মুক্তিপথৰ চলচ্চিত্ৰ "কুকি”ৰ মোচন পোষ্টাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 30 May 2024

মুক্তিপথৰ চলচ্চিত্ৰ "কুকি”ৰ মোচন পোষ্টাৰ মুকলি

 



২৮জুনত মুক্তি পাব দেশৰ এশটা ছবিগৃহত




W7s news গুৱাহাটী: অসমৰ পটভূমিত নিৰ্মিত হিন্দী চলচ্চিত্ৰ কুকিৰ মোচন পিকচাৰ বৃহস্পতিবাৰে 

গুৱাহাটীত মুকলি কৰা হয় । চলচ্চিত্ৰখন  ২৮ জুনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে মুম্বাই, দিল্লী, কলকাতা, বাংগালুৰু, চেন্নাই, পুনে চহৰসহ সমগ্ৰ দেশৰ ১০০ খন চিনেমা হলত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লগতে বিশ্বৰ কেইবাখনো দেশত মুক্তি লাভ কৰিব।

পৰিচালক প্ৰণৱ জে ডেকা, প্ৰবীণ অভিনেতা অতুল পাচনি আৰু প্ৰযোজক ড° জোনমণি দেৱী খাউণ্ডে এই সন্দৰ্ভত বৃহস্পতিবাৰে নিৰিজ  পাৰ্কত  অনুষ্ঠিত এখন  সংবাদমেল সম্বোধন কৰে। 

“কান্ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা সমগ্ৰ বিশ্বৰ বহুসংখ্যক চলচ্চিত্ৰ সমালোচকে মাৰ্চ ডু ফিল্মত কুকি উপভোগ কৰি চলচ্চিত্ৰখনৰ যথেষ্ট প্ৰশংসা কৰিছে। চলচ্চিত্ৰখনে ইউৰোপ আৰু আফ্ৰিকাৰ বিতৰণকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।" পৰিচালক প্ৰণৱ জে ডেকাই কয়।  

মুক্তি উপলক্ষে চলচ্চিত্ৰখনৰ প্ৰযোজক ড° জোনমণি দেৱী খাউণ্ডে কয়, "কুকিৰ মুক্তিৰ বাবে মাত্ৰ এমাহ বাকী থকা কথাটোক লৈ আমি সঁচাকৈয়ে উৎসাহিত, আমাৰ গোটেই দলটোৱে এই প্ৰকল্পটোৰ বাবে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছে।"

"কান্ চলচিত্ৰ মহেৎসৱত উপস্থিত থকা আৰু আমাৰ চিনেমাখন চোৱা বহুকেইখন দেশৰ চলচিত্ৰ প্ৰেমীৰ পৰা প্ৰশংসা লাভ কৰিছে। ই সঁচাকৈয়ে সমগ্ৰ দলটোক উৎসাহিত কৰিছে আৰু সমগ্ৰ ভাৰতৰ মানুহে চলচ্চিত্ৰখনৰ প্ৰতি মৰম আৰু সমৰ্থন দেখুৱাব বুলি আমি সকলোৱে আশাবাদী", ড° জোনমণি দেৱী খাউণ্ডে লগতে কয়। 

মোচন পোষ্টাৰ অনুপম বৰদলৈ আৰু ৰুবুল দাসে ডিজাইন কৰিছে। ধ্বনি ডিজাইন কৰিছে তপন জ্যোতি দত্তই। পোষ্টাৰসমূহ ডিজাইন কৰিছে অমিত দাস আৰু সঞ্জীৱ চেতিয়াই।কুকিৰ ঘটনাৰ ওপৰত লক্ষ্য কৰি ছবিখন হিন্দী নিৰ্মাণ কৰা হৈছে।মেঘালয়,গুৱাহাটী,দিল্লী, মুম্বাইত  দৃশ্যগ্ৰহণ কৰা ছবিখন নব্বৈ শতাংশ দৃশ্যগ্ৰহণ তেজপুৰত কৰা বুলি জোনমণি দেৱী খাউণ্ডে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here