মডাৰ্ণ ইংলিছ স্কুলত জিলিকিল ভৱিষ্যতৰ বিজ্ঞানী আৰু উদ্ভাৱকসকল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 31 May 2024

মডাৰ্ণ ইংলিছ স্কুলত জিলিকিল ভৱিষ্যতৰ বিজ্ঞানী আৰু উদ্ভাৱকসকল


 


দৰ্শনীয় বিজ্ঞান আৰু গণিত প্ৰদৰ্শনী ২০২৪


প্ৰদৰ্শনীত ৩০০ৰো অধিক শিক্ষাৰ্থীৰ উদ্ভাৱনী ক্ষমতা আৰু সৃজনশীলতা প্ৰদৰ্শন


W7s news,,গুৱাহাটী, ৩০ মে, ২০২৪: উৎসাহ আৰু উদ্দীপনাৰ গুঞ্জন তুলি কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ৩০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে আজি বহুপ্ৰত্যাশিত বিজ্ঞান আৰু গণিত প্ৰদৰ্শনীত নিজৰ অত্যাধুনিক প্ৰকল্প প্ৰদৰ্শন কৰে। অনুষ্ঠানটোৱে বিদ্যালয়খনক সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ এক জীৱন্ত কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে, য'ত একক আৰু দলীয়ভাৱে শিক্ষাৰ্থীসকলে ২০০ ৰো অধিক অনন্য প্ৰকল্প প্ৰদৰ্শন কৰা দেখা যায়।

শিক্ষাৰ্থীসকলক ৩-৫ শ্ৰেণী, ৬-৮ শ্ৰেণী, আৰু ৯-১১ শ্ৰেণী হিচাপে ৩টা ভাগত বিভক্ত কৰা হয়। কনিষ্ঠতম অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ ইচ্ছানুসৰি বিষয় বাছনি কৰাৰ সুযোগ দিয়াৰ বিপৰীতে জ্যেষ্ঠ শিক্ষাৰ্থীসকলে স্বাস্থ্য আৰু পৰিচ্ছন্নতা, জীৱনশৈলী আৰু পৰিৱেশ, কৃষি, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, পৰিৱেশ-অনুকূল সামগ্ৰী, যোগাযোগ, পৰিবহণ আৰু উদ্ভাৱন, গণনামূলক চিন্তা, নৱীকৰণযোগ্য শক্তি, ৰবটিক্স, মহাকাশ অন্বেষণ, পৰিৱেশৰ উদ্বেগ, গণিতৰ খেল, বাস্তৱ জীৱনত গণিত, মহান গণিতজ্ঞৰ জীৱন আৰু ফিল্ড মেডেল বিজয়ী আদিৰ দৰে বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ে। 


গৌহাটি বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক (দ্বিতীয় পৰ্যায়) ড০ হেমেন কুমাৰ কলিতা, গৌহাটি বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক বিজ্ঞান বিভাগৰ অধ্যাপক শ্ৰীপ্ৰাঞ্জল কুমাৰ বৰুৱা, জ্যেষ্ঠ উপাধ্যক্ষ শ্ৰী অনন্ত কলিতা আৰু মডাৰ্ণ ইংলিছ স্কুলৰ পিজিটি-জীৱবিজ্ঞান, লিপিকা তামুলীৰ উপস্থিতিত গঠিত বিশেষজ্ঞৰ এক বিশিষ্ট দলে সৃষ্টিশীলতা, মৌলিকতা, বৈজ্ঞানিক পদ্ধতি, কাৰিকৰী দক্ষতা, শৈক্ষিক মূল্য আৰু অন্যান্য মূল মাপকাঠীৰ ওপৰত ভিত্তি কৰি প্ৰকল্পসমূহৰ নিখুঁত মূল্যায়ন কৰে। 


কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা শ্ৰীমতী জোনালী দাসে অনুষ্ঠানটোৰ প্ৰতি উৎসাহ ব্যক্ত কৰি কয়, "আমাৰ শিক্ষাৰ্থীসকলে ব্যতিক্ৰমী সৃজনশীলতা প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনীখনে আমাৰ বিদ্যালয়ৰ এক প্ৰীতি উদ্ভাৱনীমূলক শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰতি থকা সমৰ্পণক মূৰ্ত কৰি তুলিছে।" 


কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ উপাধক্ষা আৰু বিজ্ঞান বিভাগৰ মুৰব্বী শ্ৰীমতী সুস্মিতা চন্দাই প্ৰদৰ্শনীৰ বিস্তৃত পৰিসৰৰ প্ৰশংসা কৰি কয়, "আমাৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা সৃজনশীলতা আৰু উদ্ভাৱনৰ স্তৰ সঁচাকৈয়ে লক্ষণীয়। এনে ধৰণৰ অনুষ্ঠানে বৈজ্ঞানিক ধাৰণাবোৰৰ বিষয়ে তেওঁলোকৰ বুজনক্ষমতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকক বাস্তৱ-পৃথিৱীৰ প্ৰয়োগ আৰু সমাধানৰ বিষয়ে সমালোচনামূলকভাৱে চিন্তা কৰিবলৈয়ো উৎসাহিত কৰে।" প্ৰদৰ্শনীখনে কেৱল শিক্ষাৰ্থীসকলৰ উৎসাহ আৰু জ্ঞানৰ গভীৰতাৰ ওপৰত আলোকপাত কৰাই নহয়, লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰিবলৈ উদ্ভাৱনীমূলক শিক্ষণ পৰিৱেশ প্ৰদান কৰাৰ বাবে মডাৰ্ণ ইংলিছ স্কুলৰ প্ৰতিশ্ৰুতিকো নিশ্চিতি প্ৰদান কৰে।সমগ্ৰ প্ৰস্তুতি প্ৰক্ৰিয়াটোত নিজৰ সন্তানক উৎসাহিত আৰু সমৰ্থন কৰি অভিভাৱকসকলেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু শিক্ষাৰ্থীসকলৰ শৈক্ষিক অভিজ্ঞতাক অধিক সমৃদ্ধ কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here