গৌশালাত প্ৰথম নৰ্থ-ইষ্ট টেক্সটাইল এক্স'প উদ্বোধন কৰিব ৰাজ্যপাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 4 May 2024

গৌশালাত প্ৰথম নৰ্থ-ইষ্ট টেক্সটাইল এক্স'প উদ্বোধন কৰিব ৰাজ্যপাল


 

আন্তঃৰাষ্ট্ৰীয় ট্রেড কৰ্পোৰেশ্যন এটা প্ৰতিনিধি দলে ৰাজভৱনত গুলাব চান্দ কটাৰিয়াক সাক্ষাৎ কৰে


W7s news,,,গুৱাহাটী, ৪ মে’: আন্তঃৰাষ্ট্ৰীয় ট্রেড কৰ্পোৰেশ্যন চমুকৈ আই টি চিয়ে এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰে। আইটিচিৰ পৰা মৃণাল গনেৰিৱাল, বিক্ৰম মোডী আৰু হীৰালাল মাহনোতৰ নেতৃত্বত উপস্থিত থাকে তেৰাপন্থ ধৰ্মস্থলৰ প্ৰাক্তন সভাপতি ঝংকৰ দুধেৰিয়া,  সাধুমাৰ্গী জৈন শ্ৰাৱক সংঘ (সমতা ভৱন)ৰ প্ৰাক্তন সভাপতি জীৱৰাজ পিঞ্চা। প্ৰতিনিধি দলটোৱে ১৮ মে’ৰ পৰা আঠগাঁৱৰ শ্ৰী গৌহাটি গৌশালাৰ বৃন্দাবন গাৰ্ডেনত সংস্থাটোৱে আয়োজন কৰিবলগীয়া প্ৰথম নৰ্থ-ইষ্ট টেক্সটাইল এক্স'প মুখ্য অতিথি হিচাপে ৰাজ্যপালক আমন্ত্ৰণ জনায়, যিটো ৰাজ্যপাল  কটাৰিয়াই আনন্দৰে গ্ৰহণ কৰে আৰু তেওঁ সন্মতি দিব এক্সপ’ উদ্বোধন কৰে।

ইয়াৰ মাজতে আয়োজকসকলে উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰথম নৰ্থ-ইষ্ট টেক্সটাইল এক্স'প বিষয়ে ৰাজ্যপালক অৱগত কৰে।

এই সন্দৰ্ভত আয়োজক মৃণাল গাণেৰিৱালে কয় যে উত্তৰ-পূবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পানীপথৰ বহু নিৰ্মাতাই এই নৰ্থ-ইষ্ট টেক্সটাইল এক্স'পত অংশগ্ৰহণ কৰিবলৈ আহিব। 

এই এক্স'পত বিশেষকৈ কম্বল, বেডশ্বীট, কুইল্ট, বেড কভাৰ, হস্ততাঁতসামগ্ৰী, গৃহ সজ্জা আদিকে ধৰি বহু সামগ্ৰী এখন চালৰ তলত উপলব্ধ হ'ব।  অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়ক অধিক গতিশীল কৰিবলৈ অংশগ্ৰহণ কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই এক্স'পত বি-২বি বৈঠকৰো আয়োজন কৰা হৈছে, যাৰ জৰিয়তে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীসকলে পানীপথৰ নিৰ্মাতাসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ আৰু ব্যৱসায় কৰাৰ এক সোণালী সুযোগ লাভ কৰিব। এই এক্সপোৰ জৰিয়তে ব্যৱসায়ীসকলে কেৱল তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ সুযোগ লাভ কৰাই নহয় তেওঁলোকে বহুতো নেদেখা সামগ্ৰী চাবলৈও সুযোগ পাব। মোদীয়ে কয় যে পানীপথৰ ত্ৰিশৰো অধিক ডাঙৰ নিৰ্মান প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। তেওঁ আশা ব্যক্ত কৰে যে এই নৰ্থ-ইষ্ট টেক্সটাইল এক্স'পয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীক লাভান্বিত কৰিব।  গাণেৰিৱালে কয় যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজিত এই এক্স'প সন্দৰ্ভত ব্যৱসায়ীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here