ্চাৰণত ইংৰাজী পঢ়িব পাৰে।
অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে আই অ’ চি এলৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰব্বী জি. ৰমেশ, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড (আই অ’ চি এল)ৰ চি এছ আৰ পদক্ষেপৰ অধীনত এই প্ৰকল্পৰ সম্পূৰ্ণ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। সন্মানীয় অতিথি হিচাপে ভাস্কৰ জ্যোতি মহন্ত, বিশেষ অতিথি হিচাপে কাৰ্যনিৰ্বাহক সঞ্চালক ৰাজেশ নাম্বিয়াৰ, সৌৰভ চলিহা, জি এম (এইচ আৰ), দিগন্ত ঠাকুৰীয়া ডি জি এম (চি এছ আৰ), কুন্তল মুখাৰ্জী চি জি এম (আৰ এছ) আৰু সুৰেন্দ্ৰ এইচ যাদৱ ক ধৰি আই অ’ চি এল আৰু ৰটাৰী ক্লাৱ ৰ পৰা প্ৰভাত কেদিয়া, ৰটাৰী জিলা ৩২৪০ ট্ৰাষ্টৰ অধ্যক্ষ, সতীশ কাছেৰা, সহকাৰী গভৰ্ণৰ, ৰটাৰী ক্লাব গুৱাহাটী মেট্ৰ’ৰ সম্পাদক আৰ পি সুৰেকা, সভাপতি এছ.এল আগৰৱালে উপস্থিত থাকে।
ভাষণ প্ৰদান কৰি ক্লাবৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ সুৰেকাই ৰতাৰী ওপৰত বিশ্বাস ৰখা আৰু চি এছ আৰ পুঁজি প্ৰদান কৰাৰ বাবে আই অ’ চি এলক আন্তৰিকতাৰে ধন্যবাদ জনায়। তেওঁ কয়ে অহা ৩০ জুন যোৰহাট অন্ধ বিদ্যালয়ত আন এক শিবিৰ অনুষ্ঠিত হ’ব যত ২৭ জন হিতাধিকাৰীৰ মাজত এছ ভি জি বিতৰণৰ কৰা হব। তেওঁ তেওঁৰ ক্লাবৰ সদস্যসকলক ধন্যবাদ জনায় যে তেওঁলোকে সেই অন্ধ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০টা স্মাৰ্টফোন পৃষ্ঠপোষকতা কৰিছে, যিসকলৰ হাতত স্মাৰ্ট ফোন নাই, ইয়াৰ অবিহনে এছভিজি ডিভাইচে কাম নকৰে। ব্যক্তিগত অন্ধ বিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকসকলক এনে ১০টা যন্ত্ৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে, যাৰ নাম তালিকাত
নাই। এই প্ৰকল্পটো অতি কম? সময়ৰ ভিতৰতে ৰূপায়ণত যথেষ্ট সহায় কৰা জি ৰমেশ, ৰাজেশ নাম্বিয়াৰ, কুন্তল মুখাৰ্জী, সুৰেন্দ্ৰ এইচ যাদৱ আৰু বিত্ত বিভাগৰ বিষয়া দিগন্ত ঠাকুৰিয়া আৰু সৌৰভ চলিহাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জনোৱা মতে, হিতাধিকাৰীৰ তালিকা লাভ; কৰাত আৰু এই প্ৰকল্পটো সফল কৰি তোলাত ৰতাৰি গুৱাহাটী মেট্ৰ’ৰ সঞ্চালক- সামাজিক ন্যায় আৰু সৱলীকৰণ ভাস্কৰ জ্যোতি, মহন্তই সহায় কৰিছে।
কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰব্বী জি ৰমেশে তেওঁৰ ভাষণত আই অ’ চি এল আৰু আই অ’ চি এলৰ চি এছ আৰ পদক্ষেপৰ অধীনত গ্ৰহণ কৰা মেগা প্ৰজেক্টসমূহৰ বিষয়ে সমাৱেশক অৱগত কৰে। তেওঁ এই মেগা প্ৰজেক্টটো গ্ৰহণ কৰাৰ বাবে ক্লাবটোক প্ৰশংসা কৰে যিটোৱে অন্ধ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ জীৱন সলনি কৰিব আৰু ভৱিষ্যতে আমাৰ সমৰ্থন আৰু প্ৰেম বিচৰা সমাজৰ ভাই-ভনীসকলৰ বাবে এনে উন্নত প্ৰকল্পৰ বাবে আই অ’ চি এলৰ সমৰ্থনৰ আশ্বাস দিয়ে।
কাৰ্যবাহী সঞ্চালক (আৰ এছ) ৰাজেশ নাম্বিয়াৰ, ই ডি (আৰ এছ)য়েও এই মেগা প্ৰজেক্টটো ৰূপায়ণ কৰি দূৰত্বৰ ইমানবোৰ বাধাৰ মাজতো সফল কৰি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে আৰু হিতাধিকাৰীৰ সৈতে যোগাযোগ কৰে।
No comments:
Post a Comment