১৭ মে’ত ছবিগৃহলৈ আহিব ‘জিয়া’, মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া বোলছবিখনৰ ট্ৰেইলাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 4 May 2024

১৭ মে’ত ছবিগৃহলৈ আহিব ‘জিয়া’, মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া বোলছবিখনৰ ট্ৰেইলাৰ



W7s news,,গুৱাহাটী, ৪ মে’, ২০২৪: শেহতীয়াকৈ জনপ্ৰিয় পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাৰে নিৰ্মিত বহুপ্ৰত্যাশিত অসমীয়া বোলছবি ‘জিয়া’ৰ ট্ৰেইলাৰে মুক্তিলাভ কৰিছে।

ট্ৰেইলাৰৰ লিংক: https://www.youtube.com/watch?v=6ZcpvLEpYZ0

উল্লেখ্য যে, অহা ১৭ মে’ত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া ‘জিয়া’ই ইতিমধ্যেই ছবি সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এগৰাকী অকলশৰীয়া মাতৃৰ সংগ্ৰাম, প্ৰেম আৰু বিষাদৰ কাহিনীৰে নিৰ্মিত ‘জিয়া’ বোলছবিয়ে এইবাৰৰ প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰাৰ উপৰিও, আন তিনিটা শিতানতো উজ্বলি উঠিছে। ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস) শিতানত বঁটা লাভ কৰে।ছবি পৰিচালক কেনি বসুমতাৰীয়ে প্ৰথমবাৰৰ বাবে “চিৰিয়াছ, কিন্তু বিৰক্তিদায়ক নহয়’’ দৃষ্টিভংগীৰে নিৰ্মাণ কৰা ‘জিয়া’ই ছবিপ্ৰেমী দৰ্শকৰ পৰা সঁহাৰি লাভ কৰিব বুলি আশা কৰিছে ছবিখনৰ সৈতে জড়িত প্ৰযোজক, পৰিচালক আৰু কলা-কুশলীসকলে।উল্লেখ্য যে, শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে ‘জিয়া’ৰ কাহিনী ৰচনা আৰু প্ৰযোজনা কৰাৰ লগতে ছবিখনৰ মুখ্য চৰিত্ৰটো অভিনয় কৰিছে। নিৰ্যাতনমূলক বিবাহৰ পৰা নিজকে ৰক্ষা কৰি কন্যা নূপুৰ (আৰাধ্যা মহন্ত)ৰ সৈতে অকলশৰে যুঁজ দিয়া জিয়া নামৰ এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামেই এই ছবিখনৰ আধাৰ। কন্যা নূপুৰক লগত লৈ স্বামীৰ পৰা আঁতৰি অহাৰ পিছত জিয়াই বান্ধৱী পল্লৱী (ঈপ্সিতা হাজৰিকা)ৰ সমৰ্থনত এটা নতুন জীৱনৰ পাতনি মেলে। তেওঁৰ বিষাক্ত হৈ পৰা চাকৰিটোও বাধ্য হৈ পৰাত জিয়াই পল্লৱীৰ কৰ্মক্ষেত্ৰত যোগদান কৰে, আৰু তাতেই তেওঁ লগ পায় অমায়িক স্বভাৱৰ অভি (ৰিকি শৰ্মা)ক। ছবিখনৰ পৰৱৰ্তী কাহিনী দৰ্শকৰ বাবে কৌতুহলপূৰ্ণ।প্ৰতিম খাউণ্ডৰ সম্পাদনাৰে মুক্তিলাভ কৰা ছবিখনৰ ট্ৰেইলাৰত জিয়াৰ দৈনন্দিন জীৱনৰ কঠোৰ সংগ্ৰাম আৰু তেওঁৰ কাষত আশ্বাসৰ হাত বুলাই ছাঁৰ দৰে থিয় দিয়া বান্ধৱী পল্লৱীৰ বন্ধুত্বৰ পৰিভাষা ফুটি উঠিছে। ইয়াৰ উপৰিও গাম্ভীৰ্যপূৰ্ণ ছবিখনৰ ট্ৰেইলাৰত হাস্যৰসৰ উন্মেষ ঘটাই ছবিখন যে দৰ্শকৰ বাবে আকৰ্ষণীয় হ’ব সেয়া স্পষ্ট কৰি দিছে পৰিচালক কেনি বসুমতাৰীয়ে।জিয়া’ সন্দৰ্ভত ছবিখনৰ লেখিকা, প্ৰযোজিকা তথা অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, “এই ছবিখনৰ সৈতে সকলোৱে নিজকে সংপৃক্ত কৰিবলৈ সক্ষম হ’ব। ‘জিয়া’ কেৱল জিয়াৰ বিষয়ে নহয়, এয়া প্ৰতিগৰাকী নাৰী, প্ৰতিগৰাকী মাতৃৰ কাহিনী। ইয়াৰ দ্বাৰা তেওঁলোকৰ দৈনন্দিন সংগ্ৰাম, আৰু কেনেকৈ এই সংগ্ৰামৰ মুখামুখি হ’বলৈ তেওঁলোকে শক্তি বিচাৰি পায়, সেয়া প্ৰকাশ কৰা হৈছে। এই ছবিখন প্ৰতিগৰাকী মহিলাৰ প্ৰতি উৎসৰ্গা কৰা হৈছে।”পূৰ্বে ‘জিয়া’ক, তেওঁৰ দ্বাৰা পৰিচালিত প্ৰথম ‘চিৰিয়াছ, কিন্তু নিশ্চিতভাৱে বিৰক্তিদায়ক নহয়’ ধৰণৰ ছবি বুলি অভিহিত কৰা পৰিচালক কেনি বসুমতাৰীয়ে ১৭ মে’ত ছবিখনৰ মুক্তিলাভলৈ অধীৰ অপেক্ষা কৰি থকা বুলি মন্তব্য কৰে। তেওঁ কয়, “আমি এখন সুন্দৰ ছবি নিৰ্মাণ কৰিছোঁ, আৰু এতিয়া ছবিপ্ৰেমীসকলে ‘জিয়া’ উপভোগ কৰি কেনেধৰণৰ প্ৰতিক্ৰিয়া দিয়ে সেয়া জানিবলৈ আমি অধীৰ হৈ পৰিছোঁ। মই নিশ্চিত যে ছবিপ্ৰেমী দৰ্শকে এই ছবিখন নিৰ্মাণৰ বাবে কৰা অভিনেতা-অভিনেত্ৰী আৰু আন সদস্যসকলৰ কঠোৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ শলাগ ল’ব।”১৭ মে’ত সমগ্ৰ অসমৰ দৰ্শকৰ সন্মুখত মুক্তিলাভৰ বাবে ইতিমধ্যে সাজু হৈছে ‘জিয়া’।আনহাতে ছবিখনৰ সংগীতেও ইতিমধ্যে সংগীতপ্ৰেমীৰ মাজত অনুৰণন ঘটোৱা পৰিলক্ষিত হৈছে। ছবিখনৰ এটা গীতত কণ্ঠদান কৰা জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক শেহতীয়া প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ বঁটাও প্ৰদান কৰা হৈছে। আৱেগ আৰু সুৰৰ সমাহেৰেৰে ছবিখনৰ প্ৰতিটো গীতেই প্ৰকট কৰি তুলিছে ‘জিয়া’ৰ কাহিনীৰ গভীৰতা। পাপন আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ মোহনীয় কণ্ঠৰ ‘সপোন সপোন লগা’ আৰু শংকুৰাজ কোঁৱৰ আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ ‘এই সাধু’ আদি গীতে সংগীত প্ৰেমীৰ মাজতো জনপ্ৰিয় হৈ পৰিছে।ইয়াৰ উপৰিও মৈত্ৰয়ী পাটৰৰ সুমধুৰ কণ্ঠৰ প্ৰাণস্পৰ্শী উপস্থাপন ‘নুফুটা জোনাক’, ঈপ্সিতা হাজৰিকা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ দ্বৈত কণ্ঠৰ ‘কথাবোৰ যদি হ’ল হয়’ আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ ‘উদং বুকুত’ আদি গীতেও ইতিমধ্যে সংগীতপ্ৰেমীৰ হৃদয়ত শব্দ আৰু সুৰৰ আলোড়ন তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here