প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত সৰ্থেবাৰীত কৃতী শিক্ষাৰ্থীৰ সম্বৰ্দ্ধনা অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 May 2024

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত সৰ্থেবাৰীত কৃতী শিক্ষাৰ্থীৰ সম্বৰ্দ্ধনা অনুষ্ঠান


 

W7s news,সৰ্থেবাৰী; ২৮ মে’, ২০২৪: প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ সমূহ শিক্ষাৰ্থীক অনুপ্ৰেৰণামূলক সম্বৰ্দ্ধনা জনাবলৈ ২৭মে’ত সৰ্থেবাৰীত এক অনুষ্ঠানৰ আয়োজন কৰে৷ সৰ্থেবাৰীস্থিত সৰুক্ষেত্ৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত আয়োজিত এই অনুষ্ঠানত সৰ্থেবাৰীৰ অন্তৰ্গত কেইবাখনো বিদ্যালয় তথা মহাবিদ্যালয়ৰ প্ৰায় ৯০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়৷উক্ত অনুষ্ঠানত  বিশিষ্ট শিক্ষাবিদ  সোমনাথ তালুকদাৰ;  মনোৰঞ্জন বৰুৱা, অধ্যক্ষ, সৰুক্ষেত্ৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুল; বিশিষ্ট সাংবাদিক  হৰমোহন বৰ্মন; প্ৰাগ্‌জ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক অধ্যাপক যোগেশ কাকতি প্ৰমূখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ আটাইকেইগৰাকী ব্যক্তিয়ে উপস্থিত সমূহ শিক্ষাৰ্থীক শুভেচ্ছা প্ৰদানেৰে শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশ, সমাজৰ প্ৰতি দায়িত্ব তথা জীৱনবোধ সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ এই অনুষ্ঠানত সৰ্থেবাৰীস্থিত কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ সংগঠনৰ সদস্যবৃন্দৰ লগতে অভিভাৱকসকল উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here