W7s news,,,অসম,- গভীৰ দেশপ্ৰেম আৰু জাতিৰ প্ৰতি অদম্য সমৰ্পণৰ প্ৰতিফলন ঘটাই অসম সন্তান বংশ গোস্বামীয়ে খোজ আগবঢ়াইছে দেশ মাতৃৰ সেৱাৰ হকে। সন্মানীয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত নামভৰ্তিৰ সুযোগ লাভ কৰি এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ যুৱক বংশ গোস্বামীয়ে। সংবাদ সংস্থা আজ টকৰ আগশাৰীৰ অনুষ্ঠান 'বন্দে মাতৰম’ত দেখুওৱা সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰা অনুপ্ৰাণিত হৈ অসম সন্তান বংশ গোস্বামীয়ে ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ সংকল্প লৈছে। এই সন্দৰ্ভত তেওঁ কয় যে তেওঁৰ সিদ্ধান্তৰ মূলতে আছে সশস্ত্ৰ বাহিনীৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱা আৰু দেশ মাতৃক গৌৰৱান্বিত কৰাৰ তেওঁৰ আন্তৰিক ইচ্ছা। উল্লেখ্য যে, আজ টকৰ অনুষ্ঠান ‘বন্দে মাতৰম’ হৈছে আজিলৈকে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বিভিন্ন দিশক উজ্জ্বল কৰি তোলা এক অগ্ৰণী অনুষ্ঠান।আজ টকৰ পৰিচালন সম্পাদক শ্বেতা সিঙে আঁত ধৰা এই বিশেষ খণ্ডটোৱে ভাৰতীয় সামৰিক একাডেমীৰ জেণ্টেলমেন কেডেটসকলে সমগ্ৰ দেশবাসীক গৌৰৱাম্বিত কৰা ভাৰত মাতৃৰ ৰক্ষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ দিশত কৰিবলগীয়া হোৱা সাধনা আৰু সংগ্ৰামৰ এক অন্তৰ্দৃষ্টি প্ৰদান কৰে।নিজৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বংশ গোস্বামীয়ে তেওঁৰ ইচ্ছাক অনুপ্ৰাণিত কৰি দেশৰ সেৱাৰ হকে তেওঁৰ পথ প্ৰদৰ্শন কৰাৰ বাবে আজ টক আৰু শ্বেতা সিঙৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয়, "মই জেন্টেলমেন কেডেট হোৱাৰ পথ প্ৰশস্ত কৰাৰ বাবে আজ টকলৈ অসীম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্বেতা সিঙে পৰিচালনা কৰা 'বন্দে মাতৰম' অনুষ্ঠানটোৱে এগৰাকী জেন্টলমেন কেডেটৰ প্ৰশিক্ষণৰ এক আভাস প্ৰদান কৰিছিল, যিটোৱে মোৰ মনত দেশ মাতৃৰ সেৱা কৰাৰ আকাংক্ষা জগাই তুলিছিল। অনুষ্ঠানটোত কেডেটসকলৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ উপলক্ষ্যত আয়োজিত অনুষ্ঠান দেখি আৰু সেই সময়ত তেওঁলোকৰ পিতৃ-মাতৃৰ চকুত প্ৰতিফলিত হোৱা গৌৰৱৰ অভাস দেখি ময়ো মোৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ’লো। মই হৃদয়ৰ পৰা উপলব্ধি কৰিব পাৰিছিলোঁ যে এই সন্মান ময়ো লাভ কৰিব বিচাৰোঁ। সেই অনুষ্ঠানটোৰ জৰিয়তে মোক অনুপ্ৰাণিত কৰাত তেওঁৰ ভূমিকাৰ বাবে শ্বেতা সিঙক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ এই অনুষ্ঠানটোৰ সাক্ষী নোহোৱা হ’লে হয়তো মই ভাৰতীয় সেনাবাহিনীত নাম ভৰ্তি কৰাৰ বাবে অনুপ্ৰেৰণা লাভ নকৰিলোঁহেঁতেন।"উল্লেখ্য যে, অশেষ প্ৰত্যাহ্বান নেওচিও বংশ গোস্বামীক অকলশৰে ডাঙৰ-দীঘল কৰা মাতৃক গৌৰৱাম্বিত কৰাৰ প্ৰৱল বাসনাৰে সশস্ত্ৰ বাহিনীত যোগদানৰ যাত্ৰা আৰম্ভ কৰিছে অসমৰ এইগৰাকী প্ৰতিভাৱান যুৱকে। নিশ্চিতভাৱে তেওঁৰ এই যাত্ৰাই ভাৰতীয় সেনাৰ নীতি-নিয়মৰ সৈতে গভীৰভাৱে অনুৰণন ঘটা নিষ্ঠা আৰু ত্যাগৰ মনোভাৱৰ প্ৰতিফলন ঘটাইছে।গোস্বামীৰ এই মহৎ উদ্দেশ্যৰ দিশে আৰম্ভ কৰা যাত্ৰাই তেওঁৰ সাহস, সততা আৰু নিঃস্বাৰ্থতাক মূৰ্ত কৰি তোলাৰ লগতে দেশৰ যুৱ প্ৰজন্মৰ বাবেও এক সপোনৰ বাট মুকলি কৰি দিবলৈ সক্ষম হৈছে।
Post Top Ad
Responsive Ads Here
Saturday, 4 May 2024
Home
-
-গুৱাহাটী
আজ টকৰ 'বন্দে মাতৰম’ শ্ব’ৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত যোগদান অসম সন্তান বংশ গোস্বামীৰ
আজ টকৰ 'বন্দে মাতৰম’ শ্ব’ৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত যোগদান অসম সন্তান বংশ গোস্বামীৰ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment