ডিয়েজিঅ’ ইণ্ডিয়াৰ সহায় আৰু আৰ্থিক সহযোগত নিৰ্মিত বৃদ্ধাশ্ৰম তপোবন উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 June 2024

ডিয়েজিঅ’ ইণ্ডিয়াৰ সহায় আৰু আৰ্থিক সহযোগত নিৰ্মিত বৃদ্ধাশ্ৰম তপোবন উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ


 

ভাৰতকেয়াৰৰ সহযোগত অসমৰ তেজপুৰত প্ৰথম বৃদ্ধাশ্ৰমৰ জৰিয়তে বয়োজ্যেষ্ঠ নাগৰিকৰ কল্যাণত গুৰুত্ব আৰোপ ডিয়েজিঅ’ ইণ্ডিয়াৰ


W7s news,,শোণিতপুৰ (তেজপুৰ), জুন, ২০২৪ : ভাৰতকেয়াৰছ আৰু অসম চৰকাৰৰ সহযোগত অসমৰ শোণিতপুৰত তপোবন নামৰ এখন বৃদ্ধাশ্ৰম নিৰ্মাণৰ কামত ডিয়েজিঅ’ ইণ্ডিয়া (ইউনাইটেড স্পিৰিটছ লিমিটেড)ই সহযোগ আগবঢ়াইছিল৷ আজি বৃদ্ধাশ্ৰমখন উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ভাৰতীয় শিশু কল্যাণ আয়োগ (আই চি চি ডব্লিউ)ৰ তেজপুৰ শাখাৰ সভানেত্ৰী ডাঃ লক্ষ্মী গোস্বামীৰ লগতে জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গ, তেজপুৰৰ বিশিষ্ট ব্যক্তিসকল আৰু ডিয়েজিঅ’ ইণ্ডিয়া তথা ভাৰতকেয়াৰৰ সদস্যসকল।

অনুষ্ঠানত ডিয়েজিঅ’ ইণ্ডিয়াৰ কাৰ্যবাহী উপাধ্যক্ষ তথা মুখ্য পৰিচালন বিষয়া আশিস পাৰিখে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শোণিতপুৰৰ জিলা আয়ুক্তক প্ৰকল্পটো অৰ্পণ কৰে। উক্ত বৃদ্ধাশ্ৰমত শয়ন কক্ষ, স্নানাগাৰ-শৌচাগাৰ, ভোজন কক্ষ, পাকঘৰৰ লগতে বিনোদন এলেকাৰ দৰে সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে৷ এই সুবিধাসমূহ শাৰিৰীকভাৱে দুৰ্বল ব্যক্তি (পি ডব্লিউ ডি)ৰ বাবে অনুকূল।

এই উপলক্ষত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় - ‘‘ৰাজ্যৰ শোণিতপুৰত তপোবন নামৰ এই বৃদ্ধাশ্ৰম ডিয়েজিঅ’ ইণ্ডিয়াই জ্যেষ্ঠ নাগৰিকৰ বাবে আগবঢ়াইছে৷ প্ৰতিষ্ঠানটোৱে নিজা চি এছ আৰ পুঁজিৰ অধীনত বসবাসৰ এই ব্যৱস্থা সম্পন্ন কৰিছে৷ শোণিতপুৰৰ জিলা আয়ুক্তই উদ্যোগ গ্ৰহণ কৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। আশ্ৰয় শিবিৰৰ তলৰ মহলা এতিয়া সম্পূৰ্ণ হৈ উঠিছে আৰু শীঘ্ৰে প্ৰথম মহলা নিৰ্মাণ কৰা হ’ব। ভৱিষ্যতে প্ৰয়োজন বৃদ্ধিৰ লগে লগে আন স্থানলৈ এই বৃদ্ধাশ্ৰম সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হ’ব। ভাৰতীয় শিশু কল্যাণ আয়োগে এই বৃদ্ধাশ্ৰমৰ তত্ত্বাৱধান কৰিব।’’

ডিয়েজিঅ’ ইণ্ডিয়াৰ কাৰ্যবাহী উপাধ্যক্ষ তথা মুখ্য পৰিচালন বিষয়া আশিস পাৰিখে কয়- “কেবাবছৰ ধৰি ডিয়েজিঅ’ ইণ্ডিয়াই চৰকাৰৰ সৈতে বিভিন্ন চি এছ আৰ প্ৰকল্পত অংশীদাৰিত্ব কৰি আহিছে। আমাৰ পদক্ষেপসমূহৰ লক্ষ্য হৈছে প্ৰান্তীয় গোটৰ বৈচিত্ৰ্যৰ লগতে অন্তৰ্ভুক্তি বৃদ্ধি কৰা। ভাৰতকেয়াৰছৰ সহযোগত নিৰ্মিত তপোবন সমাজৰ দুৰ্বল শ্ৰেণী হিচাপে পৰিগণিত বয়োজ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ দিশত গ্ৰহণ কৰা পদক্ষেপ। তদুপৰি আমি আমাৰ ছ’চাইটি-২০৩০ ই এছ জি পৰিকল্পনাৰে সংগতি ৰাখি ৰাজ্যত চি এছ আৰ কাৰ্যাৱলী আগুৱাই লৈ যাম।”

ডিয়েজিঅ’ ইণ্ডিয়া চি এছ আৰ কাৰ্যসূচীৰ জৰিয়তে অসমত সক্ৰিয়ভাৱে জড়িত হৈ আছে৷ এই কাৰ্যাৱলীৰ ভিতৰত আছে অসামৰিক চিকিৎসালয়লৈ চিকিৎসা সজুলি আৰু উন্নত জীৱন সহায়ক এম্বুলেন্সৰ দৰে স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান৷ লগতে ডিয়েজিঅ’ ইণ্ডিয়াই নিজৰ ‘লাৰ্নিং ফৰ লাইফ’ কাৰ্যসূচীৰ জৰিয়তে ব্যক্তিবিশেষৰ নিয়োগযোগ্যতা আৰু জীৱিকাৰ সুযোগ বৃদ্ধি কৰিছে। এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন পৰিষদ (এন এছ ডি চি)ৰ অনুমতিপ্ৰাপ্ত কাৰ্যসূচীৰ জৰিয়তে আতিথ্য খণ্ডৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰে, য’ত ৫০%তকৈ অধিক হিতাধিকাৰী হৈছে মহিলা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here