অসম ভীম সেনাৰ সতী ৰাধিকা দিৱসৰ সফল সমাপ্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 May 2024

অসম ভীম সেনাৰ সতী ৰাধিকা দিৱসৰ সফল সমাপ্তি

 


গুৱাহাটী:- অসমৰ অনুসূচিত জাতি, জনজাতি আৰু অনান্য পিছপৰা শ্ৰেণীৰ সমূহৰ সামূহিক উন্নতি, সমবিকাশ আৰু কল্যানৰ স্বাৰ্থত উচৰ্গিত সন্থা অসম ভীম সেনাই আজি গুৱাহাটী দীঘলী পুখুৰী স্থিত অসম সাহিত্য সভা লক্ষীৰাম বৰুৱা সদন সভা কক্ষত ৫৫৮ সংখ্যক সতী বাধিকা স্মৃতি দিৱস পালন কৰে। উক্ত স্মৃতি দিৱসত অসম ভীম সেনাৰ প্রায় ১২ খন জিলাৰ কেন্দ্রীয় প্রতিনিধিৰ লগতে ভালে সংখ্যক ভীম সেনাৰ সতীর্থ সৈনিকে অংশ গ্রহণ কৰে। কাৰ্য্যসূচী অনুসৰি সতী ৰাধিকা স্মৃতি দিৱসত পুৰা আই সতী ৰাধিকাৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰে অসম ভীম সেনাৰ মূখ্য উপদেষ্টা অৱসৰপ্ৰাপ্ত উপাযুক্ত ভূপেন্দ্র নাথ দাস দেবে। অসম ভীম সেনাৰ সভাপতি মাধব দাসে সভাপতিত্ব কৰা মুকলি সভাত উপস্থিত থাকে বিশিষ্ট অতিথি হিচাপে ডিগবৈৰ বিশিষ্ট সমাজসেৱক গোপাল চন্দ্র দাস, বৰপেটা জিলাৰ অৱসৰ প্রাপ্ত অধ্যাপক, জেষ্ঠ অধিবক্তা উদ্ধব চন্দ্র দাস, অনুসূচিত জাতি যুব ছাত্ৰ সন্থাৰ কেন্দ্রীয় সাধাৰণ সম্পাদক নিত্যানন্দ দাস, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্রীয় সাধৰণ সম্পাদক জনার্দ্দন দাস আৰু বহুকেইজন গন্যমান্য ব্যক্তি।


উক্ত সভাতেই প্রস্তাব গ্রহণ কৰা হয় যে মহীয়সি নাৰী আই সতী ৰাধিকা স্মৃতি দিবসটি চৰকাৰী বন্ধ হিচাপে গ্রহণ কৰিব লাগে। আই সতী ৰাধিকাৰ নামত অসমত এখন বিশ্ববিদ্যালয় স্থাপন হ'ব লাগে।



উজানবজাৰস্থিত ব্ৰহ্মপুত্ৰ পাৰত যি সতী ৰাধিকা নামেৰে উদ্যান আছিল, সেই উদ্যানখন ভাঙি যিহেতু উত্তৰ গুৱাহাটী সংযোগী যি সেতু নির্মীয়মান হৈ আছে, সেই সেতুখন আই সতী ৰাধিকাৰ নামত নামাকৰণ কৰিবলৈ দাবী জনোৱা হয় বুলি প্রস্তাব গ্রহণ কৰি সংবাদ মাধ্যমক ভীম সেনাৰ কেন্দ্রীয় সম্পাদক প্রান্ত দাসে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here