হিন্দী ভাষাৰ ক্ষেত্ৰখনত পদাৰ্পণ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভৰ বাবে সাজু হৈছে 'কুকি' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 May 2024

হিন্দী ভাষাৰ ক্ষেত্ৰখনত পদাৰ্পণ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভৰ বাবে সাজু হৈছে 'কুকি'

 



W7s news,,,গুৱাহাটী: ২০২৪ 


বৰ্ষৰ ২৮ জুনত ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰিব সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হিন্দী বোলছবি 'কুকি’য়ে। ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীৰ জীৱনৰ ঘাত-প্ৰতিঘাত আৰু মানসিক আতিশয্যৰ মৰ্মস্পৰ্শী কিন্তু স্পৰ্শকাতৰ বিষয়টোক লৈ নিৰ্মাণ কৰা এই ছবিখনে সমগ্ৰ দেশৰ দৰ্শকৰ পৰা সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু চলচ্চিত্ৰ প্ৰতিভাই ক্ৰমাগতভাৱে সমগ্ৰ দেশৰ ছবি প্ৰেমী আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বোলছবি নিৰ্মাণৰ এই পদক্ষেপত অসমীয়া চলচ্চিত্ৰ জগতখনে শেহতীয়াকৈ হিন্দী ভাষাৰ ছবি নিৰ্মাণৰ জৰিয়তে এখন নতুন জগতত পদাৰ্পণ কৰিবলৈ সাজু হৈছে। বহল পৰিসৰৰ দৰ্শকক আকৰ্ষণ কৰাৰ লগতে সমগ্ৰ দেশতে স্বীকৃতি লাভৰ লক্ষ্যৰে আৰম্ভ কৰা এই সাহসী পদক্ষেপ উদ্যোগটোৰ বিকাশ আৰু অন্বেষণ যাত্ৰাত এক ৰোমাঞ্চকৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।ভাষাৰ পৰিধি ভাঙি অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকলে অনন্য কাহিনী আৰু চলচ্চিত্ৰ নিৰ্মাণৰ দক্ষতাৰে সমগ্ৰ ভাৰতৰ দৰ্শকক লক্ষ্য কৰি লৈ আৰম্ভ কৰিছে হিন্দী ভাষাৰ ছবি নিৰ্মাণৰ যাত্ৰা। সমগ্ৰ দেশতে বহুলভাৱে প্ৰচলিত হিন্দী ভাষাক আঁকোৱালি লৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱেও সময়ৰ সৈতে খোজ মিলাই বৈচিত্ৰ্যময় দৰ্শকৰ সৈতে সংযোগ স্থাপন আৰু স্থায়ী প্ৰভাৱ সৃষ্টিৰ বাবে আগবাঢ়িছে।

হিন্দী ভাষাত ছবি নিৰ্মাণৰ এই সিদ্ধান্তৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি 'কুকি’ বোলছবিৰ প্ৰযোজিকা ড° জুনমণি দেৱী খাউণ্ডে বহল পৰিসৰৰ দৰ্শকৰ মাজলৈ ছবিখন লৈ যোৱাৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "আমাৰ লক্ষ্য হৈছে আমাৰ স্থানীয় অঞ্চলৰ বাহিৰৰ দৰ্শকৰ আগত অসমীয়া বোলছবিৰ সমৃদ্ধি আৰু বৈচিত্ৰ্যক চিত্ৰিত কৰা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথিত ভাষা হিন্দীত এই ছবিখন নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তই আমাৰ কাহিনী উপস্থানৰ শৈলী আৰু কাৰিকৰী দক্ষতাক বহল পৰিসৰৰ দৰ্শকৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে।"হিন্দী ভাষাৰ এখন ছবি নিৰ্মাণৰ সিদ্ধান্ত কেৱল ব্যৱসায়ৰ বাবে নহয়; বৰঞ্চ এয়া অসমীয়া ছবিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবেও এক কৌশলী পদক্ষেপ। ই উদ্যোগটোৰ বহল স্বীকৃতি লাভ, বিনিয়োগ আকৰ্ষণ তথা ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতে ভৱিষ্যতৰ অংশীদাৰিত্বৰ বাবে দুৱাৰ মুকলি কৰাৰ আকাংক্ষাকো প্ৰতিফলিত কৰে।প্ৰণিধানযোগ্য যে, হিন্দী ভাষাত নিৰ্মাণ কৰা 'কুকি’ হৈছে অসমীয়া চলচ্চিত্ৰ জগতখনৰ সহযোগিতামূলক প্ৰচেষ্টাৰ এক অনন্য নিদৰ্শন। ছবিখনৰ সৈতে জড়িত ৯৮ শতাংশ কলা-কুশলী অসমৰ মাটি-পানীৰ সৈতে জড়িত। এই পদক্ষেপে উদ্যোগটোৰ প্ৰতিভাৰ প্ৰাচুৰ্য্যক উজ্জ্বল কৰি তোলাই নহয়, ছবিখনৰ সৈতে জড়িত লোকসকলৰ মাজত শিক্ষণ, আন্তঃসাংস্কৃতিক বিনিময় আৰু দক্ষতা বিকাশৰ বাবেও এক মঞ্চ প্ৰদান কৰিছে। এই ছবিখনত উদ্যোগটোৰ সুপৰিচিত নামকে ধৰি স্থানীয় আৰু ৰাষ্ট্ৰীয় উভয় পটভূমিৰ অভিনেতা, কণ্ঠশিল্পী আৰু সংগীতজ্ঞসকলে কাম কৰিছে।ছবিখন মুক্তিৰ বাবে সাজু হোৱাৰ লগে লগে দৰ্শক আৰু ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকলৰ মাজত যথেষ্ট প্ৰত্যাশা আৰু উৎকণ্ঠাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। ছবিখনে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰাৰ সমান্তৰালভাৱে ক্ৰমবৰ্ধমান অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উভয় পৰ্যায়তে অধিক সফলতা আৰু স্বীকৃতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here