নীট ইউজি-২০২৪ ত অসমৰ পৰা আকাশ এডুকেচনেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 June 2024

নীট ইউজি-২০২৪ ত অসমৰ পৰা আকাশ এডুকেচনেল

 

চাৰ্ভিচেছ লিমিটেডৰ ৪১ গৰাকী শিক্ষার্থীৰ শীৰ্ষস্থান দখল


পৰীক্ষা প্ৰস্তুতি খণ্ডত ইতিহাস সৃষ্টি কৰি আকাশ এডুকেশ্যনেল চাৰ্ভিচেছ লিমিটেডৰ ২১গৰাকী শিক্ষার্থীৰ নীটত সৰ্বোচ্চ নম্বৰ লাভ, ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ  লাভ আৰু এআইআৰ ০১ স্থান দখল


W7s news গুৱাহাটী: বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰখনত দেশৰ ভিতৰতে আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডৰ (এইএছএল)  ২১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ২০২৪ চনৰ নীট ইউজি( NEET UG )পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰি সর্বভাৰতীয় ৰেংকত প্ৰথম স্থান ( AIR 01) দখল কৰি ইতিহাসৰ সৃষ্টি কৰিছে। এই ২১ গৰাকীৰ ভিতৰত ১৪ গৰাকী শ্ৰেণীকোঠাৰ ছাত্ৰ আৰু দুগৰাকী আকাশৰ দূৰ শিক্ষা পাঠ্যক্ৰম (ডি এল পি)ৰ। ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সী (এন টি এ)-এ এই ফলাফল ঘোষণা কৰিছে 

পৰীক্ষা প্ৰস্তুতি ক্ষেত্ৰখনত এই কৃতিত্ব অতুলনীয়।

সর্বভাৰতীয় ৰেংকিঙত প্ৰথম স্থান  নিশ্চিত কৰা আকাশিয়ানসকল হ'ল- মৃদুল মান্য আনন্দ, আয়ুষ নৌগ্ৰৈয়া, অক্ষত পাংগাৰীয়া,আদিত্য কুমাৰ পাণ্ডা ,অৰ্ঘ্যদ্বীপ দত্ত,সক্ষম আগৰৱালা, সুজয় দত্ত , আৰিয়ান যাদৱ , মানৱ প্ৰিয়দৰ্শী, পলাংশা আগৰৱাল , ধ্ৰুৱ গাৰ্গ, সমিত কুমাৰ ছাইনী আৰু ইৰাম কোৱাজী আৰু কৃতি শৰ্মা ৷

অসমেও অসাধাৰণ ফলাফল লাভ কৰিছে ৷  ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সন্মানীয় নীট ইউজি-২০২৪ (NEET UG 2024) পৰীক্ষাত ৬৫০ আৰু তাতকৈ অধিক নম্বৰ লাভ কৰিছে। এই উল্লেখযোগ্য কৃতিত্ব তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু এ ই এছ এলে প্ৰদান কৰা উচ্চমানৰ প্ৰশিক্ষণৰ ফল। হেঙুল ৰিপ্ৰণ বৰুৱাই ৭১০ নম্বৰ লাভ কৰি এআইআৰ ৪২৮, চৈয়দা ইঞ্জিলা মালাকে ৭০০ নম্বৰ লাভ কৰি এআইআৰ ২১১৫,  বিজিত মহন্তই ৬৯৫ নম্বৰ লাভ কৰি এআইআৰ ৩১৭৩, পিয়ুষ আগৰৱালে ৬৯৫ নম্বৰ লাভ কৰি এআইআৰ ৩৩২৫, তুষাৰ কেওঁটে ৬৯৫ নম্বৰ লাভ কৰি ৩১২৩, ঋতুৰাজ দাসে ৬৯১ নম্বৰ লাভ কৰি এআইআৰ ৩৯৫২ স্থান লাভ কৰিছে ৷ 


বিশ্বজুৰি অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা হিচাপে বহুলভাৱে গণ্য কৰা নীটৰ বাবে প্ৰস্তুতি চলাবলৈ শিক্ষার্থীসকলে এইএছএলৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। ধাৰণাসমূহ খুব ভালদৰে বুজা আৰু ধাৰাবাহিক সুশৃংখলিত অধ্যয়নৰ সময়সূচী তেওঁলোকৰ এই সফলতাৰ মূল চাবি-কাঠি ৷ ফলাফলৰ পাছত শিক্ষাথৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় - "আমি কৃতজ্ঞ যে আকাশে আমাক দুয়োটা ক্ষেত্ৰতে সহায় কৰিছে। কিন্তু এ ই এছ এলৰ পৰা কন্টেন্ট আৰু কোচিঙৰ অবিহনে আমি কম সময়ৰ ভিতৰতে বিভিন্ন কঠিন বিষয়ৰ বহু ধাৰণা বুজিব নোৱাৰিলোহেঁতেন।"


আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডৰ আঞ্চলিক সঞ্চালক শ্ৰীযুত অজয় ​​বাহাদুৰ সিঙে ছাত্ৰ-ছাত্ৰীসকলক এই অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনাই কয়, "আমি শিক্ষার্থীসকলক তেওঁলোকৰ দৃষ্টান্তমূলক কৃতিত্বৰ বাবে অভিনন্দন জনাইছো। দেশজুৰি ২০ লাখৰো অধিক শিক্ষার্থী নীট-২০২৪ ত অৱতীর্ণ  হৈছিল ৷  এই কৃতিত্ব শিক্ষার্থীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ লগতে তেওঁলোকৰ অভিভাৱকৰ সমৰ্থনৰ বাবে সম্ভৱপৰ হৈছে ৷ তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছো ৷”


ভাৰতৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত  চিকিৎসা বিজ্ঞানৰ স্নাতক (MBBS), দন্ত চিকিৎসা (BDS) আৰু আয়ুষ (BAMS, BUMS, BHMS, ইত্যাদি) পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ  লগতে বিদেশত প্ৰাথমিক চিকিৎসা অৰ্হতা লাভ কৰিবলৈ মনস্থ কৰা শিক্ষার্থীসকলৰ বাবে যোগ্য পৰীক্ষা হিচাপে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰতি বছৰে নীট অনুষ্ঠিত কৰে ৷



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here