W7s news গুৱাহাটী: বিষ্ণুপ্ৰসাদ ৰাভাৰ একান্ত সহযোগী বিপ্লৱী
সত্তা গোপাল দাসৰ স্মৃতি দিৱস অনুষ্ঠানটি মঙ্গল বাৰে ছাত্ৰীবাৰী 'গোপাল মেনচন'ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়। 'গোপাল দাস স্মৃতিৰক্ষা সমিতি'ৰ উদ্যোগত, 'ভাৰতীয় গণনাট্য সংঘ, গুৱাহাটী মহানগৰ সমিতি' আৰু 'মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভা'ৰ সহযোগত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে প্ৰতিমা দেৱী গোস্বামীয়ে। উক্ত অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰে অসম সাহিত্য সভাৰ আইন উপদেষ্টা অনন্তৰাম মেধিয়ে। লগতে বিপ্লৱীসত্তা গোপাল দাসৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰে বিপ্লৱীসত্তা হৰিদাস ডেকাৰ কন্যা নীলিমা বৰুৱা, গোপাল দাসৰ পুত্ৰ অপূর্ব দাস আৰু কনিষ্ঠ জোঁৱাই বাবুল ৰাজবংশীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি থাকি মুম্বাই ইন্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ জ্যেষ্ঠ প্রবন্ধক (প্রশাসনিক) তথা বিশিষ্ট কবি বিপুল কলিতাই বিপ্লবীসত্তা গোপাল দাসৰ কৰ্মজীৱনৰ ওপৰত চমু আলোকপাত কৰে। ভাৰতীয় গণনাট্য সংঘৰ সম্পাদক হুমায়ুন চৌধুৰীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ ধনভঁৰালী মিহিৰ বৰুৱা, আইন উপদেষ্টা অনন্তৰাম মেধি আৰু বিপ্লৱীসত্তা হৰিদাস ডেকাৰ কন্যা নীলিমা বৰুৱাই। এই অনুষ্ঠানতে 'বিপ্লবীসত্তা গোপাল দাস' গ্ৰন্থৰ অন্যতম সম্পাদক অনিল ডেকাই ভাষণ প্ৰসংগত গোপাল দাসৰ কৰ্মজীৱনৰ বিস্তৃত বিৱৰণ দাঙি ধৰাৰ লগতে গোপাল দাসৰ প্ৰতিমূৰ্তি এটা গুৱাহাটী মহানগৰীৰ যিকোনো প্রান্তত অথবা ছাত্ৰীবাৰী অঞ্চলত স্থাপন কৰাৰ বিষয়েও প্রস্তাৱ আগবঢ়ায়। অনুষ্ঠানত ভাৰতীয় গণনাট্য সংঘ, গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক হুমায়ুন চৌধুৰী, ৰঞ্জন বড়ো, সদস্য-সদস্যা ক্রমে হিমা চুবেদী, ৰীমা বড়ো, ৰিবা গগৈ, জুলি কাকতি, সুৰভি শৰ্মা বড়ো, মৰমী দাস, ৰূপহী টেকাম; মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্যৰ সভাৰ তুলিকা লহকৰ, জেউতি লহকৰ, অজন্তা বৰগোহাঁই, ৰঞ্জনা দাস (মুনু), সীমা দে, চবিনী কলিতা আদিয়ে বাছকবনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে বুলি প্ৰচাৰ সম্পাদক বাবুল ৰাজবংশীয়ে এক প্রেছ বিজ্ঞপ্তিযোগে জনাইছে।
No comments:
Post a Comment