ইউ পি এছ চি ৰেংক হোল্ডাৰ মেজৰ অভিনন্দনৰ পৰিচালনাত গুৱাহাটীত চাণক্য আই এ এছ একাডেমীৰ কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 14 May 2024

ইউ পি এছ চি ৰেংক হোল্ডাৰ মেজৰ অভিনন্দনৰ পৰিচালনাত গুৱাহাটীত চাণক্য আই এ এছ একাডেমীৰ কৰ্মশালা


 

W7s news,,,গুৱাহাটী, ১৩ মে: কেন্দ্ৰীয় লোকসেৱা আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব বিচৰা শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ চাণক্য আই এ এছ একাডেমীৰ গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত 'ইউ পি এছ চি/এ পি এছ চিৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব’ শীৰ্ষক দুটি বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই শৈক্ষিক কৰ্মশালাখনিৰ পৰিচালনা কৰে চাণক্য একাডেমীৰ পৰা ২০২৩ বৰ্ষত ইউ পি এছ চি পৰীক্ষাত শীৰ্ষ স্থান প্ৰাপ্ত মেজৰ অভিনন্দনে। কটন বিশ্ববিদ্যালয় (১৩ মে’) আৰু চাণক্য আই এ এছ একাডেমী গুৱাহাটী কেন্দ্ৰত (১১ মে’) এই কৰ্মশালা দুখন অনুষ্ঠিত হয়। কৰ্মশালাখনিত মেজৰ অভিনন্দনে ইউ পি এছ চি আৰু এ পি এছ চিৰ উচ্চাকাংক্ষী শিক্ষাৰ্থীসকলৰ প্ৰশ্ন আৰু উদ্বেগ দূৰ কৰি এই বাধাসমূহ কিদৰে অতিক্ৰম কৰিব পাৰি, সেই বিষয়ে উপায় আৰু পদ্ধতি প্ৰদান কৰে। তেওঁ লগতে ২০২৩ বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাত তেওঁৰ সফলতাৰ যাত্ৰাও শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰে।মেজৰ অভিনন্দনৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালাখনি সন্দৰ্ভত মত ব্যক্ত কৰি কেন্দ্ৰৰ সঞ্চালক কৌৰংগ নয়নী চেতিয়াই কয়, ‘আমাৰ কেন্দ্রৰ ছাত্র-ছাত্রীসকলৰ বাবে তেওঁৰ বহুমূলীয়া সময় প্ৰদান কৰাৰ বাবে মেজৰ অভিনন্দনৰ ওচৰত আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁৰ উপস্থিতিয়ে সঁচাকৈয়ে শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে নিশ্চিতভাৱে আগন্তুক ইউ পি এছ চি আৰু এ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ শৈক্ষিক যাত্ৰাত সহায় কৰিব।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here