বিভিন্ন ক্ষেত্ৰৰ উদ্যোগীসকলে সফলতাৰ টিপছ দিলে বিএনআই গুৱাহাটীৰ যুৱ ব্যৱসায়ীক - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 25 June 2024

demo-image

বিভিন্ন ক্ষেত্ৰৰ উদ্যোগীসকলে সফলতাৰ টিপছ দিলে বিএনআই গুৱাহাটীৰ যুৱ ব্যৱসায়ীক

Responsive Ads Here

IMG-20240625-WA0020

 




W7s news,,গুৱাহাটী ২৫ জুন। বিভিন্ন ক্ষেত্ৰত নিজৰ দক্ষতা, উদ্ভাৱন আৰু অভিজ্ঞতাৰে সফলতাৰ উচ্চতা স্পৰ্শ কৰা ৰাজ্যৰ একাংশ নিৰ্বাচিত ব্যৱসায়ী আৰু উদ্যোগীয়ে আজিৰ যুৱ প্ৰজন্মক পথ প্ৰদৰ্শন কৰি সফলতাৰ মৌলিক মন্ত্ৰ প্ৰদান কৰিলে। দৰাচলতে বিএনআই গুৱাহাটীৰ দ্বাৰা আয়োজিত বিজ কানেক্ট ২০২৪ৰ  বিএনআইৰ বিভিন্ন চপটাৰ শ শ সদস্যৰ বাবে এক প্ৰেৰণাদায়ক অধিবেশনৰ আয়োজন কৰা হৈছিল, য’ত গুৱাহাটীৰ বহু প্ৰখ্যাত মহিলা উদ্যোগী, উদ্যোগপতি আৰু ব্যৱসায়ীক আমন্ত্ৰণ জনোৱা হৈছিল।

বিএনআইৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ গাডোদিয়া আৰু নেহা গাডোদিয়াই কয় যে বিএনআইৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া গ্ৰেহাম ৱেহমিলাৰ আৰু বিএনআই ইণ্ডিয়াৰ জিলা সঞ্চালক বিমল সমলৰ উপস্থিতিত এই অধিবেশনৰ আয়োজন কৰা হয়। এই অনুস্থানত লোহিয়া গ্ৰুপৰ পৰা ৰাহুল লোহিয়া, জিডি ফাৰ্মাচিউটিকেলৰ পৰা ডাঃ ঘনশ্যাম ধানুকা, প্ৰখ্যাত স্থপতিবিদ বাংকা এণ্ড এছ’চিয়েটছৰ পৰা সন্তোষ বাংকা, ৰয়েল গ্ৰুপৰ শিখা পানছাৰী, অ’ৰাছ মলৰ পৰা শৰৎ দেওৰা, ডাউনটাউন গ্ৰুপৰ পৰা জ্যোতিষ্মান দত্ত, ফিকিকি ফ্ল’ৰ পৰা শ্বেতা জিন্দাল, এডিফিচৰ পৰা কিষাণ আগৰৱাল, প্ৰডিজিৰ পৰা নীতিন জৈন, ইণ্ডাষ্ট্ৰিয়েল চিষ্টেমছৰ পৰা অজয় ভোপাল, ৰিদ্ধি সিদ্ধি ডেভেলপাৰ্ছৰ পৰা অনুপ চৌধুৰী, চেভয় গ্ৰুপৰ পৰা তুষাৰ চামৰিয়া, প্ৰটেক গ্ৰুপৰ পৰা লোকেশ সিংঘল, পেৰামাউণ্ট গ্ৰুপৰ পৰা সুৰেশ আগৰৱাল, ষ্টীল হাউছৰ পৰা ৰোনাক কেজৰিৱাল আৰু উত্তৰায়ণ গ্ৰুপৰ পৰা দীপজ্যোতি বৰুৱা উপস্থিত থাকে। এই সকলো বক্তাই নিজৰ সফলতাৰ কাহিনী চমুকৈ কওঁতে তাত উপস্থিত ৪০০ৰো অধিক যুৱক-যুৱতীক তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। এই অনুষ্ঠানত বিএনআই এংকৰ, বিএনআই ব্ৰহ্মপুত্ৰ, বিএনআই কেলিবাৰ, বিএনআই ডিজায়াৰ, বিএনআই এষ্টীম, বিএনআই ফ্লেমিংগো, বিএনআই গ্ল’বেনেট, বিএনআই হৰাইজন, বিএনআই ইকিগাই আৰু বিএনআই জেকপট চেপ্টাৰ, তিনিচুকীয়াৰ বিএনআই ট’ৰাছ আৰু যোৰহাটৰ বিএনআই ডিগনিটিৰ ৪০০ৰো অধিক সদস্যই নিজৰ প্ৰশ্নসমূহো সোধা হৈছিল আৰু বক্তাসকলে নিপুণভাৱে উত্তৰ দিছিল।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *