গৱেষক-লেখিকা ড° মাইনু দেৱীৰ কাজিৰঙা বিষয়ক গ্রন্থ ইউনেস্কো বৰ্ল্ড হেৰিটেজ চাইট দ্যা কাজিৰঙা নেশ্বনেল পার্ক উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 June 2024

গৱেষক-লেখিকা ড° মাইনু দেৱীৰ কাজিৰঙা বিষয়ক গ্রন্থ ইউনেস্কো বৰ্ল্ড হেৰিটেজ চাইট দ্যা কাজিৰঙা নেশ্বনেল পার্ক উন্মোচন


 

 W7s news গুৱাহাটী : বিশিষ্ট লেখিকা, গৱেষক, চিত্ৰ পৰিচালক, সংগীত শিল্পী ড° মাইনু দেৱীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিষয়ক বিশেষ গ্রন্থ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট দ্যা কাজিৰঙা নেশ্বনেল পার্ক উন্মোচন বুধবাৰে মাছখোৱাৰ প্ৰাগজোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। ভিকি পারিছাছে প্রকাশ কৰা ইংৰাজী ভাষাৰ ৰঙীন গ্ৰন্থখনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিৱেশ, জীৱজন্তু, জৈৱ- বৈচিত্র্য সংৰক্ষণ, বন্যপ্রাণী-পক্ষীকুলৰ সুৰক্ষা, বানপানী সমস্যা, পাৰিপাৰ্শ্বিক পৰিৱেশ, পর্যটক, পর্যটনক্ষেত্র হিচাপে কাজিৰঙাৰ সম্ভাৱনীয়তা আদিকে ধৰি উদ্যানখনৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিষয়ক গ্রন্থখন উন্মোচন কৰা হয়। একেধাৰে চিত্ৰ পৰিচালক, গায়িকা, গীতিকাৰ, প্রযোজক, সংগীত শিল্পী, লেখিকা-শিক্ষাবিদগৰাকীৰ এইখন চতুর্থসংখ্যক গ্রন্থ। গ্রন্থখনে কাজিৰঙা পৰিভ্ৰমণ কৰা দেশী-বিদেশী পর্যটকে গৱেষণা তথা কাজিৰঙাৰ বিষয়ে বহু কথা জানিব পাৰিব। লগতে গ্ৰন্থখনৰ পৰা বিশেষ আমোদ পাব বুলি লেখিকাই আশা প্রকাশ কৰে। ইয়াৰ পূৰ্বে ড° মাইনু দেৱীয়ে গৱেষণামূলক গ্রন্থ 'বায়'লজী অৱ চিল্কৱম ৰিয়াৰ্দ অন মাইক'নিয়া মাইকন্থা এণ্ড ৰিচিনাছ কমিনিচ, কাজিৰঙা নেশ্যনেল পার্ক, দ্য ৱৰ্ল্ড হেৰিটেজ ছাইট, ছেল এণ্ড মলিকুলাৰ বায় 'লজী (প্রথম খণ্ড) প্রকাশ কৰিছে। অসমীয়া চলচ্চিত্র 'কইনা কন্দা শিল'ৰ প্ৰযোজনা-পৰিচালনাৰ লগতে সংগীত নির্দেশনা কৰিছে ড° মাইনু দেৱীয়ে। তদুপৰি 'সাক্ষী' নামৰ ভিচিডি ছবিখনৰ ছটাকৈ গীতত তেওঁ কণ্ঠ নিগৰাইছিল। শাস্ত্রীয় সংগীতত বিশাৰদ ড° মাইনু দেৱীয়ে ভিচিডি ছবি তৰা পৰিচালনা কৰৰ লগতে 'কইনা ক্ৰৱা অর্লং (তিৱা), তথ্যচিত্র- দ্য চিক্রেট গ্ৰুউভ, পৰিচালনা কৰিছে। ডিফু অনাতাঁৰ কেন্দ্ৰৰ শিল্পী মাইনু দেৱীৰ শেহতীয়া কাজিৰঙাক লৈ প্ৰণয়ন কৰা গ্ৰন্থখন উন্মোচনী অনুষ্ঠানত অংশ লয় ক্রমে- ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক পৰিচালন সঞ্চালক শংখ শুভ্র দেববর্মন, অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্রী ড° সূর্যকান্ত হাজৰিকা, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালকপ্রধান তথা অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, গ্ৰন্থখনৰ লেখিকা ড° মাইনু দেৱীয়ে। অনুভনী লেখক-সাংবাদিক মন্টু শইকীয়াই আঁতধৰা অনুষ্ঠানত লেখক প্রফুল্ল বর্মন, ড° জেহেৰুল ইছলাম, অৰূপ বৰঠাকুৰ বহুসংখ্যৰ গ্রন্থানুৰাগী, লেখক-সাহিত্যিক-সাংবাদিক উপস্থিত থাকে। আটকধুনীয়া গ্রন্থ উন্মোচনী অনুষ্ঠানত সকলোকে লেখিকাৰ তৰফৰ পৰা কাজিৰঙাৰ গৌৰৱ গড়ৰ স্মাৰক, একোটাকৈ ঔষধি গছপুলি, ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here