W7s news,,বাৰ্দ্ধক্য আৰু শৈশৱৰ নিসংগতাৰ ৰংবোৰ আন্তঃসংলগ্ন হৈ থকা এক মৰ্মস্পৰ্শী আখ্যান 'ৰং নাম্বাৰ' । নিজৰ পুত্ৰ আৰু বোৱাৰীয়েকে এৰি থৈ যোৱাৰ পিছত জীৱন বাটৰ একমাত্ৰ সংগী পত্নীৰো মৃত্যু হোৱাত শূন্যতাৰ সৈতে যুঁজিছে বৃদ্ধগৰাকীয়ে ৷ আনপিনে, একেই একাকী জীৱন এটি কণমানিৰো। পিতৃ-মাতৃ কৰ্মক্ষেত্ৰলৈ ওলাই যোৱাৰ পিছত ফ্লেটৰ চাৰিবেৰৰ মাজত বন্দী এটি শৈশৱ। আমনিদায়ক সময়বোৰ পাৰ কৰিবলৈকে সি ডায়েল কৰে 'লেণ্ডলাইন ফোন'ত। তাৰ সংযোগ হয় 'অচিন ককা'ৰ সৈতে। বৃদ্ধৰ জীৱনলৈ উভতি আহে সঞ্জীৱনী। পঢ়াশালি গৰকিবৰ বয়স নোহোৱা কণমানিটিক বৃদ্ধই মুখস্থ কৰায় তেওঁৰ ফোন নম্বৰ। দুয়োৰে সময়বোৰে সেউজীয়া বৰণ লয়। কিন্তু এই সুহৃদয়তাৰ এনাজৰীডাল এদিন হঠাত চিঙি যায়। দুসপ্তাহে কণমানি নাতিৰ ফোন নহাত হাহাকাৰ কৰি উঠে বৃদ্ধৰ হৃদয়। টেলিফোন এক্সচেন্জৰ পৰা call list উলিয়াই সেই বিশেষ নম্বৰৰ ঠিকনা বিচাৰি যায় 'অচিন ককা' - অৱসৰপ্ৰাপ্ত শিক্ষক জন। কিন্তু দুসপ্তাহ পূৰ্বেই পৰিয়ালটোৱে সেই ঠিকনা সলায়। পুনৰ শূন্যতাই আৱৰি ধৰে বৃদ্ধক। থৰকবৰক খোজেৰে ঘৰলৈ ওভতাৰ বাটত তেওঁ কিনি লয় এডাল লাখুটি। গল্পকাৰ মাইনী মহন্তৰ এটা গল্পৰ আধাৰত নিৰ্মিত হৈছে ছুটি চবি 'ৰং নাম্বাৰ'। পৰিচালক হিচাপে বিজিত বৰগোহাঁইৰ এয়া আত্মপ্ৰকাশ। মূল চৰিত্ৰটোত সাৱলীল অভিনয় কৰিছে বাণী দাসে। কণমানিটোৰ চৰিত্ৰত সুন্দৰ 'ভয়চ অ'ভাৰ' দিছে উৎকৰ্ষ গগৈয়ে। এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে পাকিজা বেগমে। ছবিখনৰ প্ৰযোজনা ডঃ সঞ্জীৱ নাৰায়ণ, ডঃ অক্ষতা নাৰায়ণ আৰু দীপাংকৰ কাশ্যপৰ। ইতিমধ্যে ছুটি চবিখনে ৯টা ভিন ভিন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। ছবিখনৰ চিত্ৰনাট্য অভিজিৎ নায়কৰ। ডিঅ'পি পাপু ডেকা। ছবিখনৰ সম্পাদক ৰাতুল দত্ত। দ্বীজু বৰুৱাই সংগীতেৰে সজোৱা ছবিখনৰ যোৱা ২৪ মে'ত মহানগৰীৰ 'উডাৰা'ত এক বিশেষ প্ৰদৰ্শনী হৈ যায়।
Post Top Ad
Responsive Ads Here
Monday, 27 May 2024
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment