গুৱাহাটী ,২৪ মে: অসম চৰকাৰৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ সদ্য অৱসৰপ্ৰাপ্ত যুটীয়া নিয়ন্ত্ৰক আৰু গুৱাহাটীৰ গাড়ীগাঁও নিবাসী আলতাভ হুছেইনক তেঁও সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়াই অহা অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম প্ৰদেশৰ কাৰ্যবাহী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। পৰিষদৰ মুম্বাইস্থিত কাৰ্যালয়ত ৰাষ্ট্ৰীয় সভাপতি নাছিত আফ্ৰজে এক পত্ৰযোগে আলতাভ হুছেইনক পৰিষদৰ অসম প্ৰদেশৰ কাৰ্যবাহী সভাপতি হিচাপে নিযুক্তি দিয়াৰ বিষয়ে সদৰি কৰিছে। ইফালে ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সচিব প্ৰধান দেৱেন্দ্ৰ কুমাৰ সিঙে আলতাভ হুছেইনক অলপতে এই সন্মানীয় পদট নিযুক্তি দিয়া বাবে শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত মানৱ অধিকাৰৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰে তাৰ কামনা কৰিছে। উল্লেখ্য যে বিভিন্ন সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়াক্ষেত্ৰখনৰ লগত দীৰ্ঘদিনে জড়িত হৈ থকা আলতাভ হুছেইন বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ বিষয়া সন্থাৰ কেবাবাৰো সভাপতি আৰু সম্পাদকৰ পদ অলংকৃত কৰিছিল। আনকি বিগত কেবা বছৰ ধৰি অসম চৰকাৰৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধীনৰ গুৱাহাটী অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
No comments:
Post a Comment