একল অভিযানৰ দিনযোৰা সমিতি প্ৰশিক্ষণ সত্ৰৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 May 2024

একল অভিযানৰ দিনযোৰা সমিতি প্ৰশিক্ষণ সত্ৰৰ সামৰণি


 

উদ্ধোধনী অনুস্থানত উপস্থিত থাকে মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী



W7s news,,গুৱাহাটী ২৮ মে। সমগ্ৰ ভাৰতবৰ্ষত বিগত ৩৫ বছৰে একল অভিযানৰ দ্বাৰা দেশৰ সীমামূৰীয়া অঞ্চল, জনজাতীয় অঞ্চল তথা অতি সংবেদনশীল অঞ্চলসমূহত পঞ্চমূখী যোজনা অৰ্থাত্ একল বিদ্যালয় যোজনা, আৰোগ্য যোজনা, গ্ৰামোত্থান যোজনা, গ্ৰাম স্বৰাজ যোজনা আৰু শ্ৰীহৰি কথা প্ৰচাৰ যোজনা সঞ্চালন কৰি থকা হৈছে। যাৰ দ্বাৰা একোখন গাঁৱৰ সৰ্বাঙ্গীণ বিকাশ কৰাৰ ক্ষেত্ৰত এই অভিযানে অবিৰতভাৱে প্ৰয়াসৰত হৈ আছে। বৰ্তমান সম্পূৰ্ণ ভাৰতত এক লাখতকৈ অধিক গাঁৱত একল অভিযানৰ কাৰ্যসমূহ বিস্তাৰ কৰা হৈছে। তাৰেই পূৰ্ব্বাঞ্চলৰ অসম, ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত মুঠ ৭২৬০ খন গাঁৱত অভিযানৰ বিভিন্ন সেৱাকাৰ্য চলি আছে। এইয়া ব্য়ক্তি-ব্য়ক্তিৰ অভিযান আৰু ই ৰাষ্ট্ৰহিতাৰ্থে পূৰ্ণ ৰূপে সমৰ্পিত। শিক্ষা, স্বাস্থ্য, স্বাৱলম্বন, স্বাভীমান তথা সংস্কাৰৰ মাধ্য়মত সমাজ সামগ্ৰিক উন্নয়ন ও ৰাষ্ট্ৰ নিৰ্মাণ কৰাই একল অভিযানৰ উদ্দেশ্য।

একল অভিযানৰ এই ৰাষ্ট্ৰ নিৰ্মাণৰ পৱিত্ৰ কাৰ্যসমূহক সফল ৰূপায়ণ কৰাৰ্থে পূৰ্ব্বাঞ্চলত ৫২০ গৰাকীৰ অধিক পূৰ্ণকালিন কাৰ্যকৰ্তা আৰু প্ৰতিটো গাওঁ, জিলা, প্ৰান্ত স্তৰীয় সমিতি বিষয়ববীয়া সকলে তন-মন-ধন পূৰ্ব্বক নিস্বাৰ্থভাৱে নিজৰ সেৱা প্ৰদান কৰি আছে। এই সেৱামূলক কাৰ্যত কৰ্মতৰ কাৰ্যকৰ্তাৰ মানসিক, বৌদ্ধিক, আধ্যাত্মিক বিকাশৰ বাবে তিনি দিনীয়া নৈষ্ণাত্য প্ৰশিক্ষণৰ আয়োজন গুৱাহাটী মহানগৰ স্থিত হাৰিয়ানা ভৱনত কুশলতাপূৰ্ৱক সম্পন্ন হৈ যায়। এই প্ৰশিক্ষণত পূৰ্ব্বাঞ্চলৰ অপেক্ষিত ২৫ গৰাকী প্ৰমুখ পূৰ্ণকালিন কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। একল অভিযানৰ ৰাষ্ট্ৰীয় সংগঠন প্ৰভাৰী মাধৱেন্দ্ৰ সিংহ, প্ৰশিক্ষক হিচাপে কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰমুখ ঔম প্ৰকাশ শৰ্মা, কেন্দ্ৰীয় সহ প্ৰশিক্ষণ প্ৰমুখ ৰঞ্জন কুমাৰ বাগ, সনত কুমাৰ, কেন্দ্ৰীয় আৰোগ্য় প্ৰমুখ কৰ্ণ গড়, কেন্দ্ৰীয় খেল ও শাৰীৰিক প্ৰমুখ সম্ভূ কুমাৰ সিংহ, পূৰ্ব্বোত্তৰ শিক্ষা প্ৰভাৰী ৰীণা ভৌমিক, প্ৰভাগ উপাধ্য়ক্ষ অতিন্দ্ৰ বিজয় চৌধুৰী উপস্থিত থাকি বিভিন্ন বিষয়ত বৌদ্ধিক প্ৰদান কৰে আৰু লগতে মাৰ্গদৰ্শন আগবঢ়ায় কেন্দ্ৰীয় উপাধ্যক্ষ পৱন কুমাৰ আগৰৱালা, পূৰ্বোত্তৰ প্ৰভাগৰ অধ্যক্ষ অমল বৈশ্যই।

অন্যহাতে জিলা, প্ৰান্তীয় ও ক্ষেত্ৰীয় সস্তৰীয় সমিতি পদাধিকাৰীসকৰ বাবে এখনি দিনযোৰা সমিতি প্ৰশিক্ষণ সত্ৰৰ আয়োজন গুৱাহাটী মহানগৰ স্থিত হাৰিয়ানা ভৱনত সম্পন্ন হৈ যায়। উদ্ঘাটন কাৰ্যসূচীত মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্জ্বলন কৰি শুভ উদ্ধোধন কৰে। সমিতি প্ৰশিক্ষণৰ কাৰ্যসূচী অনুক্ৰমে পূৰ্ব্বোত্তৰ প্ৰভাগৰ নৱ গঠিত প্ৰভাগ সমিতিৰ অধ্যক্ষ অমল বৈশ্য, উপাধ্যক্ষ অতিন্দ্ৰ বিজয় চৌধুৰী, সচিব জ্য়োতি প্ৰসাদ চহৰীয়া লগতে সমূহ বিষয়-ববীয়া সকলে শপত পাঠ কৰি সাংগঠনিক বিধি অনুসৰি পূৰ্ব্বাঞ্চলৰ কাৰ্যভাৰ গ্ৰহণ কৰে। অসম, ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ পৰা জিলা, প্ৰান্তীয়, ক্ষেত্ৰীয় সস্তৰীয় সমিতিৰ শতাধিক পদাধিকাৰীসকল উপস্থিত থাকা প্ৰশিক্ষণ শিৱিৰত সংগঠনৰ ধেয়্য, অৱধাৰণা, সংগঠন শাস্ত্ৰ, অভিযান সমিতিৰ ভূমিকা তথা কাৰ্যপদ্ধতি, গ্ৰাম সংগঠনৰ পৰিভাষা আদিৰ ওপৰত একল অভিযানৰ ৰাষ্ট্ৰীয় সংগঠন প্ৰভাৰী মাধৱেন্দ্ৰ সিংহ, কেন্দ্ৰীয় কাৰ্যকাৰিণীৰ উপাধ্যক্ষ পৱন কুমাৰ আগৰৱালা, অখিল ভাৰতীয় সহ অভিযান প্ৰমুখ খেমানন্দ সপকোটাই মাৰ্গদৰ্শন আগবঢ়ায় লগতে কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰমুখ ঔম প্ৰকাশ শৰ্মা, কেন্দ্ৰীয় সহ প্ৰশিক্ষণ প্ৰমুখ ৰঞ্জন কুমাৰ বাগ, সনত কুমাৰ, কেন্দ্ৰীয় আৰোগ্য় প্ৰমুখ কৰ্ণ গড়, কেন্দ্ৰীয় খেল ও শাৰীৰিক প্ৰমুখ সম্ভূ কুমাৰ সিংহ, কেন্দ্ৰীয় সহ প্ৰমুখ ৰাধাকান্ত শ্ৱাহ, গুৱাহাটী মহিলা সমিতিৰ অধ্যক্ষা বন্দনা বাগাৰীয়া, পূৰ্বোত্তৰ প্ৰভাগৰ সংগঠন মন্ত্ৰী ৰমেশ লিম্বু, সহ সংগঠন মন্ত্ৰী বিৰিঞ্চ কুমাৰ বৰা উপস্থিত থাকে।  মুক্ত চিন্তন কাৰ্যসূচীত একল অভিযানৰ সাংগঠনিক তন্ত্ৰ মজবুত কৰি অধিক সক্ৰিয়তাৰে উত্তৰ পূৰ্ব্বাঞ্চলৰ সামগ্ৰীক উন্নয়নৰ ওপতৰ বিভিন্ন পদাধিকাৰীয়ে নিজ নিজ মতামত প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here