কাহিলিপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত সত্ৰীয়া উৎসৱৰ আয়োজন শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰাক্-জন্মোৎসৱ উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 May 2024

কাহিলিপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত সত্ৰীয়া উৎসৱৰ আয়োজন শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰাক্-জন্মোৎসৱ উদযাপন

 



W7s news গুৱাহাটী':  গুৱাহাটীৰ কাহিলিপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰাক্-জন্মোৎসৱ উপলক্ষে মনোগ্ৰাহী সত্ৰীয়া উৎসৱ অনুষ্ঠানৰ আয়োজন কৰি অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। অনুষ্ঠানটোত প্ৰদৰ্শিত সুন্দৰ সত্ৰীয়া নৃত্যই উপস্থিত ব্যক্তিসকলক এক অনন্য সাংস্কৃতিক অভিজ্ঞতা প্ৰদান কৰে। 


সত্ৰীয়া উৎসৱত মাটি আখৰা নৃত্য, দশাৱতাৰ নৃত্য, ভোৰতাল নৃত্যৰ লগতে শ্ৰী শ্ৰী মাধৱদেৱ আৰু সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন শিল্পকৰ্ম তথা প্ৰবন্ধেৰে সজ্জিত প্ৰাচীৰ পত্ৰিকাৰ সমান্তৰালকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানত বৰগীত পৰিবেশন কৰাৰ লগতে অসমৰ সত্ৰীয়া সংস্কৃতিৰ তাৎপৰ্য সম্পৰ্কে ভাষণ প্ৰদান কৰি এই ঐতিহ্যময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি থকা তেওঁলোকৰ নিষ্ঠা আৰু মননশীলতাক প্ৰস্ফুটিত কৰি তোলে।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা শ্ৰীমতী জোনালী দাসে কয়, "আমি সত্ৰীয়া উৎসৱ আয়োজন কৰি অত্যন্ত গৌৰৱান্বিত, যিয়ে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ লগতে আমাৰ শিক্ষাৰ্থীসকলক শ্ৰী শ্ৰী মাধৱদেৱৰ জ্ঞানগৰ্ভ চিন্তাৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ প্ৰদান কৰি তেওঁলোকৰ বাবে শিক্ষা লাভৰ নতুন দুৱাৰ মুকলি কৰে। আমাৰ সাংস্কৃতিক শিপা সংৰক্ষণৰ অৰ্থে এনেধৰণৰ অনুষ্ঠান গুৰুত্বপূৰ্ণ।" 


অসমৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনেৰে জীপাল হৈ উঠা এই অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ সৈতে শিক্ষকসকলেও উৎসাহেৰে অংশগ্ৰহণ কৰে।অনুষ্ঠান উপভোগ কৰি মন্ত্ৰমুগ্ধ হৈ পৰা দৰ্শকবৃন্দই অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ কালজয়ী শিক্ষাৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here