বি পাল্কীৰ অভিনয় আৰু কৰিঅ'গ্ৰাফীৰে মুকলি হ'ল 'জীয়া নৈ'* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 25 June 2024

বি পাল্কীৰ অভিনয় আৰু কৰিঅ'গ্ৰাফীৰে মুকলি হ'ল 'জীয়া নৈ'*


 

W7s news,,,অসমীয়া সংগীত জগতখনত শেহতীয়াকৈ সংযোজন হৈছে এটা নতুন প্ৰেমৰ গীত-'জীয়া নৈ'। পৰিতোষ দত্তৰ কণ্ঠত মুক্তি পোৱা ভিডিঅ' গীত টোত অভিনেত্ৰী তথা কথক নৃত্যাংগনা বি পাল্কীয়ে অভিনয় কৰাৰ লগতে গীতটোৰ নৃত্যাংশৰ কৰিঅ'গ্ৰাফীও কৰিছে। ইয়াৰ পূৰ্বে পাল্কীয়ে গুৱাহাটী দূৰদৰ্শনৰ বাবে নিৰ্মিত নৃত্যনাটিকা 'মহিষাসুৰ মৰ্দিনী'ৰ বাবেও কৰিঅ'গ্ৰাফী কৰিছিল। 'জীয়া নৈ'ৰ গীতিকাৰ জ্ঞানতৃষা ফুকন। গীতটিৰ সুৰ কৰিছে পৰিতোষ  দত্তই। কৌশিক শইকীয়া গীতটোৰ সংগীত প্ৰযোজক। কৌস্তভ শইকীয়াই 'মিক্স এণ্ড মাষ্টাৰ' কৰা গীতটোৰ ভিডিঅ'টোৰ পৰিকল্পনা পৰিতোষ দত্তৰ। পাল্কীৰ লগতে পৰিতোষেও গীতটোত অভিনয় কৰিছে। ভিডিঅ'টোৰ কাহিনী আৰু পৰিচালনা সৌৰভ শইকীয়াৰ। ভিডিঅ'গ্ৰাফী কৰিছে হিমপ্ৰকাশ হালৈয়ে। পৰাগ মেধি ভিডিঅ'টোৰ ডিঅ'পি তথা এডিটৰ। সৌৰভ শইকীয়ায়ো এক বিশেষ চৰিত্ৰত গীতটোত ভুমুকি মাৰিছে। গুৱাহাটী, পানীখাইতী আৰু চন্দ্ৰপুৰৰ বিভিন্ন লোকেশ্বনত ভিডিঅ'টোৰ শ্বুটিং কৰা হৈছে। ইউটিউব,স্পটীফাই আদি সকলোবোৰ মিউজিক প্লে'টফৰ্মত গীতটোৱে ইতিমধ্যে সংগীতপ্ৰেমীৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here