হাঁপানী ৰোগীয়ে হাঁপানীৰ বাবে চিকিৎসাৰ সহায় লোৱাত পলম কৰাক লৈ উদ্বেগ প্ৰকাশ বিশেষজ্ঞৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 May 2024

হাঁপানী ৰোগীয়ে হাঁপানীৰ বাবে চিকিৎসাৰ সহায় লোৱাত পলম কৰাক লৈ উদ্বেগ প্ৰকাশ বিশেষজ্ঞৰ


 

• গুৱাহাটীত গৰিষ্ঠসংখ্যক হাঁপানী ৰোগীয়ে বহুসময়ৰ পিচতহে সহায় বিচাৰে

• বহু ৰোগীয়ে হাঁপানীৰ প্ৰাৰম্ভিক লক্ষণসমূহক সাধাৰণ কাহ বুলি ভাবি এবছৰতকৈ অধিক সময় আওকাণ কৰে

W7s news,,,গুৱাহাটী, ০৬ মে’, ২০২৪:  ভাৰতত হাঁপানীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাটো সাধাৰণ কথা হৈপৰিছে। হাঁপানী নিয়ন্ত্ৰণৰ বাবে ৰোগীয়ে চিকিৎসাৰ সহায় লোৱাত পলম কৰাত অৱশ্যে বিশেষজ্ঞসকলহে চিন্তিত হৈ পৰা দেখা যায়। চহৰখনৰ বিখ্যাত পালমোন’লজিষ্ট ডাঃ উদ্ভাস কুমাৰ কটকী, ডাঃ আৰু শিখা ৰাভা আৰু ডাঃ জি এল পেগুৱে উদ্বেগ প্ৰকাশ কৰি জনায় যে হাঁপানীৰ প্ৰাৰম্ভিক লক্ষণসমূহক এবছৰতকৈ অধিক সময় ধৰি আওকাণ কৰাৰ পিচতহে চিকিৎসাৰ সহায় লয় গৰিষ্ঠসংখ্যক ৰোগীয়ে ।

হাঁপানী হৈছে ভাৰতৰ অন্যতম প্ৰধান স্বাস্থ্যজনিত সমস্যা আৰু দেশত হাঁপানী ৰোগীৰ আনুমানিক সংখ্যা হৈছে ৩৪.৩ নিযুত,গ্ল’বেল বাৰ্ডেন অৱ ডিজিজ (জি বি ডি, ১৯৯০-২০১৯)ৰ শেহতীয়া তথ্য অনুসৰি এই সংখ্যা হৈছে বিশ্বৰ সৰ্বমুঠ বোজাৰ প্ৰায়১৩.০৯% ।  তদুপৰি, বিশ্বজুৰি হাঁপানীৰ ফলত হোৱা অকাল মৃত্যুত ৪২%অৰিহণা যোগায় ভাৰতে। গুৱাহাটীৰ ই এছ আই চি চিকিৎসালয়ৰ ডাঃ উদ্ভাস কুমাৰ কটকীয়ে কয় -‘ভাৰতত হাঁপানীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা আৰু ভাৰতৰ প্ৰধান চহৰসমূহত বায়ু প্ৰদূষণ বৃদ্ধি পোৱাৰ পিচতো হাঁপানী আৰু ইয়াৰ লক্ষণসমূহৰ বিষয়ে এতিয়াও সজাগতাৰ অভাৱ দেখা যায়। আমি এতিয়াও এবছৰতকৈও অধিক সময় ধৰি উশাহ লোৱাত সন্মুখীন হোৱা সমস্যাক আওকাণ কৰি থকা ৰোগী দেখিবলৈ পাওঁ।”

এন এফ ৰেলৱে কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসা পৰামৰ্শদাতা ডাঃ অৰু শিখা ৰাভাই মন্তবূ কৰি কয়, “ইমান এক বৃহৎ জনসংখ্যাই হাঁপানীৰ লক্ষণৰ বিষয়ে সচেতন নোহোৱাটো আৰু বহু ভুল ধাৰণা লৈ থকাটো চিন্তাৰ বিষয়।  হাঁপানীক লৈ মানুহৰ মাজত থকা ভুল ধাৰণাৰ দুটা প্ৰধান কাৰণ হ’ল এই ৰোগক কেন্দ্ৰ কৰি সজাগতাৰ অভাৱ আৰু কুসংস্কাৰ। বহু ৰোগীয়ে ভাবে যে তেওঁলোকে গোটেই জীৱন ইনহেলাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব আৰু হাঁপানীৰ বাবে দৈনন্দিন কামবোৰ সহজে সম্পন্ন কৰিব নোৱাৰিব।  এনে ভুল ধাৰণাসমূহৰ বাবেই ৰোগীয়ে ফ’ল’-আপ পছন্দ নকৰে, যিয়ে জীৱনৰ মানদণ্ডত অধিক প্ৰভাৱ পেলায়।”

এন এফ ৰেলৱে চেণ্ট্ৰেল হাস্পতালৰ মেডিচিন কনচালটেণ্ট ডাঃ জি.এল.পেগুৱে কয়, “বিশ্ব হাঁপানী দিৱসত (৭ মে’, ২০২৪) আমি আগতীয়াকৈ চিনাক্তকৰণৰ জৰিয়তে হাঁপানী আৰু ইয়াৰ ব্যৱস্থাপনাৰ বিষয়ে জনসাধাৰণক সংবেদনশীল কৰিব বিচাৰো। বেছিভাগ ৰোগীয়ে লক্ষণ আৰু চিকিৎসাৰ বিকল্পৰ বিষয়ে অৱগত নহয়। হাঁপানীৰ ওপৰত সজাগতা বিয়পোৱাৰ স্পষ্ট প্ৰয়োজনীয়তা আছে।  ৰোগীসকলক সংবেদনশীল কৰি আৰু হাঁপানী আৰু ইয়াৰ ব্যৱস্থাপনাৰ বিষয়ে সঠিক তথ্য ভাগ বতৰা কৰি আমি জীৱনৰ মানদণ্ড যথেষ্ট উন্নত কৰিব পাৰো। ইনহেলাৰ ব্যৱহাৰৰ সঠিক কৌশল ৰোগীক শিকাব লাগে আৰু সঠিক তথ্য আগবঢ়াই ৰোগৰ উন্নত ব্যৱস্থাপনাত সহায়ক কৰাটো প্ৰয়োজন।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here